From Wikipedia, the free encyclopedia
ভূটানত নৃগোষ্ঠীয় শোধন বুলিলে ভূটানৰ পৰা লোটচাম্পা বা খিলঞ্জীয়া নেপালীসকলক আঁতৰাই নিয়াৰ বাবে হোৱা ধাৰাবাহিক হিংসাৰ কথা বুজোৱা হয়। ভূটানত আন্তঃজাতিগত উত্তেজনাৰ ফলত বহু লোটচাম্পা নেপাললৈ পলায়ন কৰিছে, যাৰ বহুতকে ভূটানৰ সেনাই বহিষ্কাৰ কৰিছে। ১৯৯৬ চনলৈকে এক লাখৰো অধিক ভূটানী শৰণাৰ্থী (সেই সময়ত ভূটানৰ জনসংখ্যাৰ ৪০%) নেপালৰ শৰণাৰ্থী শিবিৰত বাস কৰিছিল।[1] তাৰ পিছত সেইসকলৰ বহুতে পশ্চিমীয়া দেশসমূহত পুনৰ সংস্থাপিত হৈছে।[2]
ভূটানত নৃগোষ্ঠীয় সংশোধন | |
---|---|
হাতত ভূটানী পাছপোৰ্ট লৈ ভূটানী শৰণাৰ্থী | |
স্থান | ভূটান |
আক্ৰমণৰ প্ৰকাৰ | নৃগোষ্ঠীয় সংশোধন |
ভুক্তভোগী | লোটচাম্পা |
লোটছাম্পা বা লোৎচম্পা লোকসকল নেপালী বংশোদ্ভৱ এক ভূটানী জনগোষ্ঠী। নেপালী মূলৰ বেছিভাগে হিন্দু লোকেই ১৯ শতিকাৰ পৰা দক্ষিণ ভূটানৰ জনবসতিহীন অঞ্চলত বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল।[3] লোটচাম্পা লোকসকল দক্ষিণ ভূটানৰ স্থানীয় লোক আৰু সেয়েহে তেওঁলোকক সাধাৰণতে ‘দক্ষিণীয়’ বুলি কোৱা হয়। ২০০৭ চনলৈকে ভূটান চৰকাৰৰ বহিষ্কাৰ নীতিৰ বলৱৎ হোৱাৰ পিছত, লোটচাম্পাৰ জনসংখ্যা বহুখিনি পশ্চিমীয়া ৰাষ্ট্ৰ যেনে আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া, যুক্তৰাজ্য আৰু অন্যান্য ইউৰোপীয় দেশলৈ বলপূৰ্বকভাৱে স্থানান্তৰিত কৰা হৈছে। আজি নেপালত লোটচাম্পাৰ সংখ্যা আমেৰিকা আৰু অন্যান্য দেশতকৈ যথেষ্ট কম য’লৈ তেওঁলোকক স্থানান্তৰিত কৰা হৈছে।[4] আলোচনা চলি থকাৰ পিছতো কোনো শৰণাৰ্থীক ভূটানলৈ উভতি যাবলৈ দিয়া হোৱা নাই।[5]
আশীৰ দশকৰ শেষৰ ফালৰ পৰা ভূটান কৰ্তৃপক্ষই অবৈধ বিদেশী বুলি তালিকাভূক্ত কৰা এক লাখৰো অধিক লোটচাম্পাক ভূটানৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ বাধ্য কৰা হৈছে। ১৯৮০ চনৰ ভিতৰত ভূটানৰ মুঠ জনসংখ্যাৰ ২৫% আছিল লোটচাম্পা জনসংখ্যা আৰু এই নাগৰিকসকলৰ নেপালৰ পৰা ভূটানলৈ প্ৰব্ৰজন প্ৰথমে ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা আৰম্ভ হৈছিল।[6] ১৯৮৮ চনৰ পৰা ১৯৯৩ চনৰ ভিতৰত জাতিগত আৰু ৰাজনৈতিক অত্যাচাৰৰ বাবে আন হাজাৰ হাজাৰ লোকে দেশ এৰি থৈ যায়।[7] ১৯৯০ চনত দক্ষিণ ভূটানত অধিক গণতন্ত্ৰ আৰু সংখ্যালঘুৰ অধিকাৰৰ প্ৰতি সন্মানৰ দাবীত হিংসাত্মক জাতিগত অশান্তি আৰু চৰকাৰ বিৰোধী প্ৰতিবাদৰ সৃষ্টি হয়।[7] সেই বছৰতে বেছিভাগেই লোটচাম্পা সদস্য থকা ভূটান পিপলছ পাৰ্টি ৰ সদস্যসকলে, ভূটান চৰকাৰৰ বিৰুদ্ধে হিংসাত্মক অভিযান আৰম্ভ কৰে।[7] লোটচাম্পাসকলে চৰকাৰৰ নিৰ্মম অত্যাচাৰৰ সন্মুখীন হয়, য’ত মহিলা আৰু নাগৰিকক ধৰ্ষণ কৰি বন্দী কৰি কাৰাগাৰত ভৰোৱা আৰু নিৰ্যাতন চলোৱা আদিও আছিল।[8] ইয়াৰ ভিতৰত মানৱ অধিকাৰ কৰ্মী, শিক্ষক আৰু ৰাজনৈতিক নেতাসকলো আছিল।[8] এই অশান্তি আৰু হিংসাৰ পৰিপ্ৰেক্ষিতত হাজাৰ হাজাৰ লোক ভূটানৰ পৰা পলায়ন কৰি নেপালৰ সাতটা শৰণাৰ্থী শিবিৰত বসতি স্থাপন কৰি বা ভাৰতত কাম বিচাৰিবলৈ গুচি যায়।[9]
১৯৮৫ চনৰ ভূটানৰ নাগৰিকত্ব আইনখনেও লোটচাম্পাসকল গৃহহাৰা হোৱাৰ ক্ষেত্ৰত বৃহৎ ভূমিকা পালন কৰিছিল। এই আইনখনে ভূটানৰ নাগৰিক হিচাপে কাক ৰ্নিবাচিত কৰিব পাৰি সেই সম্পৰ্কে নতুন অধিনিয়ম প্ৰৱৰ্তন কৰিছিল, যাৰ ফলত মূলতঃ নেপালী জনগোষ্ঠীয় লোকসকল প্ৰভাৱিত হৈছিল; যিসকলৰ বহুলাংশে আছিল লোটচাম্পা লোক। এই আইনখনে ঘোষণা কৰিছিল যে নাগৰিক বুলি গণ্য কৰিবলৈ হ’লে পিতৃ-মাতৃ দুয়োজনেই ভূটানী হ’ব লাগিব, যাৰ ফলত লোটচাম্পাৰ জনসংখ্যাৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছিল।[10] ২০১০ চনৰ জানুৱাৰী মাহলৈকে ৮৫,৫৪৪ জন শৰণাৰ্থী শিবিৰত আছিল।[11] ২০০৮ চনত আমেৰিকাৰ বিদেশ মন্ত্ৰ্যালয়ে অনুমান কৰিছিল যে, এই সংঘাতৰ ফলত ভূটানৰ ৩৫% জনসংখ্যাই স্থানচ্যুত হৈছে।[11]
বহিষ্কাৰৰ পূৰ্বে লোটচাম্পাই ভূটান চৰকাৰৰ ভিতৰত ডাঙৰ ভূমিকা পালন কৰিছিল, য’ত আমোলা, আৰক্ষী বিষয়া আৰু সেনাবাহিনী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[10]
যদিও বহু লোটচাম্পা ভাৰতলৈ পলায়ন কৰিছিল, স্থানীয় ভাৰত চৰকাৰৰ পৰা তেওঁলোকক অতি কম সমৰ্থন লাভ কৰিছিল, যাৰ ফলত ভূটান সেনাই লোটচাম্পাৰ বিৰুদ্ধে বৃহত্তৰ হিংসাত্মক কাৰ্য সংঘটিত কৰিবলৈ অনুমতি দিছিল।[12] নেপালে জনসাধাৰণৰ প্ৰতি অধিক গ্ৰহণযোগ্য বুলি প্ৰমাণিত হয় আৰু অৱশেষত ১৯৯৩ চনৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ কৰি ভূটানৰ সৈতে আলোচনাত মিলিত হয়।[12] কিন্তু এই আলোচনাৰ ফলত কেৱল লোটচাম্পা শৰণাৰ্থীসকলক নতুনকৈ শ্ৰেণীভুক্ত কৰা হ’ল। উচ্ছেদ কৰা ভূটানী, প্ৰব্ৰজন কৰা ভূটানী, অপৰাধজনিত অভিলেখ থকা ভূটানী আৰু অভূটানী লোক আদি চাৰিটা ভাগত ভগাইছিল।[12] ভূটানে এইটো এটা কৌশল হিচাপে কৰিছিল যাতে লোটচাম্পাসকলে তেওঁলোকৰ নাগৰিকত্বৰ অধিকাৰ হেৰুৱাই দেশত পুনৰ প্ৰৱেশ কৰিব নোৱাৰে, যাৰ ভিতৰত লোটচাম্পাক তেওঁলোকে স্বেচ্ছাই ভূটান এৰি যোৱা বুলি লিখা প্ৰ-পত্ৰত স্বাক্ষৰ কৰিবলৈ হেঁচা দিয়াও দেখা গৈছিল।[12]
ভূটানৰ শৰণাৰ্থীসকলক আশ্ৰয় দিবলৈ ইচ্ছুক বুলি কোৱা দেশসমূহৰ ভিতৰত আছে নেদাৰলেণ্ড, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ফিনলেণ্ড, কানাডা, নৰৱে, আৰু আমেৰিকা। আমেৰিকাই বিশেষভাৱে কয় যে, ৬০,০০০ শৰণাৰ্থীক নিজৰ সীমান্তত প্ৰৱেশৰ অনুমতি দিবলৈ ইচ্ছুক হ’ব যদিও প্ৰব্ৰজনকাৰীসকলক তেওঁলোকৰ গৃহ দেশলৈ ঘূৰাই পঠোৱাৰ কথাও বিবেচনা কৰিব৷[6] ইউ.এন.এইচ.চি.আৰে অনুমান কৰিছে যে এই দেশসমূহত প্ৰায় ১ লাখ ১৩ হাজাৰ শৰণাৰ্থীয়ে পুনৰ সংস্থাপন লাভ কৰিছে যদিও ২০১৮ চনত সংস্থাটোৱে নেপালত পুনৰ সংস্থাপন কাৰ্যসূচী বন্ধ কৰি দিছিল। ইয়াৰ ফলত বহু কম ভূটানী শৰণাৰ্থীক বিশেষকৈ আমেৰিকাকে ধৰি বিভিন্ন দেশত ভৰ্তি কৰা হৈছিল। ২০১৫ চনলৈকে কেৱল আমেৰিকাই ৮৪,৮১৯ জন শৰণাৰ্থীক পুনৰ সংস্থাপন কৰিছিল।[13] যদিও ২০১৮ চনত ২২২৮ জন শৰণাৰ্থীক আমেৰিকাত ভৰ্তি কৰা হৈছিল, ২০১৯ চনৰ প্ৰথম সাত মাহত মাত্ৰ ১৯ জন শৰণাৰ্থীকহে একে মৰ্যাদা প্ৰদান কৰা হৈছিল।[14] আমেৰিকাত থকা ভূটানী শৰণাৰ্থীসকলে সাধাৰণতে নিজকে পুনৰ সংস্থাপন কৰাত অসুবিধা পায়, ৬৫ শতাংশই আমেৰিকাৰ ফেডাৰেল দৰিদ্ৰতা স্তৰৰ ২০০ শতাংশৰ ভিতৰত বাস কৰে৷ আমেৰিকাত থকা ভূটানৰ শৰণাৰ্থীৰ ভিতৰত আধা নিবনুৱা আৰু আধাখিনিৰ হাইস্কুল পাছ শিক্ষাগত অৰ্হতা নাই৷[15]
ভূটানৰ শৰণাৰ্থী শিবিৰসমূহৰ জীৱন-যাপনৰ অৱস্থা উন্নত নহয়। ১৯৯৪ চনৰ এক অধ্যয়নত দেখা গৈছে যে এই শিবিৰসমূহত মৃত্যুৰ হাৰ প্ৰতি ১০ জন লোকৰ বিপৰীতে প্ৰতি বছৰে ১.১৫ জন লোকৰ মৃত্যু হয়।[16] এই শিবিৰসমূহৰ ভিতৰত কলেৰা, মেলেৰিয়া, ডিচেণ্ট্ৰি আৰু অন্যান্য ৰোগও দেখা যায়।[17]
আত্মহত্যাৰ ফলত মৃত্যু হোৱাৰ ক্ষেত্ৰত আমেৰিকাত পুনৰ সংস্থাপন কৰা ভূটানী শৰণাৰ্থীসকলৰ মাজত আমেৰিকাৰ সাধাৰণ জনসাধাৰণৰ আত্মহত্যাৰ ঘটনাত মৃত্যু হোৱা লোকৰ তুলনাত প্ৰায় দুগুণ বেছি। পোন্ধৰজন শৰণাৰ্থীৰ নমুনা অধ্যয়নত জনা গৈছে, ৪৬.৭% জনসংখ্যাই ব্যক্তিগতভাৱে কোনোবা এজনক চিনি পাইছিল, যি আত্মহত্যাৰ ফলত মৃত্যুবৰণ কৰিছিল।[18] এই নমুনাটোৱে আৰু ৰিপ'ৰ্ট কৰিছে যে ভূটানৰ শৰণাৰ্থীসকলৰ মাজত আত্মহত্যাৰ ক্ষেত্ৰত অৰিহণা যোগোৱা আটাইতকৈ ডাঙৰ কাৰকটো হৈছে "প্ৰব্ৰজনৰ পিছৰ চাপৰ সৃষ্টিকাৰী", লগতে অন্যান্য কাৰকেও এইক্ষেত্ৰত ভূমিকা পালন কৰে; যেনে "সামাজিক/পাৰিবাৰিক বিবাদ" আৰু "বিচ্ছিন্নতা, আন্তৰিক বিফলতা" আদি।[19]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.