অসমৰ এক সামাজিক তথা ধৰ্মীয় অনুষ্ঠান From Wikipedia, the free encyclopedia
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ হৈছে অসমৰ এটা বেচৰকাৰী সামাজিক তথা ধাৰ্মিক অনুষ্ঠান। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ, সৃষ্টিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই হৈছে এই অনুষ্ঠানৰ মূল উদ্দেশ্য। সঙ্ঘৰ নিজা সংবিধান আৰু মহাপুৰুষ জনাৰ জন্মৰ পৰা গণনা কৰা শঙ্কৰাব্দ নামৰ দিনপঞ্জী আছে। মহাপুৰুষ জনাই দেখুৱাই যোৱা এক শৰণ নামধৰ্মক ভৱিষ্যতলৈ আগুৱাই নিয়াৰ মানসেৰে ১৯৩০ চনত ইয়াক স্থাপিত কৰা হৈছিল।[1] শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বাৰ্ষিক অধিবেশন প্ৰত্যেক বছৰে অসমৰ একো একোখন জিলাত অনুষ্ঠিত কৰা হয়। এই অধিৱেশনত প্ৰতি বছৰে প্ৰায় ৪০ লক্ষৰো অধিক লোকৰ সমাগম হয়।
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ | |
---|---|
ধৰণ | ধৰ্মীয়, সামাজিক-সাংস্কৃতিক, অ-লাভকাৰী অনুষ্ঠান |
প্ৰধান কাৰ্যালয় | নগাঁও |
অঞ্চল | সমগ্ৰ অসম আৰু অৰুণাচল প্ৰদেশ, মেঘালয় আৰু পশ্চিম বংগ, লগতে দিল্লীৰ কিছু অংশ |
আনুষ্ঠানিক ভাষা | অসমীয়া |
পদাধিকাৰ | ভবেন্দ্ৰ নাথ ডেকা |
জিলা | ৫২ |
ৱেবছাইট | srimantasankardevsangha |
মহাপুৰুষীয়া মাৰ্গৰ বৈশিষ্ট্যসমূহ হৈছে[2]
প্ৰাকশঙ্কৰ অসমত ভিন্ন ধৰ্ম আৰু দেৱ-দেৱীৰ অৱস্থিতিয়ে সমাজক সমাজত বিভাজনৰ সৃষ্টি কৰিছিল বুলি নৱবৈষ্ণৱ সকলে বিশ্বাস কৰিছিল কিন্তু এইটো একেবাৰে অসত্য। দেৱ-দেৱীৰ উদ্দেশ্যে জীৱ-জন্তুৰ লগতে নৰবলি প্ৰথা প্ৰচলিত আছিল। ইয়াৰ বিৰোধিতা নৱবৈষ্ণৱসকলে কৰিছিল আৰু তেঁওলোকে এই নিতি সমূহে সমাজখন প্ৰদূষিত কৰিছিল বুলি ভাবিছিল।[2]
শঙ্কৰদেৱৰ প্ৰয়াণৰ কিছুবছৰ পিছত শঙ্কৰদেৱৰ দ্বাৰা প্ৰচাৰিত মতত বিভাজনৰ সৃষ্টি হয়। মুকুণ্ড গোঁসাই নামৰ এজনে শঙ্কৰদেৱ-মাধৱদেৱৰ পৰা ফালৰি কাটি স্বকীয় মত প্ৰচাৰ কৰিবলৈ ধৰে।[2]তেওঁলোকে চৈতন্য-পন্থী-ব্ৰাহ্মণ-পণ্ডিতসকলৰ সহযোগত চৰিত পুথি ৰচনা কৰাই ভক্তি ধৰ্মৰ পৃথক শাখা খুলে যাক নৱবৈষ্ণৱসকলে তেঁওলোকৰ ইতিহাস বিকৃত কৰা বুলি ধৰে।[2] ড॰ মহেশ্বৰ নেওগে এনে চৰিত পুথিক 'গ্লানিকৰ চৰিত' আখ্যা দিয়ে।[3] ড॰ সত্যেন্দ্ৰনাথ শৰ্মাৰ এই প্ৰসংগত মন্তব্য-
সন্ত-নিৰ্ণয়,সন্ত-চৰিত, সৎ-সম্প্ৰদায় কথা আদি গ্ৰন্থ ছদ্মনামত সম্প্ৰদায়-বিভেদকাৰী লেখকে ৰচনা কৰা যেন লাগে। অসমৰ বৈষ্ণৱ ধৰ্মক চৈতন্যদেৱৰ লগত জড়িত কৰি দি, শঙ্কৰদেৱ আৰু মাধৱদেৱক হেয় কৰাৰ প্ৰচেষ্টাও গ্ৰন্থকেইখনত লক্ষ্য কৰা যায়। সম্ভৱত শঙ্কৰদেৱ, মাধৱদেৱ আৰু দামোদৰদেৱ আদিৰ তিৰোধানৰ পাছত যেতিয়া বৈষ্ণৱ সম্প্ৰদায় দ্বিধাবিভক্ত হʼল, তেতিয়া সপ্তদশ শতিকাৰ শেষৰ ফালে অথবা অষ্টাদশ শতিকাৰ আৰম্ভত এনেবোৰ সংকীৰ্ণ সাম্প্ৰদায়িক দৃষ্টি-দুষ্ট গ্ৰন্থ ৰচিত হ'বলৈ ধৰে।
অসমৰ ভক্তি ধৰ্মৰ ইতিহাস অসত্যৰ ভেটিত ৰচিবলৈ ন্যস্তস্বাৰ্থমহলে ধাৰাবাহিকভাৱে চলোৱা অপচেষ্টাৰ বিৰুদ্ধে গঢ়ি উঠে পৰম্পৰাবাদী আন্দোলন যাৰ গুৰি ধৰিছিল ৰজনীকান্ত বৰদলৈয়েই।[2] তেওঁ শঙ্কৰদেৱ-মাধৱদেৱ আদি বৈষ্ণৱ সন্তসকলকচৰিত পুথিৰ পৃষ্ঠাৰ ভিতৰৰ পৰা উলিয়াই ভকত-বৈষ্ণৱৰ আগত দাঙি ধৰে আৰু শঙ্কৰদেৱক সৰ্বভাৰতীয় প্ৰতিষ্ঠা দিবলৈ যত্ন কৰে।[2]১৯২০ চনৰ পৰা বৰদলৈৰ সম্পাদনাত প্ৰকাশিত আলোচনী প্ৰদীপিকাৰ যোগেদি কেইবাজনো শাস্ত্ৰনিষ্ঠ ব্যক্তিৰ আবিৰ্ভাৱ ঘটে। ১৯০৯ খ্ৰীষ্টাব্দত লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত প্ৰকাশিত মাহেকীয়া আলোচনী বাঁহীত সনাতন ধৰ্ম সম্পৰ্কে বিভ্ৰান্তিকৰ মত প্ৰকাশ হৈছিল। এইবোৰ ইতিহাস বিৰুদ্ধ কথাৰ বিৰুদ্ধে ৰজনীকান্ত বৰদলৈয়ে তেখেতৰ অসম প্ৰদীপিকাৰ যোগেদি প্ৰতিবাদ জনাইছিল। শাস্ত্ৰনিষ্ঠ যুক্তি-নিৰ্ভৰ প্ৰত্যাক্ৰমণত বাঁহী পক্ষ নীৰস্ত হ'বলৈ বাধ্য হয়।[2]
১৯৩০ চনৰ আগত মহাত্মা গান্ধীৰ অসম আগমণে সমগ্ৰ অসমত স্বাধীনতা সংগ্ৰামৰ জোৱাৰ তোলে। গান্ধীৰ বক্তৃতাই ৰাজনৈতিক বন্ধনৰ পৰা মুক্তিৰ প্ৰেৰণাৰ লগতে পৰোক্ষভাৱে নব্য শঙ্কৰদেৱ আন্দোলনকো উৎসাহিত কৰিছিল। এই আন্দোলনৰ দুগৰাকী কাণ্ডাৰী হলধৰ ভূঞা আৰু ৰমাকান্ত মুক্তিয়াৰ আতা স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় অংশগ্ৰহণকাৰী আছিল।[2]১৯০৯-১০ চনৰ পৰা গোলাঘাটৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰায়চাহাব ঘনশ্যাম বৰুৱাই নিজৰ চʼৰাতে প্ৰতি ৰবিবাৰে শঙ্কৰদেৱৰ ধৰ্মৰ বিশ্বজনীনতা,সাম্য-মৈত্ৰী-ভাৱ আৰু সৰলতাৰ বিষয়ে চৰ্চা কৰা এক ধৰ্মালোচনা চক্ৰ অনুষ্ঠিত কৰিছিল।ইয়াত কাষৰীয়া গাঁৱৰ লোকসকলৰ লগতে গোপীকাবল্লভ গোস্বামীও আহিছিল।এই আলোচনা চক্ৰখন ১৯২৩ চনলৈকে চলাইছিল।[2]
ৰমাকান্ত মুক্তিয়াৰ আতাই দিচিয়াল সত্ৰৰ অধিকাৰ জয়কান্ত মহন্তৰ লগ লাগি বাৰপূজীয়া, পাঘালি, বামুনবড়ী, সোণাৰুগুৰি,পলাশৰগুৰি, নিজ মিকিৰগাঁও, হাবি বৰঙাবাৰী আদি গাঁওসমূহত মহাপুৰুষীয়া ধৰ্মৰ শুদ্ধ মতাদৰ্শ প্ৰচাৰ কৰি ফুৰিছিল। ফলশ্ৰুতিত ১৯২৪ চনত বাৰপূজীয়া অঞ্চলত 'ধৰ্মালোচনী সভা' অনুষ্ঠানৰ জন্ম যি পিছলৈ 'প্ৰাৰ্থনা সভা' হয়।[2] কলিয়াবৰত ১৯২৩ চনত জন্ম হোৱা 'সনাতন ধৰ্ম সভা'য়ো মহাপুৰুষীয়া শাস্ত্ৰৰ প্ৰচাৰ-চৰ্চা কৰে।[2]১৯১৮ চনত পলাশনিত ইয়াৰ নিকটবৰ্তী ঔৱনা, লটাইমাৰী, কৰৈয়নি, কঢ়ালি, পানীগাঁও, হালোৱাগাঁও,তেলিয়াপহুকটা,ডিফলু আদি গাঁৱৰ লোকসকল লগ হৈ জন্ম দিয়া 'জ্ঞানমালিনী সভা'ৰ নাম ১৯২৪ চনত 'ধৰ্মালোচনী সভা' কৰা হয়।[2]এই সভাৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত হৈ ৰমাকান্ত মুক্তিয়াৰ আতাই শাস্ত্ৰৰ ব্যাখ্যা আৰু মহাপুৰুষীয়া মতাদৰ্শ দাঙি ধৰিছিল।এই সভাৰ কলেবৰ দিনে দিনে বৃদ্ধি পাই আহিছিল।১৯৩০ চনৰ কোনোবা এদিনাখন মুক্তিয়াৰ আতাই প্ৰস্তাৱ উত্থাপন কৰে যে সভাখনৰ নাম শঙ্কৰদেৱ-মাধৱদেৱ মহাপুৰুষ দুজনাৰ লগত জড়িত কৰিব লাগে। ৰাইজে ইতিবাচক সঁহাৰি জনোৱাত, মুক্তিয়াৰ আতাই ঘোষণা কৰি দিলে - " আজিৰ পৰা 'ধৰ্মালোচনী সভা'ৰ নাম 'শঙ্কৰ সঙ্ঘ' হ'ল।"এনেদৰে উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয়-সামাজিক-সাংস্কৃতিক অৰাজনৈতিক অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ জন্ম হৈছিল।[2]
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ সকল হৈছে
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উপ পদাধিকাৰ সকল হৈছে[2]
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদকসকল হ'ল[2]-
১৯৩১ চনত স্থাপন হোৱা অসম শঙ্কৰ মিশ্যন হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটি অনুষ্ঠান।[6]এই মিশ্যনৰ প্ৰতিষ্ঠাতা আছিল ৰমাকান্ত মুক্তিয়াৰ আতা আৰু হলধৰ ভূঞা।[7][8] ১৯৩০ চনত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ প্ৰতিষ্ঠা হোৱাৰ পিছত ৰমাকান্ত মুক্তিয়াৰ আতাই হৰিনাম ধৰ্ম প্ৰচাৰৰ লগে লগে শঙ্কৰদেৱৰ গীত-বাদ্য-নৃত্য, ভাওনা আদিৰ প্ৰশিক্ষণৰ বাবে এটি কেন্দ্ৰৰ উপলব্ধি কৰিছিল। তাৰেই ফলস্বৰূপে জন্ম হৈছিল অসম শংকৰ মিশ্যন।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱাবাহিনী হ’ল সংঘৰ যুৱপ্ৰজন্মক একগোট কৰা এক অনুষ্ঠান। শংকৰদেৱৰ ধৰ্ম, আদৰ্শ তথা সাহিত্য-সংস্কৃতিৰ পথেৰে যুৱপ্ৰজন্মক আগুৱাই নিয়াৰ উদ্দেশ্যে যুৱসমাজক একত্ৰিত কৰাৰ হেতু সংঘই এই ব্যৱস্থা হাতত ল’লে। এই যুৱ জাগৰণিৰ উদ্দেশ্যে ১৯৯৪ চনত প্ৰথমবাৰৰ বাবে যোৰহাটত যুৱ সমাৰোহ আয়োজন কৰা হয়। ১৯৯৫ চনত কলিয়াবৰত আৰু ১৯৯৬ চনত গুৱাহাটীত এই সমাৰোহ অনুষ্ঠিত হোৱাৰ পিছত ১৯৯৭ চনত ছিপাঝাৰত অনুষ্ঠিত সমাৰোহত ৮ অক্টোবৰৰ সন্ধিয়া পদাধিকাৰ কৰুণাকান্ত কলিতাৰ সঞ্চালনাত, প্ৰধান সম্পাদক হৰিপ্ৰসাদ হাজৰিকাই আঁত ধৰা যুৱক-যুৱতীৰ সাধাৰণ পৰিষদত যুৱক-যুৱতীৰ এই সংগঠনক সেৱাবাহিনী নামেৰে নামকৰণ কৰা হয়। চাৰিতৰপীয়া ব্যৱস্থাৰে ১২ বছৰৰ পৰা ৩৫ বছৰ বয়সৰ সংঘৰ সকলো যুৱক-যুৱতীক লৈ সেৱাবাহিনী গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। পদাধিকাৰ শ্ৰীযুত কৰুণাকান্ত কলিতা বাপ, প্ৰধান সম্পাদক হৰিপ্ৰসাদ হাজৰিকাৰ প্ৰচেষ্টা আৰু বাবুল বৰা, ৰামকৃষ্ণ পাটগিৰি, ৰবীন গগৈ, ৰঞ্জিত শইকীয়া, মুনিন্দ্ৰ মহন্ত আদিৰ সহযোগত সেৱাবাহিনীৰ প্ৰসাৰ কৰা হয়। এই প্ৰচাৰ অভিযানৰ ফলস্বৰূপেই বৰ্তমান সংঘৰ প্ৰতিখন জিলা,আঞ্চলিক তথা প্ৰাথমিকত সেৱাবাহিনীৰ গোট গঠিত হৈছে। প্ৰতিটো সেৱাবাহিনীৰ গোটেই একো-একোজন অধিনায়কৰ নেতৃত্বত সুচাৰুৰূপে চলি আছে। শংকৰদেৱৰ সৃষ্টিৰাজিৰ প্ৰচাৰ-প্ৰসাৰ সাধনত আত্মনিয়োগ কৰা সেৱাবাহিনীয়ে ইয়াৰ উপৰিও সমাজৰ বিভিন্ন ইতিবাচক কামত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।[উদ্ধৃতিৰ প্ৰয়োজন] তাৰে কিছুমান হ’ল –
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত গুৰুজনাৰ নামত শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছে। বৰ্তমান নগাঁও চহৰত অৱস্থিত সংঘৰ মূল কাৰ্য্যালয় চৌহদত আৰু গুৱাহাটীৰ ৰূপনগৰত এই বিশ্ববিদ্যালয়খন অস্থায়ী ভাৱে পৰিচালিত হৈ আহিছে। বৰ্তমান ১৩টা বিভাগত পাঠদান কৰি থকা হৈছে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.