From Wikipedia, the free encyclopedia
ভট্টদেৱ (ইংৰাজী: Bhattadeva, ১৫৫৮ – ১৬৩৮)[1] অসমৰ শঙ্কৰোত্তৰ কালৰ কবিসকলৰ ভিতৰত অন্যতম। ভট্টদেৱে সমসাময়িক সাহিত্যৰ প্ৰচলিত মাধ্যম পৰিহাৰ কৰি নতুন মাধ্যম এটা গ্ৰহণ কৰিবলৈ আগবঢ়াত যথেষ্ট সাহসৰ পৰিচয় দিছিল। সেয়ে এওঁকেই প্ৰকৃতাৰ্থত অসমীয়া গদ্য সাহিত্যৰ জনকৰূপে আখ্যায়িত কৰিব পাৰি ।[2]
ভট্টদেৱৰ প্ৰকৃত নাম বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বা চমুকৈ বৈকুণ্ঠনাথ ভট্টাচাৰ্য।[3] খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ মাজভাগত কামৰূপৰ (বৰ্তমান বৰপেটা জিলাৰ বিচানকুছি) অন্তৰ্গত বিজনকুছিত জন্ম হয়। এওঁৰ পিতৃৰ নাম চন্দ্ৰ ভাৰতী। সেই কালৰ মানুহে তেওঁক ব্যাসৰ অৱতাৰ হেন জ্ঞান কৰিছিল। তেওঁ পাটবাউসী সত্ৰ আৰুব্যাসকুছি সত্ৰ স্থাপন কৰে। ইয়াতেই ১৫৬০ শক ইং ১৬৩৮ খ্ৰীষ্টাব্দত ভট্টদেৱে ইহলীলা সম্বৰণ কৰে।[2]
দামোদৰদেৱে পৰীক্ষিতনাৰায়ণৰ ৰাজৰোষত পৰি কামৰূপ ৰাজ্য এৰি কোচবিহাৰলৈ যোৱাৰ সময়ত ভট্টদেৱেক আন আন উপদেশৰ লগতে কথা ৰূপে এখন ভাগৱত ৰচনা কৰিবলৈ কয়। সেইমতেই ভট্টদেৱে টীকাভাষ্য অনুসৰণ কৰি প্ৰথম স্কন্ধ ৰচনা কৰি দামোদৰদেৱক দেখুওৱাত দামোদৰদেৱে বিশদ আৰু ব্যাপক আলোচনাৰে নিলিখি চমু আৰু সৰল কথাৰূপে দিবলৈ কয়। এই মৰ্মে ভট্টদেৱে ভাগৱতৰ সাৰমৰ্ম 'কথা-ভাগৱত' ৰচনা কৰে। ইয়াৰ পিছত ভট্টদেৱে 'কথা গীতা', 'কথা-ৰত্নাৱলী' আদি গ্ৰন্থ ৰচনা কৰে।[2]
ভট্টদেৱক ভাগৱতত ব্যুত্পত্তি আৰু ব্যাখ্যাত অসাধাৰণ ক্ষমতা দেখি পণ্ডিতসমাজে তেওঁক কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য এই দুটা উপাধিৰে বিভূষিত কৰিছিল।
তিনিখন (কথা-ভাগৱত, কথা গীতা, কথা-ৰত্নাৱলী) অতি প্ৰসিদ্ধ আৰু তত্ত্বপ্ৰধান সংস্কৃত শাস্ত্ৰ অসমীয়া গদ্যলৈ ৰূপান্তৰ কৰিলেও ভট্টদেৱে দৈনন্দিন কথ্যভাষাক গ্ৰহণ কৰা নাছিল। কথ্যভাষাৰে এটা সাধু আৰু গম্ভীৰ ৰূপ গ্ৰহণ কৰিছিল। কিন্তু কথা ভাগৱতৰ ঠায়ে ঠায়ে তেওঁৰ ৰীতি ছন্দবন্ধী হৈ পৰিছে। বাক্যবোৰ অন্ত্যনুপ্ৰাসযুক্ত আৰু শব্দাবিন্যাস ৰীতি সমযুক্ত হৈছে। ভট্টদেৱৰ বাক্যত শব্দবিন্যাসৰ প্ৰণালী নিখুঁত আৰু ব্যাকৰণ প্ৰয়োগত বিশুদ্ধ। বাক্যবোৰ চুটি চুটি আৰু সংস্কৃতীয়া প্ৰভাৱৰ পৰা মুক্ত। তত্সম আৰু তদ্ভৱ শব্দ প্ৰয়োগৰ সমতা ৰক্ষা কৰি তেওঁ বাক্যবোৰ ৰচনা কৰিছে।
অসমীয়া গদ্যক গধুৰ ভাৱ-প্ৰকাশৰ বাহক ৰূপে ব্যৱহাৰ কৰাৰ বাবে অসমীয়া সাহিত্যৰ বুৰঞ্জীত ভট্টদেৱৰ বিশেষ স্থান আছে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.