অসমীয়া চলচ্চিত্ৰ (১৯৫৮) From Wikipedia, the free encyclopedia
ৰঙা পুলিচ (ইংৰাজী: Ronga Police) ১৯৫৮ চনৰ জানুৱাৰী মাহত মুক্তি লাভ কৰা বিংশতম অসমীয়া কথাছবি আৰু ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া কথাছবি। মিলিত শিল্পী চিনে প্ৰডাকচনচ প্ৰাইভেট লিমিটেডে প্ৰযোজনা কৰা এই ছবিখন পৰিচালনা কৰিছিল নিপ বৰুৱাই। ৰমেশ শৰ্মাৰ একে নামৰ মঞ্চনাট এখনৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল।[1]
ৰঙা পুলিচ | |
---|---|
ৰঙা পুলিচৰ এটা দৃশ্য | |
পৰিচালক | নিপ বৰুৱা |
ৰচনা | ৰমেশ শৰ্মা |
চিত্ৰনাট্য | নিপ বৰুৱা |
কাহিনী | ৰমেশ শৰ্মা |
প্ৰযোজক | মিলিত শিল্পী চিনে প্ৰডাকচনচ প্ৰাইভেট লিমিটেড |
অভিনয়ত | জ্ঞানদা কাকতি নিপ বৰুৱা আব্দুল মজিদ চৈয়দ আব্দুল মালিক |
চিত্ৰগ্ৰহণকাৰী | নলীন দুৱৰা |
সম্পাদনা | শ্যাম দাস |
সংগীত পৰিচালক | নিজাম |
প্ৰযোজনা কোম্পানীসমূহ |
মুভিটোন ষ্টুডিঅ', কলিকতা |
পৰিবেশক | আচকৰণ জালান, যোৰহাট |
মুক্তি |
জানুৱাৰী, ১৯৫৮ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বাজেট | ৮৭,০০০ টকা |
১৯৫৩ চনত যোৰহাটত 'মিলিত শিল্পী সমাজ' নামৰ নামৰ এটা সাংস্কৃতিক অনুষ্ঠান গঢ়ি উঠে। নাট্যাচাৰ্য্য ইন্দ্ৰেশ্বৰ বৰঠাকুৰে এই সমাজৰ গুৰি ধৰিছিল। সাধাৰণ সম্পাদক আছিল ভুবন ৰঞ্জন বৰঠাকুৰ আৰু সাংস্কৃতিক সম্পাদক আছিল আব্দুল মজিদ। অসমৰ কেবাগৰাকীও শিল্পী এই 'মিলিত শিল্পী সমাজ'ৰপৰাই ওলাই আহিছিল। 'মিলিত শিল্পী সমাজে' সেই বছৰ নিবেদন কৰিছিল ৰমেশ শৰ্মাই ৰচনা কৰা 'ৰঙা পুলিচ' নামৰ নাটখন। নাটখনৰ প্ৰদৰ্শনত উপস্থিত আছিল নিপ বৰুৱা আৰু ব্ৰজেন বৰুৱা। নাটখন চাই তেওঁলোকে সেইখন চলচ্চিত্ৰ ৰূপ দিবলৈ কয়। 'মিলিত শিল্পী সমাজে' চলচ্চিত্ৰ এখন নিৰ্মাণৰ বাবে ইতিমধ্যে সাজু হৈছিল। তেওঁলোকে চৈয়দ আব্দুল মালিকৰ 'মাটিৰ চাকি' নামৰ উপন্যাসখনক চিত্ৰৰূপ দিয়াৰ পৰিকল্পনা কৰিছিল। কিন্তু নিপ বৰুৱা আৰু ব্ৰজেন বৰুৱাই দিয়া পৰামৰ্শ অনুসৰি 'ৰঙা পুলিচ' নাটখনকে চলচ্চিত্ৰ ৰূপ দিবলৈ স্থিৰ কৰে।[1][2][3]
১৯৫৭ চনত 'মিলিত শিল্পী চিনে প্ৰডাক্চনচ্' নামেৰে কোম্পানী এটা ৰেজিষ্ট্ৰেচন কৰি ছবি নিৰ্মাণৰ বাবে নিপ বৰুৱাৰ হাততে দায়িত্ব অৰ্পণ কৰা হয়। 'মিলিত শিল্পী সমাজে' সমজুৱা ভাবে টকা সংগ্ৰহ কৰি ছবিখন নিৰ্মাণ কৰিছিল।[1]
এগৰাকী পত্নীহাৰা শিক্ষকৰ চাৰি গৰাকী সন্তান। ডাঙৰজন হাকিম, মাজুজন পুলিচৰ কনিষ্টবল, তাৰ তলত এজনী বিধবা ছোৱলী আৰু বেয়া পথত ভৰি দিয়া সৰু পুত্ৰ। মাজু পুত্ৰ ঘৰৰ বাহিৰত পুলিচ বেৰেকত থাকে, বাকী কেইজন থাকে একেটা পৰিয়ালত। সৰু পুত্ৰই বিভিন্ন সমস্যা সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। এদিন ডকাইতি কৰিবলৈ গৈ মানুহ এজনক হত্যা কৰ। পুৰস্কাৰ প্ৰাপ্ত কনিষ্টবল মাজু পুত্ৰই সৰু ভায়েকক গ্ৰেপ্তাৰ কৰিবলগীয়া হয়।[3][4]
১৯৫৮ চনৰ জানুৱাৰী মাহত 'ৰঙা পুলিচ' মুক্তি দিয়া হয়। 'মাদাৰ ইণ্ডিয়া' নামৰ ছবিখনৰ লগে লগে 'ৰঙা পুলিচ' মুক্তি দিয়া হৈছিল। ছবিখন প্ৰথমে যোৰহাটৰ আচকৰণ জালান নামৰ ব্যক্তি এজনে পৰিবেশন কৰিছিল। পাছলৈ নিপ বৰুৱাই কিছু বছৰ ধৰি ছবিখন চলাইছিল।[1]
ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া কথাছবি আছিল ৰঙা পুলিচ। ইয়াৰ আগতে ফণী শৰ্মা পৰিচালিত পিয়লী ফুকন (১৯৫৫), নিপ বৰুৱা পৰিচালিত মাক আৰু মৰম (১৯৫৭) আৰু তেজীমলা নামৰ ছবি তিনিখনে 'চাৰ্টিফিকেট অৱ মেৰিট' লাভ কৰিছিল।[3][1]
(তথ্যছকত উল্লেখ নথকা)
ৰঙা পুলিচৰ সংগীত পৰিচালক আছিল নিজামুদ্দিন আহমদ হাজৰিকা। নামটো চুটিকৈ 'নিজাম' বুলি ছবিত উল্লেখ আছে। গীতত কণ্ঠ দিছিল ৰাণু ভট্টাচাৰ্য (ফুকন) আৰু মুহিবুদ্দিন আহমদে (তগৰ)। গীতিকাৰ আছিল নুৰুল হক।[4]
গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | কন্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
1. | "ৰঙা পুলিচ আমি ৰঙা পুলিচ" | নুৰুল হক | মুহিবুদ্দিন আহমদ আৰু সহশিল্পী | |||||||
2. | "মলয়াৰ দোলনিতে সোণ ঘুমটি যায়" | নুৰুল হক | ৰাণু ভট্টাচাৰ্য (ফুকন) | |||||||
3. | "নাকান্দিবি আৰু মন, হেৰুৱাই বুকুৰে ধন" | নুৰুল হক | মুহিবুদ্দিন আহমদ আৰু সহশিল্পী | |||||||
4. | "হিয়াৰ মৰমখিনি মৰমতে দিয়া ঢালি" | নুৰুল হক | ৰাণু ভট্টাচাৰ্য (ফুকন) |
Seamless Wikipedia browsing. On steroids.