দাঁতযুক্ত তিমিৰ প্ৰজাতিৰ From Wikipedia, the free encyclopedia
শিহু (ইংৰাজী: Ganges River Dolphin) (বৈজ্ঞানিক নাম: Platanista gangetica gangetica) ভাৰত, বাংলাদেশ, আৰু নেপালৰ নদীত পোৱা ডলফিনৰ এক প্ৰজাতি। এই ডলফিনৰ প্ৰজাতি সাধাৰণতে গঙ্গা নদী আৰু ব্ৰহ্মপুত্ৰ নদ আৰু বাংলাদেশ আৰু নেপালত প্ৰৱাহিত ইহঁতৰ উপনদী সমূহত দেখা যায়। ভাৰত চৰকাৰে ২০০৯ চনৰ ৫ অক্টোবৰত শিহুক জাতীয় জলচৰ প্ৰণী হিচাপে স্বীকৃতি দিছে।[2]
শিহু South Asian river dolphin | |
---|---|
শিহুৰ জঁকা | |
মানুহ আৰু শিহুৰ তুলনামূলক আকাৰ | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
উপশ্ৰেণী: | Eutheria |
বৰ্গ: | Cetacea |
উপবৰ্গ: | Odontoceti |
মহাপৰিয়াল: | Platanistoidea |
পৰিয়াল: | Platanistidae Gray, 1846 |
গণ: | Platanista Wagler, 1830 |
প্ৰজাতি: | P. gangetica |
বৈজ্ঞানিক নাম | |
Platanista gangetica (Lebeck, 1801); (Roxburgh, 1801) | |
Subspecies | |
Platanista gangetica gangetica | |
গংগা নদীৰ শিহু আৰু সিন্ধু নদীৰ শিহু |
তদুপৰি ২০১৬ চনত শিহুক অসমৰ গুৱাহাটী মহানগৰীৰ শুভংকৰ হিচাপে স্বীকৃতি দিয়ে।
শিহু এক প্ৰকাৰৰ নেত্ৰহীন জলচৰ স্তন্যপায়ী প্ৰাণী। ইয়াৰ ঘ্ৰাণ শক্তি অতি প্ৰৱল। বিলুপ্ত প্ৰায় এই জীৱৰ ভাৰতত সংখ্যা ২০০০ তকৈয়ো কম। ইয়াৰ বিলুপ্তিৰ মূখ্য কাৰণ হ'ল - গংগা তথা আন নদীৰ প্ৰদূষণ, নদীবান্ধৰ নিৰ্মাণ আৰু চিকাৰ। ইহঁতৰ চিকাৰ মূলতঃ তেলৰ বাবে কৰা হয়। আন মাছ ধৰিবলৈ শিহুৰ তেল ব্যৱহাৰ কৰা হয়। উত্তৰ প্ৰদেশৰ নৰোৰা আৰু বিহাৰৰ পটনা চাহাব আৰু উত্তৰ-পূৱ ভাৰতৰ কিছু অঞ্চলত হে কেইটামান শিহু বাচি আছে।
শিহুয়ে শব্দৰ প্ৰতিধ্বনিৰ সহায়ত স্থান নিৰুপন আৰু ঘ্ৰাণ শক্তিৰ দ্বাৰা নিজৰ চিকাৰ আৰু খাদ্য বিচাৰে। শিহু সম্পূৰ্ণ মাংসভোজী প্ৰাণী। এই প্ৰাচীন জীৱ ভাৰতত প্ৰায় ১০ কোটি বছৰ আগৰ পৰা আছে। মাইকী শিহু মতাতকৈ আকাৰত দীঘল। শিহুৰ জীৱনকাল প্ৰায় ৩০ বছৰ। শিহুৰ সংৰক্ষণৰ বাবে বহু বছৰ পূৰ্বে সম্ৰাট অশোকে ব্যৱস্থা লৈছিল। ১৯৯৬ চনত আন্তৰ্জাতিক পৰিবেশ সংৰক্ষণ পৰিষদে শিহুক বিলুপ্ত প্ৰায় জীৱ ৰূপে স্বীকৃতি দিছে।
অসমৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত শিহু পোৱা যায়।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.