ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়
From Wikipedia, the free encyclopedia
Remove ads
From Wikipedia, the free encyclopedia
ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী: Rangia Higher Secondary School) ৰঙিয়াত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন ১৯৩৬ চনত স্থাপিত হৈছিল। ই ৰঙিয়া চহৰৰ সোমাজত মহাত্মা গান্ধী পথত অৱস্থিত। এই বিদ্যালয়ত বৰ্তমান প্ৰায় ৬৭জন শিক্ষক-শিক্ষয়িত্ৰী আৰু ১২৮৬জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। আদি অৱস্থাত এই বিদ্যালয়খন কেৱল ল'ৰাৰ বাবে আছিল বাবে "ৰঙিয়া ল'ৰা হাইস্কুল" বুলিলে ইয়াকে বুজোৱা হয়।
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰঙিয়া | |
বিদ্যালয়ৰ মুখ্য দ্বাৰ বিদ্যাং দেহি সৰস্বতী | |
অৱস্থান | |
---|---|
ৰঙিয়া, অসম ভাৰত, ৭৮১৩৫৪, | |
স্থানাঙ্ক | 26°11′14″N 91°44′40″E |
প্ৰাথমিক তথ্যসমূহ | |
স্কু্লৰ প্ৰকাৰ | ৰাজহুৱা |
প্ৰতিষ্ঠাকাল | ১৯৩৬ চন |
বিদ্যালয়ৰ বিভাগ | কামৰূপ জিলা |
অধ্যক্ষ | দীপক কলিতা |
কৰ্মচাৰী | ৬৭ |
ছাত্ৰৰ সংখ্যা | ১২৮৬ |
Classes offered | ৬ ৰ পৰা ১২ লৈ |
মাধ্যম | অসমীয়া |
ভাষা | অসমীয়া |
কেম্পাছ | চহৰীয়া অঞ্চল |
অন্তৰ্ভূক্তিসমূহ | SEBA আৰু AHSEC |
ইয়াৰে শিক্ষাৰ মাধ্যম হৈছে অসমীয়া। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়। আনহাতে, দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত Higher Secondary School Leaving Certificate পৰীক্ষাত অৱতীৰ্ণ হয়।
১৯১৭ ইং চনৰ ৫ জানুৱাৰী তৰিখে ৰঙিয়াৰ কেইজনমান ব্যক্তিৰ প্ৰচেষ্টাত ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহেৰে ৺ লঘণুৰাম চৌধুৰীৰ নামেৰে লঘণুৰাম মাইনৰ স্কুল বুলি এখন মাইনৰ স্কুল স্থাপন হয়। উল্লেখযোগ্য যে ৺লঘণুৰাম চৌধুৰীদেৱে স্কুল খনৰ বাবে ১০০০ টকা দান দিছিল আৰু পৰিচালনা সমিতিৰো তেখেত সম্পাদক আছিল। ৺বিভৱ চন্দ্ৰ মজুমদাৰক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্ব দিয়া হৈছিল। কিন্তু তেওঁ উচ্চ শিক্ষাৰ্থে আন ঠাইলৈ গুচি যোৱাত ৺শান্তিৰাম লহকৰক প্ৰধান শিক্ষকৰ দায়িত্ব দিয়া হয়। স্বাধীনতা আন্দোলনত লহকৰদেৱে কাৰাবৰণ কৰিবলগীয়া হোৱাত প্ৰধান শিক্ষকৰ দায়িত্ব লাভ কৰে ৺গোপীকান্ত কলিতাদেৱে। ১৯২৫ চনত ৺মোহন চন্দ্ৰ চৌধুৰীদেৱে প্ৰধান শিক্ষকৰ পদত যোগদান কৰি মাইনৰ স্কুলখন হাইস্কুললৈ উন্নীত হোৱালৈ উক্ত পদত কাৰ্যনিৰ্বাহ কৰি থাকে।
১৯৩৬ চনত সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে মাইনৰ স্কুল খনক সুকীয়াকৈ হাইস্কুল আৰু হাইমাদ্ৰাছা লৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এইক্ষেত্ৰত ৺মোহন চন্দ্ৰ চৌধুৰী, ৺লক্ষ্মীৰাম চৌধুৰী আৰু ৺সিদ্ধীনাথ শৰ্মাৰ অৱদান আছিল উল্লেখযোগ্য। ৺মুক্তাৰাম কলিতা দেৱক প্ৰধান শিক্ষক হিচাপে লৈ হাইস্কুলত ১৯৩৬ ইং চনৰ ৩ মাৰ্চ তাৰিখে পাঠদান আৰম্ভ হয়; একে তাৰিখতে ৺নুৰুদ্দিন আহমেদৰ নেতৃত্বত হাইমাদ্ৰাছাতো শিক্ষাদান আৰম্ভ হয়। মাদ্ৰাছাখন বৰ্তমানৰ ঠাইতে আৰু হাইস্কুলখন চলোৱা হৈছিল তদানীন্তন বালিকা বিদ্যালয়ত। ১৯৩৭ চনত দুয়োখন বিদ্যালয় পুনৰ একত্ৰীকৰণ হোৱাত বিদ্যালয়খন ৰঙিয়াৰ প্ৰাইমাৰী মোক্তাবত চলোৱাৰ ব্যৱস্থা কৰা হয়। ৺চিদানন্দ ভট্টচাৰ্য্যৰ ঘৰটো কেইদিনমান বিদ্যালয়ৰ পাঠদানৰ ব্যৱস্থা কৰা হৈছিল। ৺লঘণুৰাম চৌধুৰীৰ পুত্ৰ ৺লক্ষ্মীৰাম চৌধুৰীয়ে বিদ্যালয়লৈ ২৫০০ টকাৰ অনুদান এটি আগবঢ়াইছিল যদিও দুৰ্ভাগ্যবশত: তেখেত মানসিক ভাৱে বিকাৰগ্ৰস্ত হোৱাত ভায়েকহঁতেও অনুদান দিবলৈ অপৰাগ হোৱাত বিদ্যালয়খনৰ নাম লঘণুৰাম হাইস্কুলৰ পৰিৱৰ্তে ৰঙিয়া হাইস্কুল ৰখা হয়।
Dhaka Board of Intermediate And Secondary Education ৰ নিৰ্দেশ মৰ্মে দুয়োখন বিদ্যালয়ৰ সুকীয়া মেনেজিং কমিটি, শিক্ষক তথা পুঁজিৰ ব্যৱস্থা নহ'লে হাইমাদ্ৰাছা শাখাক অনুমতি দিয়া নহ'ব বুলি কোৱা হ'ল। ফলত ১৯৪৫ চনৰ ১২ জুলাইত হাইমাদ্ৰাছাৰ বাবে সুকীয়া মেনেজিং কমিটিৰ গঠন কৰা হয় আৰু ১৯৪৭ চনত হাইমাদ্ৰাছাখন সুকীয়াকৈ গঢ়ি তোলা হয়। আনহাতে ১৯৪৮ চনৰ মে' মাহত মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ দেৱে হাইস্কুল খনৰ শুভ উদ্বোধন কৰে।
১৯৭৮ চনত প্ৰধান শিক্ষক ৺যোগেন্দ্ৰ নাথ কলিতা আৰু ৰঙিয়া পৌৰ সভাৰ দুই প্ৰাক্তন পৌৰপতি ৺দুৰ্গাদত্ত আগৰৱালা আৰু ৺নিকুঞ্জলাল চৌধুৰীৰ নেতৃত্বত চৰকাৰৰ লগত বহু যুঁজ-বাগৰ কৰি ৰঙিয়া হাইস্কুলত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা প্ৰৱৰ্তন কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত ১৯৮২ চনত কলা শাখাৰ প্ৰৱৰ্তন কৰা হয়। সম্প্ৰতি বিজ্ঞান, কলা শাখাৰ বাহিৰেও বাণিজ্য শাখাও খোলা হৈছে।
ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমান হাইস্কুলৰ ভাগটো ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ পাঁচটা শ্ৰেণীৰে গঠিত। প্ৰতিটো শ্ৰেণীৰে দুটাকৈ শাখা আছে। আনহাতে উচ্চতৰ মাধ্যমিকৰ ভাগটো কলা, বিজ্ঞান আৰু বাণিজ্য এই তিনিওটা শাখাৰে গঠিত। ৰঙিয়াৰ অতিব্যস্ত মহাত্মা গান্ধী পথত অৱস্থিত বিদ্যালয়খনৰ উত্তৰ দিশে এই পথটো, পূবে জৱাহৰলাল নেহৰু শিশু বিদ্যালয় আৰু পশ্চিম আৰু দক্ষিণে আৱাসিক অঞ্চল আছে। চৌহদৰ ভিতৰত ভালেমান গছ-গছনিৰ উপৰিও মৎস্য পালনৰ বাবে এটি পুখুৰীও আছে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.