From Wikipedia, the free encyclopedia
বীজকোষ (Germ cell) বুলিলে সেইবোৰ জৈৱিক কোষক বুজোৱা হয় যিবোৰে যৌন প্ৰজনন কৰা প্ৰাণীৰ শৰীৰত জনন কোষৰ সৃষ্টি কৰে। পুৰুষ আৰু স্ত্ৰী প্ৰাণীৰ শৰীৰত থকা (উভয়লিংগ প্ৰাণীৰ ক্ষেত্ৰত একেটা প্ৰাণীৰ শৰীৰত থকা) প্ৰাথমিক জননাংগ (Primary sex organ) শুক্ৰাশয় (Testis) আৰু ডিম্বাশয়ত (Ovary) থকা এই বিশেষ কোষবোৰৰ পৰা সৃষ্টি হয়। এইবোৰৰ প্ৰাথমিক অৱস্থাক আদিম বীজকোষ (Primordial germ cell) বোলা হয়। যৌন প্ৰজনন কৰা প্ৰাণীৰ ভ্ৰূণাৱস্থাৰ আৰম্ভণিতেই কেতবোৰ কোষে দেহ গঠনকাৰী অন্যান্য কোষৰ পৰা পৃথকভাৱে বিকাশ লাভ কৰিবলৈ ধৰে। এই কোষবোৰৰ পৰাহে ভৱিষ্যতে প্ৰাণীটোৰ প্ৰজননকোষৰ (শুক্ৰকোষ আৰু ডিম্বকোষ)ৰ সৃষ্টি হয়। বীজকোষৰ পৰা শৰীৰৰ আন কোনো অংগৰ গঠন নহয়।[1] বহু প্ৰাণীৰ ক্ষেত্ৰত বীজকোষৰ উৎপত্তি আদিম ৰেখাত (primitive streak) হয় আৰু তাৰ পৰা কোষবোৰ ভ্ৰূণৰ খাদ্যনলীৰ অংশইদি জননাংগত প্ৰৱেশ কৰে। তাত কোষবোৰৰ দুই প্ৰকাৰৰ বিভাজন হয়- মাইট'ছিছ আৰু মিঅ'ছিছ। ইয়াৰ পাছত কোষবোৰৰ বিকাশ হৈ শুক্ৰাণি বা ডিম্বৰ সৃষ্টি কৰে। প্ৰাণীৰ দৰে উদ্ভিদৰ বিকাশৰ প্ৰাথমিক অৱস্থাৰ পৰা এনে বীজকোষ নথাকে। ইয়াৰ পৰিৱৰ্তে পূৰ্ণবয়স্কৰ দেহকোষৰ (somatic cell) পৰা বীজকোষৰ সৃষ্টি কৰিব পাৰি।[2][3][4]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.