From Wikipedia, the free encyclopedia
সৰু ক'লা শংখচূড় সাপ (বৈজ্ঞানিক নাম:Bungarus lividus) বা লেছাৰ ব্লেক ক্ৰেইট ভাৰত, বাংলাদেশ আৰু নেপালত পোৱা ইলাপিডি (Elapidae) পৰিয়ালৰ অন্তৰ্গত এবিধ বিষধৰ সাপৰ প্ৰজাতি।[2][3][4] এই সাপবিধৰ বৈজ্ঞানিক নামৰ নিৰ্দিষ্ট উপাংশটো লেটিন “লিভিডাছ” (lividus) শব্দৰ পৰা আহৰণ কৰা হৈছে, যাৰ অৰ্থ হৈছে “নীলা ধাতৱ ৰং” বা “সীহৰ ৰং”, সাপবিধৰ দেহৰ বৰণটোক বুজায়।
সৰু ক'লা শংখচূড় সাপ | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
সাম্ৰাজ্য: | Eukaryota |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Reptilia |
বৰ্গ: | Squamata |
উপবৰ্গ: | Serpentes |
পৰিয়াল: | Elapidae |
গণ: | Bungarus |
প্ৰজাতি: | B. lividus |
বৈজ্ঞানিক নাম | |
Bungarus lividus কেণ্টৰ, ১৮৩৯ | |
সৰু ক'লা শংখচূড় সাপৰ বিতৰণ |
সৰু ক'লা শংখচূড় সাপ এবিধ যথেষ্ট সৰু আকাৰৰ সাপ। শৰীৰ মসৃণ আৰু ক’লাৰ পৰা নীলা-ক’লা ৰঙৰ। ওপৰৰ ওঁঠটো বগা বৰণৰ। পেটৰ বাকলিবোৰ বগা আৰু ধূসৰ। চকু দুটা সৰু, ক’লা আৰু চকুৰ মণি ঘূৰণীয়া। চকু দুটা থুঁতৰিৰ বেছি ওচৰত থাকে। পিঠিৰ বাকলিবোৰ মিহি আৰু আকাৰত সৰু।[5]
সৰু ক'লা শংখচূড় সাপ ভাৰত (উত্তৰ বংগ, উত্তৰ-পূব ভাৰত), বাংলাদেশ আৰু নেপালত পোৱা যায়।[6] ই অসমৰ এবিধ স্থানীয় সাপ।
সৰু ক'লা শংখচূড় সাপ মূলতঃ এবিধ সৰ্পভক্ষী (ophiophagous), অৰ্থাৎ ই অন্য সাপ চিকাৰ কৰে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.