ভাৰতীয় লেখিকা তথা মানৱ গণকযন্ত্ৰ From Wikipedia, the free encyclopedia
শকুন্তলা দেৱী (ইংৰাজী: Shakuntala Devi; ৪ নৱেম্বৰ ১৯২৯ - ২১ এপ্ৰিল ২০১৩) এগৰাকী ভাৰতীয় লেখিকা তথা মানৱ গণকযন্ত্ৰ। তেওঁ ‘মানৱ কম্পিউটাৰ’ নামে পৰিচিত।[1][2][3][4][5] তেওঁৰ অসাধাৰণ গণন ক্ষমতাৰ বাবে তেওঁক ১৯৮২ চনত ‘গীনিছ বুক অব ৱৰ্ল্ড ৰেকৰ্ডচ্’ত অন্তৰ্ভুক্ত কৰা হৈছে।[1][2][6]
তেওঁ এগৰাকী লেখিকা হিচাপে কেইবাখনো কিতাপ লিখিছে। যাৰ ভিতৰত গণিত, সাঁথৰ বা প্ৰহেলিকা আৰু জ্যোতিৰ্বিজ্ঞানৰ ওপৰত আধাৰিত কিতাপ আৰু উপন্যাস আছে। তদুপৰি তেওঁক সমকামিতাৰ ওপৰত অধ্যয়ন কৰি কিতাপ লিখা প্ৰথম ভাৰতীয় বুলি গণ্য কৰা হয়।
শকুন্তলা দেৱী ১৯২৯ চনৰ ৪ নৱেম্বৰত ভাৰতৰ বাংগালোৰৰ এক কন্নড় ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰে।[2][6] বাল্যকালত শকুন্তলাৰ অসাধাৰণ স্মৰণ শক্তি আৰু সংখ্যা গণনাৰ দক্ষতাক তেওঁৰ দেউতাকে গুৰুত্ব দিয়া নাছিল। যদিও মাত্ৰ তিনি বছৰ বয়সত তেওঁ তাচৰ বিভিন্ন কৌশল আয়ত্ত কৰি পেলাইছিল। প্ৰথমে শকুন্তলাৰ দেউতাক এটি চাৰ্কেচৰ দলত আছিল। পিছত তেওঁ সেই দল এৰি জীয়ৰীক লৈ বিভিন্ন ঠাইত "ৰ'ড শ্ব’" কৰিবলৈ ধৰিলে।[2] তেওঁৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল।[1] মাত্ৰ ছয় বছৰ বয়সত শকুন্তলায়ে মহীশুৰ বিশ্ববিদ্যালয়ত তেওঁৰ অসাধাৰণ এই দক্ষতাৰ প্ৰদৰ্শনী কৰে। ১৯৪৪ চনত শকুন্তলা তেওঁৰ পিতৃৰ লগত লণ্ডনলৈ যায়।[6] ইয়াৰ পিছত ১৯৬০ৰ মাজৰ সময়ত তেওঁ ভাৰতলৈ ঘূৰি আহে।[7]
শকুন্তলা দেৱীৰ এই অসাধাৰণ ক্ষমতা প্ৰকাশ পালে আৰু সমস্ত বিশ্ব ব্যাপী ইয়াৰ প্ৰদৰ্শনী আৰম্ভ হয়। ১৯৫০ চনত ইউৰোপত,১৯৭৬ চনত নিউইয়ৰ্কত এই প্ৰদৰ্শনী অনুষ্ঠিত হয়।[2] ১৯৮৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ অধ্যাপক আৰ্থাৰ জেচনে তেওঁৰ ওপৰত গৱেষণা কৰে।[4] তেওঁ শকুন্তলা দেৱীৰ মানসিক দক্ষতাৰ ওপৰত বহু পৰীক্ষা-নিৰীক্ষা কৰিছিল।[4] জেচনে ১৯৯০ চনত তেওঁৰ একাডেমীক জাৰ্নেলত এইবুলি লিখিছিল যে, ৬১,৬২৯,৮৭৫ৰ ঘনমূল আৰু ১৭০,৮৫৯,৩৭৫ৰ সপ্তমূল কৰোঁতে শকুন্তলা দেৱীয়ে জেচনে নোটবুকত লিখাৰ আগতেই ইয়াৰ উত্তৰ ৩৯৫ আৰু ১৫ কৈ দিয়ে।[6]
২০১৩ চনৰ ২১ এপ্ৰিলত শকুন্তলা দেৱীৰ বাংগালোৰত শ্বাস-প্ৰশ্বাস জনিত কাৰণত ৮৩ বছৰত মৃত্যু হয়।[1] তেওঁ বহুদিন ধৰি হৃদযন্ত্ৰ আৰু বৃক্কৰ সমস্যাত ভুগি আছিল।
২০১৩ চনৰ ৪ নভেম্বৰত তেওঁৰ ৮৪ তম জন্ম দিৱসত গুগ'লে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰিবলৈ বিশেষ ডুড'ল তৈয়াৰ কৰিছিল।[8]
শকুন্তলা দেৱীৰ জীৱন আৰু কৰ্ম-আধাৰিত এখন হিন্দী ভাষাৰ আত্মজীৱনীমূলক ছবি ২০২০ চনৰ ৩১ জুলাই তাৰিখে মুক্তি দিয়া হ'ব। অভিনেত্ৰী বিদ্যা বালনে মুখ্য চৰিত্ৰটিত অভিনয় কৰা এই ছবিখন প্ৰযোজনা কৰিছে ছনি পিকচাৰ্ছ নেটৱৰ্কছ প্ৰডাকচনছ আৰু আবোনডাটিয়া এণ্টাৰটেইনমেইণ্টৰ বিক্ৰম মালহোত্ৰাই। উল্লেখ্য যে, ক'ভিড-১৯ বিশ্বমাৰীৰ হেতু ছবিখন ৰাজহুৱা চিত্ৰগৃহত মুকলি কৰাৰ পৰিৱৰ্তে অ'ভাৰ-দ্য-টপ (OTT) সেৱা এমাজন প্ৰাইম ভিডিঅ'ত মুক্তি দিয়া হ'ব। ছবিখন পৰিচালনা কৰিছে অনু মেননে।[9]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.