স্বদেশী আন্দোলন (ইংৰাজী: Swadeshi Movement) আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা পৰ্যায় বা অংশ। এই আন্দোলনে ভাৰতীয়সকলৰ মাজত ৰাষ্ট্ৰীয়তাবাদী আৱেগ একত্ৰিত কৰিছিল।[1] ১৯০৫ চনৰ বংগ বিভাজনৰ পাছতেই, ১৯০৫ চনৰ ৭ আগষ্ট তাৰিখে কলিকতাৰ টাউন হলৰ পৰা স্বদেশী আন্দোলন আৰম্ভ হৈছিল। এই আন্দোলনৰ উদ্দেশ্য আছিল বিদেশী বস্তু-সামগ্ৰী বয়কট (দমন) কৰি স্বদেশী উৎপাদনত আত্মনিয়োগ কৰা আৰু নিৰ্ভৰশীল হোৱা।[2]মহাত্মা গান্ধীয়ে স্বদেশী আন্দোলনক স্বৰাজৰ আত্মা হিচাপে গণ্য কৰিছে। আন্দোলনটোৱে এসময়ত ব্যাপক ৰূপ ধাৰণ কৰিছিল আৰু এই ব্যাপকতাক এমুঠি প্ৰতিপত্তিশালী ভাৰতীয়ইও ধন আৰু ভূমিদানৰ জৰিয়তে সমৃদ্ধ কৰিছিল। খাদী আৰু গ্ৰামোদ্যোগ সমাজলৈ উছৰ্গা কৰি সেই ভূমি আগবঢ়োৱা হৈছিল। ইয়াৰ ফলত প্ৰায় প্ৰতিঘৰতেই নিজাকৈ বস্ত্ৰ উৎপাদন আৰম্ভ হৈছিল। গ্ৰামাঞ্চলৰ উদ্যোগসমূহো আত্মনিৰ্ভৰশীল হৈ পৰিছিল।[3] ভাৰতীয় জাতীয় কংগ্ৰেছে এই আন্দোলনটোক মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবাসীক স্বাধীনতাৰ সোৱাদ দিছিল। সেইদিনা এখন হাতেৰে বোৱা অশোক চক্ৰ সম্বলিত খাদী ত্ৰিৰংগা পতাকা পণ্ডিত জৱাহৰলাল নেহৰুৱে নতুন দিল্লীৰ ইণ্ডিয়া গেটৰ 'প্ৰিঞ্চেছ পাৰ্ক'ত উৰুৱাইছিল।[4]
ব্যুৎপত্তি
'স্বদেশী' (Swadeshi) হৈছে 'স্ব' (নিজা, নিজে, self) আৰু 'দেশ' (ৰাষ্ট্ৰ, Nation) নামৰ সংস্কৃত শব্দ দুটাৰ সমষ্টি। আনহাতে 'স্বদেশ' হৈছে এটা বিশেষণ যাৰ অৰ্থ- "নিজৰ দেশৰ" (of one's own country)৷[5]
সময়ৰেখা
স্বদেশী আন্দোলনক ভাৰতৰ বস্ত্ৰ উৎপাদন হিচাপে চিহ্নিত কৰা হৈছে।
- ১৮৫০–১৯০৪: দাদাভাই নৌৰজী, গোপাল কৃষ্ণ গোখলে, মহাদেৱ গোবিন্দ ৰাণাডে, বাল গঙ্গাধৰ তিলক, গণেশ ভেংকটেশ যোশী, আৰু ভাস্বত কে. নিগণিয়ে ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ প্ৰসাৰ কৰিবলৈ প্ৰচেষ্টা হাতত লৈছিল। (প্ৰথমটো স্বদেশী আন্দোলন)[6]
- ১৮৭১-১৮৭২: নামধাৰী শিখসকলে পঞ্জাবৰ ইংৰাজী বস্ত্ৰ বয়কট কৰে। ৰাম সিং কুকায়ে ইংৰাজী বস্ত্ৰ, শিক্ষা আৰু ন্যায়ালয় বয়কট কৰি হাতেবোৱা খদ্দৰ, মাতৃভাষাৰ শিক্ষা আৰু খাপ পঞ্চায়তৰ পোষকতা কৰে।[7][8][9][10]
- ১৯০৫–১৯১৭: আন্দোলনটোৱে ১৯০৫ চনৰ বংগ বিভাজনৰ বিৰোধিতা কৰে। এই বিভাজনৰ আদেশ দিছিল লৰ্ড কাৰ্জনে।[6] স্থানীয় ক্লাবত থকা বিদ্ৰোহী গোটসমূহৰ সংখ্যা বাঢ়িছিল। অনুশীলন সমিতি আৰু যুগান্তৰ দলে সামৰিক বিদ্ৰোহৰ সূচনা কৰিছিল আৰু নিষ্ঠুৰ প্ৰশাসকৰ হত্যাকাণ্ড সংঘটিত কৰিবলৈ প্ৰয়াস কৰিছিল।
- ১৯১৮–১৯৪৭: মহাত্মা গান্ধীৰ নেতৃত্বত এই আন্দোলনে অধিক প্ৰসাৰ আৰু জনসমৰ্থন লাভ কৰে। ১৯২১ চনৰ ৩১ জুলাই তাৰিখে মুম্বাইস্থিত পাৰেলত এলপিনষ্টন মিল চৌহদত মহাত্মা গান্ধীয়ে ১৫০,০০০ ইংৰাজী বস্ত্ৰ জ্বলাই দি বিদেশী সামগ্ৰী বৰ্জন কৰিবলৈ সংকল্পবদ্ধ হয়।[11] মহাত্মা গান্ধীয়ে সমগ্ৰ দেশজুৰি খাদী কেন্দ্ৰ গঢ়ি তুলিবলৈ উদ্যোগ লয়।[12] ভাৰতীয়সকলে ব্ৰিটিছৰ সা-সামগ্ৰী বৰ্জন কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া হৈ পৰে অতি প্ৰভাৱশালী আৰু ব্ৰিটিছৰ বিক্ৰী প্ৰায় ২০% পৰ্যন্ত হ্ৰাস পায়। লাল-বাল-পাল ত্ৰিমূৰ্তিয়েও বহুকেইখন সমিতিৰ আয়োজন কৰে। বাল গঙ্গাধৰ তিলকে গণেশ উৎসৱৰ জৰিয়তে স্বদেশী সামগ্ৰী (মাটিৰ পৰা মিঠাইলৈকে) ব্যৱহাৰ কৰাৰ উদ্দেশ্যটো জনপ্ৰিয় কৰি তোলে। স্বদেশী আন্দোলনৰ আন এজন গুৰুত্বপূৰ্ণ নেতা হৈছে টুটিকড়িনৰ ভি.অ'. চিদাম্বৰম পিল্লাই। পিল্লাইয়ে ব্ৰিটিছ ইণ্ডিয়াৰ ষ্টিম নেভিগেছ্যন কোম্পানীটোক ভাৰতীয়-অধীন জাহাজ কোম্পানীলৈ ৰূপান্তৰিত কৰে আৰু ১৯০৬ চনৰ অক্টোবৰ মাহত ইয়াৰ নাম "স্বদেশী শ্বিপিং কোম্পানী" কৰি তোলে।[13]
তথ্যসূত্ৰ
Wikiwand in your browser!
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.