ব'হাগ অসমীয়া বৰ্ষপঞ্জীৰ প্ৰথম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।[1] বহাগত ৩১ দিন থাকে।[2] ১ ব'হাগ হ'ল এই মাহৰ প্ৰথম দিন। এই দিনত অসমীয়া নববৰ্ষৰ উপলক্ষে 'মানুহ বিহু' পতা হয়।
০১ 14 |
০২ 15 |
০৩ 16 |
০৪ 17 |
০৫ 18 |
০৬ 19 |
০৭ 20 |
০৮ 21 |
০৯ 22 |
১০ 23 |
১১ 24 |
১২ 25 |
১৩ 26 |
১৪ 27 |
১৫ 28 |
১৬ 29 |
১৭ 30 |
১৮ 01 |
১৯ 02 |
২০ 03 |
২১ 04 |
২২ 05 |
২৩ 06 |
২৪ 07 |
২৫ 08 |
২৬ 09 |
২৭ 10 |
২৮ 11 |
২৯ 12 |
৩০ 13 |
৩১ 14 |
||||
১৪৩১ ভাস্কৰাব্দ |
অন্য পঞ্জিকাত ব'হাগৰ সমসাময়িক মাহ
অসমীয়া পঞ্জিকাত ব'হাগ মাহ চলি থাকোতে গ্ৰেগৰিয়ান পঞ্জিকাত এপ্ৰিল আৰু মে' হয়। ব'হাগ ১৪ বা ১৫ এপ্ৰিলত আৰম্ভ হয় আৰু মে'ৰ মধ্যলৈকে থাকে।[3] ব'হাগ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত চৈত্ৰ (চ্ছেইত্ৰ) মাহ চলি থাকে।[4]
উৎসৱ পৰ্ব আদি
- ১ ব'হাগ : মানুহ বিহু
- ২ ব'হাগ : কুতুম বিহু, দেউৰী বিহু
- ৩ ব'হাগ : মেলা বিহু
- ৭ ব'হাগ : সতীসাধনী দিৱস
- ৯ ব'হাগ : ধৰিত্ৰী দিৱস
- ১০ ব'হাগ : দামোদৰ দেৱৰ তিথি
- ১৩ ব'হাগ : অক্ষয় তৃতীয়া ব্ৰত
- ১৬ ব'হাগ : গোপাল দেৱ তিৰোভাৱ তিথি
- ১৮ ব'হাগ : মে' দিৱস
- ২৪ ব'হাগ : বুদ্ধ পূৰ্ণিমা
- ২৫ ব'হাগ : ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মদিন
প্ৰাকৃতিক পৰিৱৰ্তন
ব'হাগ মাহৰ সময়ত বসন্ত ঋতু চলি থাকে। এই সময়ত অসমৰ হাবিত নানাবিধ অৰ্কিড ফুলা দেখা যায়। ইয়াৰ লগতে এই সময়ত অসমৰ মাটিত গজা আৰু ফুলা কেতেকী(ফুল), নাহৰ আৰু তগৰ ফুলো আন তিনিবিধ সুগন্ধি ফুল। প্ৰায় সকলোবোৰ গছৰে নতুন পাত ওলাই, বৰষুণ আৰম্ভ হয় আৰু বতাহৰ গতিবেগ বাঢ়ে। এই সময় চোৱাত অসমৰ হাবিত বিশেষকৈ কুলি আৰু কেতেকীৰ শুৱলা মাত শুনিবলৈ পোৱা যায়।
তথ্য সংগ্ৰহ
Wikiwand in your browser!
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.