From Wikipedia, the free encyclopedia
হাইলাকান্দি (উচ্চাৰণ:ˈhaɪləˌkʌndi) অসমৰ হাইলাকান্দি জিলাৰ এখন চহৰ আৰু হাইলাকান্দি জিলাৰ সদৰ ঠাই। হাইলাকান্দি অসমৰ তিনিখন বঙালী ভাষী জিলাৰ ভিতৰত অন্যতম। ই বৰাক উপত্যকা সংমণ্ডলত অৱস্থিত। বাঙালী আৰু মেইতেই (মণিপুৰী) এই অঞ্চলৰ চৰকাৰী ভাষা।[2][3][4]
হাইলাকান্দি | |
---|---|
নগৰ | |
স্থানাংক: 24.68°N 92.57°E | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | হাইলাকান্দি জিলা |
জিলা গঠন | ১ অক্টোবৰ ১৯৮৯[1] |
চৰকাৰ | |
• পৰিচালনা | হাইলাকান্দি পৌৰসভা |
কালি | |
• মুঠ | 1,327 km2 (512 sq mi) |
উচ্চতা | 21 m (69 ft) |
জনসংখ্যা (2011) | |
• মুঠ | 6,59,260 |
• ঘনত্ব | 497/km2 (1,290/sq mi) |
হাইলাকান্দি নগৰ সমিতিৰ প্ৰথম অধ্যক্ষ মৌলৱী আব্দুল মাতলিব ডাঙৰীয়া ভাৰতৰ স্থানীয় প্ৰশাসনিক গোটৰ প্ৰথম ভাৰতীয় অধ্যক্ষ। ১৯৪৬ চনত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ পদত থাকোঁতে তেওঁ এই পদত অধিষ্ঠিত হৈছিল।
হাইলাকান্দি নামটোৰ সমন্ধে কেইবাটাও প্ৰবাদ আছে। কিছুমানৰ মতে বৰাক নদীৰ বানৰ পৰা বাচিবলৈ বন্ধা মঠাউৰিৰ স্থানীয় নাম "আইল" বা "হাইল" আৰু বড়ো-কছাৰী ভাষাৰ "কান্দি" অৰ্থাৎ কঠিয়া তলী, ধাননি পথাৰৰ পৰা "হাইলাকান্দি" নামৰ উৎপত্তি হৈছে। অন্য কিছুৰ মতে, জিলাখনৰ নামটো কুকি শব্দ "হালাম" অৰ্থাৎ সৰু ৰাজ্য, ক্ষেত্ৰ বা অঞ্চল আৰু "কুন্দিয়া" মানে হালোৱা তলীৰ পৰা আহিছে। আন এক প্ৰবাদ অনুসৰি ইয়াত প্ৰচুৰ পৰিমানে উৎপন্ন হোৱা শালি ধানৰ খেতিৰ প্ৰসংগ ধৰি "শাইল কান্দি" আৰু কালক্ৰমত ইয়াৰ পৰা হাইলাকান্দি হয়।
হাইলাকান্দিৰ অৱস্থান হ'ল 24.68°N 92.57°E।[5] ই বৰাক উপত্যকাৰ সোঁমাজত অৱস্থিত। ভৌগোলিক বাবে হাইলাকান্দি চাৰিওফালে পৰ্বতশ্ৰেণীৰ মাজৰ সমতল ভূমিত অৱস্থিত। ই ভাৰত আৰু দক্ষিণ পূব এছিয়াৰ মাজৰ সংস্কৃতিক সংযোগস্থলী।
হাইলাকান্দি পৌৰসভায়ে হাইলাকান্দি চহৰ পৰিচালনা কৰে। প্ৰশাসনৰ সুবিধাৰ বাবে চহৰ খনক ১৬টা ৱাৰ্ডত ভাগ কৰা হৈছে। হাইলাকান্দি হাইলাকান্দি বিধানসভা সমষ্টি আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত।[6]
২০১১ চনৰ লোকপিয়ল মতে হাইলাকান্দিৰ মুঠ জনসংখ্যা ৩৩,৬৩৭ জন। ইয়াৰে ১৬,৮৪৩ জন পুৰুষ আৰু ১৬,৭৯৪ গৰাকী মহিলা। ইয়াৰ মুঠ জনসংখ্যাৰ ৯.৮৪% অৰ্থাৎ ৩,৩০৯ জন ছয়বছৰৰ তলৰ শিশু। হাইলাকান্দিত লিংগ অনুপাত প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে ৯৯৭ গৰাকী মহিলা আছে। ইয়াৰ সাক্ষৰতা হাৰ ৯২.০৮%, তাৰে ৯৪.৬১% পুৰুষ আৰু ৮৯.৫৫% মহিলা সাক্ষৰ।[7]
হাইলাকান্দি জিলাত ইছলাম ধৰ্মালম্বী মানুহ সংখ্যাগৰিষ্ঠ হলেও হাইলাকান্দি চহৰত হিন্দু ধৰ্মাৱলম্বী মানুহ সংখ্যা গৰিষ্ঠ। ধৰ্ম ভিত্তিত হাইলাকান্দিৰ তালিকা হ'ল:
হাইলাকান্দিত ধৰ্ম (২০১১) | ||||
---|---|---|---|---|
ধৰ্ম | শতাংশ | |||
হিন্দু ধৰ্ম | ৬৭.২৬% | |||
ইছলাম ধৰ্ম | ৩১.৭৭% | |||
খ্ৰীষ্টান ধৰ্ম | ০.২৩% | |||
বৌদ্ধ ধৰ্ম | ০.০১% | |||
জৈন ধৰ্ম | ০.০২% | |||
শিখ ধৰ্ম | ০.০৩% | |||
অন্যান্য | ০.৫৫% | |||
অস্বীকাৰ কৰে | ০.১৩% |
অসমৰ ৰাজ্যভাষা অসমীয়া আৰু ইংৰাজী হলেও বঙালী ভাষাক বৰাক উপত্যকাৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে। এই অঞ্চলৰ বেছিভাগ লোকে ছিলঠীয়া ভাষা কয়। ইয়াৰ লগতে বিভিন্ন স্থানীয় জনগোষ্ঠী সমূহে নিজৰ ভাষা কয়। এই অঞ্চলত অসমীয়া ভাষী লোকৰ সংখ্যা কম।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.