From Wikipedia, the free encyclopedia
হৰিজন সেৱক সংঘ হৈছে ১৯৩২ চনত মহাত্মা গান্ধীৰ দ্বাৰা গঠিত এটি অলাভজনক সামাজিক সংস্থা।[1] ই ভাৰতৰ অস্পৃশ্যতা দূৰীকৰণ, হৰিজন বা দলিত লোকসকলৰ বাবে তথা হতাশাগ্ৰস্ত সকলৰ উন্নতিৰ হকে কাম কৰে। দিল্লীৰ কিংচ্ৱে কেম্পত ইয়াৰ মুখ্য কাৰ্য্যালয় আৰু ভাৰতৰ ২৬খন ৰাজ্যত ইয়াৰ শাখা কাৰ্য্যালয় আছে।[2]
হৰিজন সেৱক সংঘ | |
---|---|
প্ৰতিষ্ঠা | ৩০ অক্টোবৰ, ১৯৩২ মুম্বাই, ভাৰত |
প্ৰধান কাৰ্যালয় | গান্ধী আশ্ৰম, কিংচ্ৱে, দিল্লী |
ৱেবছাইট | harijansevaksangh |
দ্বিতীয় ঘূৰণীয়া মেজমেলৰ পাছত বি আৰ আম্বেদকাৰৰ অনুৰোধত ব্ৰিটিছ চৰকাৰে হতাশাগ্ৰস্ত সকলক সাম্প্ৰদায়িক বঁটা দিবলৈ থিৰাং কৰে। গান্ধীয়ে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰে কাৰণ ই হিন্দু সমাজখনক বিভক্ত কৰিব বুলি তেওঁ আশংকা কৰিছিল। তেওঁ য়ৰবদা ফাটেকত অনিৰ্দিষ্ট কাললৈ অনশনত বহে আৰু ১৯৩২ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে আম্বেদকাৰৰ সৈতে পুনা চুক্তি ত চহী কৰি অনশন ভংগ কৰে। সমাজৰপৰা অস্পৃশ্যতা নিবাৰণৰ বাবে ৩০ ছেপ্টেম্বৰত গান্ধীয়ে অল ইণ্ডিয়া এণ্টি আনটাচেবিলিটি লীগ গঠন কৰে, যাক পিছলৈ হৰিজন সেৱক সংঘ নাম দিয়া হয়।[3] সেইসময়ত উদ্যোগপতি ঘনশ্যাম দাস বিৰলা এই সংঘৰ প্ৰতিষ্ঠাপক সভাপতি আৰু অমৃতলাল টক্কৰ সম্পাদক আছিল।[4]
সংঘই দলিত বৰ্গক মন্দিৰ, বিদ্যালয়, বাট-পথ, পানীৰ উৎস আদি সমজুৱা স্থানত প্ৰৱেশত সহায় কৰে আৰু আন্তঃ ভোজন আৰু বৰ্ণবৈষম্য মূলক বিবাহ আয়োজিত কৰে।[5] সমগ্ৰ দেশতে সংঘই বহুতো স্কুল আৰু ছাত্ৰাবাস নিৰ্মাণ কৰিছে।[6]
১৯৩৯ চনত, তামিলনাডুৰ হৰিজন সেৱক সংঘই উচ্চবৰ্গীয় হিন্দুৰ বাধা সত্ত্বেও দলিত বৰ্গৰ কিছু সদস্যক লৈ মীনাক্ষী আম্মা মন্দিৰত প্ৰৱেশ কৰে। দলিত বৰ্গৰ মাজত পি কক্কনো আছিল। আয়াৰৰ নেতৃত্বত সংঘই তামিলনাডুৰ অন্যান্য ঠাই আৰু ত্ৰভানকৰত অৱস্থিত মন্দিৰত প্ৰৱেশৰ বিভিন্ন আন্দোলন পৰিচালনা কৰিছিল।[7][8] তেওঁলোকৰ আন্দোলনৰ জৰিড়তে ১০০ত কৈও অধিক মন্দিৰৰ দুৱাৰ সমাজৰ সকলো স্তৰৰ লোকৰ বাবে খুলি দিয়া হৈছিল।[9]
অসমৰ যোৰহাট জিলাৰ সৰ্বাইবন্ধা নিবাসী দেশপ্ৰাণ কৃষ্ণনাথ শৰ্মাৰ ঘৰৰ নামঘৰো দলিত লোকসকলৰ বাবে খুলি দিয়া হৈছিল। মহাত্মা গান্ধীয়ে অসম ভ্ৰমণৰ সময়ত নিজে এই নামঘৰৰ দুৱাৰ মুকলি কৰিছিল। যোৰহাটৰ এটি ৰক্ষণশীল ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰা শৰ্মা ১৯২৬ চনত অসমত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পাণ্ডু মহাসভাৰ মূল আয়োজক আছিল। [10]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.