ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন চহৰ From Wikipedia, the free encyclopedia
শিৰডী ( pronunciation (সহায়·তথ্য), মাৰাঠী ভাষাত: शिर्डी) ভাৰতৰ মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ এখন চহৰ আৰু শিৰডী নগৰ পঞ্চায়ত নামেৰে জনাজাত নগৰ পৰিষদাধীন। আহমেদনগৰ-মন্মদ ৰাজ্যিক ঘাইপথ ১০এৰে শিৰডীলৈ যাব পৰা যায়, আহমেদনগৰৰপৰা ৮৩ কিলোমিটাৰ আৰু ক'পাৰগাওঁৰপৰা ১৫ কিলোমিটাৰ। শিৰডী গুৰু শিৰডীৰ সাই বাবাৰ ১৯ শতিকাৰ বাসস্থল হিচাপে বিখ্যাত।[1]
শিৰডী
शिर्डी साईनगर | |
---|---|
নগৰ | |
দেশ | ভাৰত |
ৰাজ্য | মহাৰাষ্ট্ৰ |
জিলা | আহমেদনগৰ |
উচ্চতা | ৫০৪ মিটাৰ (১,৬৫৪ ফুট) |
জনসংখ্যা (২০১১) | |
• মুঠ |
৩৬০০৪ |
২০১১ৰ লোকপিয়লানুসৰি শিৰডীৰ জনসংখ্যা ৩৬০০৪। ৫৩% পুৰুষ আৰু ৪৭% মহিলা। শিৰডীৰ সাক্ষৰতাৰ হাৰ ৭০য% যি ৰাষ্ট্ৰীয় ৫৯.৫ শতাংশৰ হাৰতকৈ অধিক। ৭৬% পুৰুষ সাক্ষৰ আৰু ৬২% মহিলা সাক্ষৰ। শিৰডীৰ ১৫% লোকৰ বয়স ৬ বছৰতকৈ কম।[2]
তীৰ্থস্থান হোৱাৰ বাবে শিৰডীৰ অস্থায়ী জনসংখ্যা অতিকৈ অধিক। দিনে প্ৰায় ২৫০০০ ভক্তই দৰ্শন কৰিবলৈ আহে। তদুপৰি, সংস্থাপন সহজলভ্য হোৱাৰ বাবে উত্তৰ প্ৰদেশ, বিহাৰ, চত্তীশগড়, তেলাংগনা, আন্ধ্ৰ প্ৰদেশ আদিৰপৰা বহু সংখ্যক লোক, বিশেষকৈ কম অৰ্হতা থকা শ্ৰমিক কৰ্মৰ বাবে আহে।
শিৰডীৰ মুম্বাইৰপৰা দূৰত্ব প্ৰায় ২৯৬ কিলোমিটাৰ। এই নগৰ সাইৰ ভূমি ৰূপে জনাজাত। নিকটতম্ আৰু সৰ্বাধিক সংযোজিত নগৰ আহমেদ নগৰ। চেন্নাই[3][4], মুম্বাই, মাইচ'ৰ[5] আৰু অন্যান্য স্থানৰপৰা শিৰডীলৈ ৰে'ল চলে। নাচিক (১১৯ কিলোমিটাৰ দূৰত), মন্মদ (৮৭ কিলোমিটাৰ দূৰত), নগৰচ'ল, ক'পাৰগাওঁ (১৫ কিলোমিটাৰ দূৰত), আহমেদনগৰ (৮৩ কিলোমিটাৰ দূৰত), দৌণ্ড (১৭৯ কিলোমিটাৰ দূৰত) আদি নিকটৱৰ্ত্তী ৰে'লৱে ষ্টেচন।
ৰেলৱে' ষ্টেচনসমূহৰপৰা আৰু ৰেলৱে' ষ্টেচনসমূহলৈ বাছ আৰু টেক্সি চলে। মহাৰাষ্ট্ৰৰ আহমেদনগৰ, পুনে, থানে, নাচিক, অকলুজ, ঢুলে, নাগপুৰ আৰু ঔৰংগাবাদৰপৰা শিৰডীলৈ পথেৰে যাব পৰা যায়। সাই বাবাৰ ঠাইলৈ সৰ্বাধিক ভক্ত অহা হাইদৰাবাদৰপৰাও পথেৰে যাব পাৰে।
শিৰডী বিমান বন্দৰৰ নিৰ্মাণ কাৰ্য চলি আছে, শিৰডীৰ দক্ষিণ-পশ্চিমলৈ ১৪ কিলোমিটাৰৰ দূৰত্বত। ২০১১ চনৰ ডিচেম্বৰত কাম সম্পূৰ্ণ হ'ব লগীয়া এই বিমান বন্দৰৰ[6] কাম ২০১৬ চনতা্হে শেষ হ'ল আৰু ২ মাৰ্চ ২০১৬ চনত প্ৰথমখন বিমানৰ পৰীক্ষামূলক অৱতৰণ ঘটিল।[7] ২০১৭ অথবা ২০১৮লৈ ৰান ৱে'ৰ দৈৰ্ঘ্য ২২০০ মিটাৰৰ পৰা ৩২০০ মিটাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিশ্চিত কৰা হৈছে।[8]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.