Remove ads
From Wikipedia, the free encyclopedia
বন্দিতা ফুকন (ইংৰাজী: Bandita Phukan) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, অনুবাদক, শিশু-সাহিত্যিক আৰু মূলতঃ বিজ্ঞান আৰু কল্পবিজ্ঞান লেখক। তেখেত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিকী শাখাত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা অভিযন্তা। অনুবাদক হিচাপে নিজৰ সাহিত্যিক জীৱনৰ পাতনি মেলা বন্দিতা ফুকনে ২০১১ চনত শিশু-সাহিত্যৰ বাবে সাহিত্য অকাডেমিৰ বঁটা লাভ কৰে। তেখেতৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা হৈছে ১২৬ খন। তেখেতৰ এখন গ্ৰন্থ মহান বিজ্ঞানীৰ শৈশৱ কাল বড়ো ভাষালৈ অনুবাদিত হৈছে। উল্লেখযোগ্য যে, বন্দিতা ফুকন উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা কল্প-বিজ্ঞান লেখিকা।[1] জনপ্ৰিয় অসমীয়া মাহেকীয়া আলোচনী বিস্ময়ৰ পাতত "প্ৰিয়তমা" নামৰ কল্পবিজ্ঞান কাহিনীটোৰ জৰিয়তে তেখেতে আত্মপ্ৰকাশ কৰিছিল।[2]
বন্দিতা ফুকন | |
---|---|
জন্ম | ১৬ ফেব্ৰুৱাৰী, ১৯৪৮ ঢেকীয়াজুলি, শোণিতপুৰ |
পেচা | লেখিকা, অভিযন্তা |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | যান্ত্ৰিক অভিযান্ত্ৰিকীত স্নাতক |
বিষয় | বিজ্ঞানধৰ্মী সাহিত্য, কল্প-বিজ্ঞান, শিশু-সাহিত্য, অনুবাদ |
উল্লেখনীয় কৰ্মৰাজি | সেউজীয়া ধৰণী জুমি, ৰীমা আৰু সিহঁত মহান বিজ্ঞানীৰ শৈশৱ কাল |
উল্লেখযোগ্য বঁটা | শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা (২০১১) অসম চৰকাৰৰ সাহিত্য বঁটা (২০১১) সম্প্ৰীতি শইকীয়া টুকটুকি বঁটা নিৰ্মালী দত্ত অনুবাদ বঁটা |
দাম্পত্যসংগী | শ্যামন্ত ফুকন |
ৱেবছাইট | banditaphukan |
বন্দিতা ফুকনৰ জন্ম হৈছিল ১৯৪৮ চনৰ ১৬ ফেব্ৰুৱাৰীত, শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি চহৰত। তেখেতে নিজৰ শৈশৱৰ কালছোৱা নেফা (নৰ্থ ইষ্টা ফ্ৰণ্টিয়াৰ এজেন্সী; এতিয়াৰ অৰুণাচল প্ৰদেশ)-ত অতিবাহিত কৰিছিল। নেফাৰ বিদ্যালয়সমূহৰ মাধ্যমটো অসমীয়া ভাষাৰ পৰা হিন্দী ভাষালৈ সলনি কৰাত তেখেত মাকৰ সৈতে অসমলৈ আহে। তাৰপিছত নগাঁৱস্থিত নগাঁও ছোৱালী হাইস্কুলত তেওঁৰ নামভৰ্তি কৰা হয়। উচ্চতৰ মাধ্যমিকলৈকে তেখেতে নগাঁৱতেই থাকি পঢ়া-শুনা কৰে। তাৰপিছত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হয়। পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়িবলৈ যায়। সেইখন মহাবিদ্যালয়ৰ পৰাই তেখেতে ১৯৭১ চনত যান্ত্ৰিক অভিযান্ত্ৰিকীৰ স্নাতক ডিগ্ৰী লাভ কৰে। উল্লেখনীয় যে, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এইটো বিভাগত স্নাতক ডিগ্ৰী লাভ কৰা তেখেতে প্ৰথমগৰাকী মহিলা।[3]
অভিযান্ত্ৰিকৰ ডিগ্ৰী পোৱাৰ পাছত তেখেতে অসম গেছ কোম্পানী, অইল ইণ্ডিয়া লিমিটেড, আছাম কণডাক্টৰছ্ এণ্ড টিউবছ্ লিমিটেড আৰু অসম ঔদ্যোগিক বিকাশ নিগমৰ বিভিন্ন সন্মানজনক পদবীত কাৰ্যনিৰ্বাহ কৰে। তাৰপিছত ২০০১ চনত তেখেতে অসম ঔদ্যোগিক বিকাশ নিগমৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈ আমেৰিকাস্থিত এক ঔদ্যোগিক প্ৰতিষ্ঠানত যোগদান কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গমন কৰে আৰু প্ৰায় দুবছৰৰ পিছত অসমলৈ ঘূৰি আহে আৰু কেইটামান ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কৰ্মনিৰ্বাহ কৰে।[1] তাৰ কেইবছৰমানৰ পিছত তেওঁ একাণপতীয়াকৈ সাহিত্যক্ষেত্ৰত মনোনিৱেশ কৰে।[3]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.