যোৰহাট চিকিৎসা মহাবিদ্যালয় (ইংৰাজী: Jorhat Medical College) হৈছে অসমৰ চতুৰ্থখন চিকিৎসা মহাবিদ্যালয়। ই সমগ্ৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু মাজুলীৰ লগতে চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ লোকৰ স্বাস্থ্য সেৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈয়ে ২০০৯ চনৰ ১২ অক্টোবৰ তাৰিখে এই চিকিৎসা মহাবিদ্যালয়খন উদ্বোধন কৰিছিল।[3]

ক্ষিপ্ৰ তথ্য যোৰহাট চিকিৎসা মহাবিদ্যালয়, মূলমন্ত্ৰ ...
যোৰহাট চিকিৎসা মহাবিদ্যালয়
Thumb
মূলমন্ত্ৰ सर्वे सन्तु निरामयाः
Sarve santu niramaya
স্থাপিত ১২ অক্টোবৰ, ২০০৯[1]
ধৰণ ৰাজহুৱা/চৰকাৰী
অধীক্ষক ডাঃ পূৰ্ণিমা বৰুৱা, অণুজীৱ বিজ্ঞানত স্নাতকোত্তৰ (এম.ডি. মাইক্ৰ'বায়'লজী)
অধ্যক্ষ অধ্যাপক (ডাঃ) ৰত্ন কান্ত তালুকদাৰ
স্নাতক শিক্ষাৰ্থী ১২৫
স্নাতকোত্তৰ শিক্ষাৰ্থী ৪৫
স্থান যোৰহাট, অসম, ভাৰত
চৌহদ চহৰাঞ্চল
চমু নাম জে এম চি (JMC)
ভুক্তি শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়[2]
ৱেবছাইট www.jorhatmedicalcollege.in
বন্ধ কৰক

ইতিহাস

Thumb
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বহিঃ বিভাগৰ সন্মুখ ভাগৰ দৃশ্য

অসমত চতুৰ্থখন চিকিৎসা মহাবিদ্যালয় হিচাপে তেতিয়াৰ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙে ২০০৮ চনৰ ২৫ আগষ্টত আধাৰশিলা স্থাপন কৰিছিল। ইয়াৰ পিছত ২০০৯ চনৰ ১২ অক্টোবৰ তাৰিখে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়খন উদ্বোধন কৰে[1]

অৱস্থান আৰু পৰিবহণ

যোৰহাট চিকিৎসা মহাবিদ্যালয় অসমযোৰহাট জিলাৰ সদৰ যোৰহাট মহানগৰৰ প্ৰায় তিনি কি:মি: দূৰত অৱস্থিত। অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা যোৰহাটলৈ দিবা নৈশ বাছৰ ব্যৱস্থা আছে, পথ প্ৰায় ৬ ঘণ্টাৰ। যোৰহাটৰ ৰৰৈয়া বিমানকোঠলৈ গুৱাহাটী, কলকাতা আৰু নতুন দিল্লীৰপৰা বিমানৰ সংযোগ আছে। ৰেলপথেৰে গুৱাহাটীৰ পৰা যোৰহাট টাউন ৰেলৱে ষ্টেচন আৰু ওচৰৰ মৰিয়নি জংচন লৈকে প্ৰত্যক্ষ ৰেল সংযোগ পোৱা যায়। যোৰহাটৰপৰা ইয়ালৈ মহাবিদ্যালয়ৰ বাছ আৰু ব্যক্তিগত অট'ৰিক্সা পোৱা যায়।

পুথিভঁৰাল

কেন্দ্ৰীয় পুথিভঁৰাল

মহাবিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰালত প্ৰায় ৪২০০ কিতাপ আছে। ইয়াৰ উপৰিও কেন্দ্ৰীয় পুথিভঁৰালৰ ৫০টা কম্পিউটাৰইণ্টাৰনেট সংযোজিত কৰা আছে। ইয়াত ৩৯খন ৰাষ্ট্ৰীয় আলোচনী আৰু ৪৫খন আন্তঃৰাষ্ট্ৰীয় আলোচনী উপলভ্য আছে। ইয়াৰ উপৰিও ইয়াত ৰাষ্ট্ৰীয় আৰু স্থানীয় বাতৰি কাকত উপলভ্য আছে। ইয়াত প্ৰায় ১০০জন লোকে একেলগে বহি পঢ়াৰ সুবিধা আছে[4]

বিভাগীয় পুথিভঁৰাল

শিক্ষকসকলৰ প্ৰচেষ্টাত মহাবিদ্যালয়খনত ২২টা বিভাগীয় পুথিভঁৰাল প্ৰতিষ্ঠা কৰা হৈছে। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলে এই পুথিভঁৰালৰ সুবিধা লাভ কৰে[4]

বুক বেংক

ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ্থে মহাবিদ্যালয়খনত বুক বেংক প্ৰতিষ্ঠা কৰা হয়। অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসমূহক বুক বেংকৰ কিতাপ সমূহ এবছৰৰ বাবে ধাৰলৈ দিয়া হয়। ইয়াৰ উপৰিও দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীসকলে এই কিতাপসমূহ ধাৰলৈ লাভ কৰে[4]

লগতে চাওক

তথ্য সংযোগ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.