From Wikipedia, the free encyclopedia
মু'ঙ (আহোম ভাষা:𑜉𑜢𑜤𑜂𑜫 চীনা ভাষা:勐 ,থাই ভাষা : เมือง,লাও ভাষা: ເມືອງ,শান ভাষা: မိူင်း ,ইংৰাজী : Mueng) টাইসামাজিক প্ৰথা অনুসৰি টাইজনগোষ্ঠীৰে বসবাস কৰা অঞ্চল যি উত্তৰ-পূব ভাৰত আৰু দক্ষিণ চীন সংলগ্ন হৈ থাইলেণ্ড, লাওছ, বাৰ্মা, কম্বোডিয়া, উত্তৰ ভিয়েতনাম দেশলৈকে বিয়পি আছে। টাইসকলৰ পৰম্পৰাগত ৰাজ্য সমূহক মু'ঙ বুলি কোৱা হয়। অসমৰ নামো টাই আহোম ভাষাত মু'ঙ দন চ'ণ খাম (𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪) হয়।
মু'ঙ সমূহ প্ৰাচীন ৰাজকীয় ভূমি আছিল যত একোজনকৈ চাওফাই শাসন কৰিছিল। ই সাধাৰণতে গড়ে আৱৰা হয় আৰু কেইবাখনো গাঁও লগ হৈ নিৰ্মিত কৰা হৈছিল। .[1][2][3] থাইলেণ্ডত যথেষ্ট শক্তিশালী মু'ঙ (সাধাৰণত চিয়াং, উইং, নাখোন বা ক্ৰুং নামে পৰিচিত - ব্যাংককেৰ সাথে ক্ৰুং থিপ মহা নাখোঁ নামে পৰিচিত) গঠিত হৈছিল। প্ৰাচীন চীনত শক্তিশালী মমু'ঙ সমূহ ঠন ধৰি উঠিছিল যি সেইসময়ৰ শক্তিশালী চীনা মিঙ সাম্ৰাজ্যক আগুৰি আছিল। ১২৫৪ খ্ৰীষ্টাব্দত শান ৰাজ্য আৰু দাঁতিকাষৰীয়া এলেকা সমূহত বিস্তাৰিত ভাবে নতুন মু'ঙ সমূহ টাই সকলৰ প্ৰবজনৰ বাবে প্ৰতিষ্ঠা হৈছিল। মু'ঙ সামাজিক প্ৰথা প্ৰাচীন চীনা সাম্ৰাজ্য মিং আৰু চিং-যুগৰ বুলি অনুমান কৰা হয়। উনৈছ শতিকাত থাইলেণ্ডৰ ৰাজবংশ আৰু বাৰ্মাৰ ঔপনিবেশিক আৰু পৰবৰ্তী সামৰিক শাসক সকলে মু'ঙ প্ৰথাৰে ৰাজকাৰ্য চলাইছিল যাৰ ফলত এতিয়াও ঠাইসমূহত মু'ঙ শব্দ ব্যৱহাৰ কৰা হয়। অসমৰ বুৰঞ্জীটো মু'ঙ ৰ যথেষ্ট মহত্ব আছে। আহোম ৰাজ্য বা মু'ঙ ডোন চোন খাম এই মু'ঙ সামাজিক প্ৰথাৰ দ্বাৰা পৰিচালিত আছিল। নামনি অসমক মু'ঙ -ক্লা বুলি কোৱা হৈছিল বুলি কিছু বিদ্বানে কয়।
দক্ষিণ-পশ্চিম টাইভাষা সমূহত মু'ঙ সমূহৰ নাম ৰখা হৈছিল।
লাওছ দেশক মু'ঙ লাও বুলিও কোৱা হয়।
থাইলেণ্ডক মু'ঙ থাই বুলিও কোৱা হয়। নাখোঁ মু'ঙ
বুড়ি মু'ঙ
Seamless Wikipedia browsing. On steroids.