Remove ads
From Wikipedia, the free encyclopedia
ৰঙিয়া জংচন হৈছে বাৰাউনী-গুৱাহাটী ৰেলপথৰ নিউ বঙাইগাঁও-গুৱাহাটী শাখাত আৰু ৰঙিয়া-ৰঙাপাৰা-ডেকাৰগাঁও/মুৰ্কংচেলেক পথত থকা এটি জংচন ৰেলৱে ষ্টেচন। ই কামৰূপ জিলাৰ ৰঙিয়া মহকুমাত অৱস্থিত। ই ৰঙিয়া আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চল সমূহৰ মুখ্য ৰেলৱে ষ্টেচন।
ৰঙিয়া ভাৰতীয় ৰেলৰ জংচন ষ্টেচন | |
---|---|
ৰঙিয়া জংচন | |
ষ্টেচনৰ তথ্য | |
ঠিকনা | ৰঙিয়া, অসম অসম |
স্থানাংক | 26.4472°N 91.6056°E |
উচ্চতা | ৫৩ মিটাৰ (174 ফুট) |
লাইন | নিউ বঙাইগাঁও-গুৱাহাটী শাখা বাৰাউনী-গুৱাহাটী পথ ৰঙিয়া-ডেকাৰগাঁও/মুৰ্কংচেলেক পথ |
গঠনৰ প্ৰকাৰ | ভূমিৰ ওপৰত, মানক |
প্লে'টফৰ্ম | ৫ |
আন তথ্য | |
মুকলি | ১৯০৯ |
ষ্টেচন ক'ড | RNY |
মণ্ডল | উত্তৰ-পূব সীমান্ত ৰেলৱে |
ডিভিজন | ৰঙিয়া |
অধিকাৰিত্ব | ভাৰতীয় ৰেল |
ষ্টেচন স্থিতি | কাৰ্যক্ষম |
অৱস্থান | |
মূলতঃ ভাৰতীয় চাহ সংস্থাৰ হেঁচাত ১৯০২ চনত ইষ্টাৰ্ণ বেংগল ৰেলৱেৰ মিটাৰগ'জ কওনিয়া-ধাৰলা ৰেলপথ (বৰ্তমান বাংলাদেশৰ অন্তৰ্গত) অসমৰ ধুবুৰীলৈ সম্প্ৰসাৰণ কৰা হয়, যাতে অসমৰ চাহ সহজে কলকাতালৈ পৰিবহণ কৰিব পৰা যায়। ইষ্টাৰ্ণ বেংগল ৰেলৱে ভাৰতীয় উপ-মহাদেশৰ অন্যান্য ৰেল আৰু পথ জালিকাৰে সু-সংযোজিত হৈ আছিল।[1] ১৯০৮ চনত এই ৰেলপথচোৱা গোলোকগঞ্জৰ পৰা গুৱাহাটীৰ উত্তৰে অৱস্থিত আমিনগাঁওলৈ পুনঃ সম্প্ৰসাৰণ কৰা হয়। ইয়াৰ পৰা ফেৰীৰে ব্ৰহ্মপুত্ৰ নদ পাৰ হৈ পাণ্ডু ষ্টেচনত উজনী অসমলৈ যোৱা ট্ৰেইন ধৰিব লাগিছিল।[2][3] ১৯৬২ চনত শৰাইঘাট দলং নিৰ্মাণ হোৱাৰ পিছত ৰেলেৰে পোনে পোনে গুৱাহাটীলৈ যাব পৰা হ'ল।[4]
১৯১২ চনত ইষ্টাৰ্ণ বেংগল ৰেলৱেই ৰঙিয়াৰ পৰা টংলালৈ এটা শাখা ৰেলপথ নিৰ্মাণ কৰি উলিয়ায় আৰু ১৯৩২ চনত ইয়াক ৰঙাপাৰালৈ সম্প্ৰসাৰণ কৰা হয়।[5]
১৯৮৪ চনত নিউ বঙাইগাঁওৰ পৰা ৰঙিয়া হৈ গুৱাহাটীলৈ ব্ৰডগ'জ ৰেলপথ নিৰ্মাণ কৰা হয় আৰু পিছলৈ পৰ্যায়ক্ৰমে মিটাৰগ'জ ৰেলপথচোৱা ৰেল-কৰ্তৃপক্ষই বন্ধ কৰি দিয়ে।[6]
২০১১ চনৰ ১ চেপ্তেম্বৰৰ পৰা গজ পৰিবৰ্তনৰ কাম চলাৰ বাবে এই ৰঙিয়া-ৰঙাপাৰা-তেজপুৰ/মুৰ্কংচেলেক পথত যাত্ৰীবাহী ৰেলৰ চলাচল বন্ধ কৰি দিয়া হয়। ২০১৩ চনৰ ৪ জানুৱাৰীৰ পৰা ব্ৰডগজলৈ পৰিবৰ্তন হোৱা ৰঙিয়া-ৰঙাপৰা-ডেকাৰগাঁও ৰেলপথত যাত্ৰীবাহী ৰেল চলাচলৰ আৰম্ভণি হয়।[7]
ৰঙিয়াহৈ যোৱা নিউ বঙাইগাঁও-কামাখ্যা অংশৰ ৰেলপথৰ দ্বৈতকৰণ প্ৰকল্পটো ২০১৩-১৪ চনৰ ৰেল বাজেটত অনুমোদন জনোৱা হয়।[8]
ৰঙিয়া ৰেল ষ্টেচনত এটা দুখন বিছনাযুক্ত ৰিটায়াৰিং ৰূম আছে।[9]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.