ভাৰতৰ ওড়িশা ৰাজ্যৰ বালেশ্বৰ জিলাৰ এখন চহৰ আৰু পৌৰসভা অঞ্চল From Wikipedia, the free encyclopedia
বালেশ্বৰ বা বালাচোৰ ( ইংৰাজী: Balasore ) ভাৰতৰ ওড়িশা ৰাজ্যৰ বালেশ্বৰ জিলাৰ এখন চহৰ আৰু পৌৰসভা অঞ্চল৷ ইংৰাজীত বালাচোৰ যদিও ওড়িয়া ভাষাত বালেশ্বৰ নামেৰে পৰিচিতি। [3] পূব ভাৰতৰ ৰাজ্যৰ ৰাজধানী ভুবনেশ্বৰৰ পৰা প্ৰায় ১৯৪ কিলোমিটাৰ (১২১ মাইল) উত্তৰত আৰু কলকাতাৰ পৰা ৩০০ কিলোমিটাৰ (১৮৬ মাইল) দূৰত্বত অৱস্থিত ওড়িশা ৰাজ্যৰ এইখন চহৰ। উত্তৰ ওড়িশাৰ আটাইতকৈ ডাঙৰ চহৰ আৰু বালেশ্বৰ জিলাৰ প্ৰশাসনিক মুখ্য কাৰ্যালয়। ই চণ্ডীপুৰ বিলৰ বাবে বেছিকৈ পৰিচিত। ইয়াক 'মিছাইল চহৰ' বুলিও কোৱা হয়।[4][5] বালেশ্বৰৰ পৰা ১৮ কিলোমিটাৰ দক্ষিণে অৱস্থিত ভাৰতীয় বেলিষ্টিক মিছাইল প্ৰতিৰক্ষা কাৰ্যসূচী।
বালেশ্বৰ
বালাচোৰ | |
---|---|
নগৰ | |
দেশ | ভাৰত |
ৰাজ্য | ওড়িশা |
জিলা | বালেশ্বৰ |
চৰকাৰ | |
• ধৰণ | নগৰ পালিকা |
• পৰিচালনা | বালেশ্বৰ নগৰ পালিকা |
• Member of Parliament | প্ৰতাপ চন্দ্ৰ সাৰঙ্গী (BJP) |
• Member of Legislative Assembly | স্বৰূপ কুমাৰ দাস (BJD) |
কালি | |
• নগৰ | 17.48 km2 (6.75 sq mi) |
উচ্চতা | 16 m (52 ft) |
জনসংখ্যা (2011)[2] | |
• নগৰ | 1,44,373 |
• স্থান | ভাৰতৰ ভিতৰত ৪০৯ আৰু ওড়িশাৰ ভিতৰত ৭ |
• ঘনত্ব | 8,300/km2 (21,000/sq mi) |
• মেট্ৰ’ | 1,77,557 |
২০০১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি বালেশ্বৰ চহৰৰ জনসংখ্যা ১৪৪,৩৭৩ জন। [2] পুৰুষৰ সংখ্যা ৫১.০৬% আৰু মহিলাৰ সংখ্যা ৪৮.৯৪%।
ইয়াৰ সাক্ষৰতাৰ হাৰ ৮৮.০৯%। পুৰুষৰ সাক্ষৰতাৰ হাৰ ৯১.৪৩% আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ৮৪.৬২%। সমগ্ৰ ভাৰতৰ সাক্ষৰতাৰ হাৰ ৭৯.৫%, বালেশ্বৰৰ সাক্ষৰতাৰ হাৰ তাতকৈ বেছি।
এই চহৰৰ জনসংখ্যাৰ ৮.২১% ৬ বছৰ আৰু তাৰ তলৰ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.