From Wikipedia, the free encyclopedia
বটা চৰাই (ইংৰাজী: Common Quail), বৈজ্ঞানিক নাম- Coturnix coturnix) Phasianidae পৰিয়ালৰ অন্তৰ্গত এটা সৰু আকাৰৰ চৰাই৷ ই বহুলভাৱে বিস্তৃত আৰু ইউৰোপৰ বিভিন্ন অংশত ইয়াক দেখিবলৈ পোৱা যায়৷
বটা চৰাই (Common Quail) | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Galliformes |
পৰিয়াল: | Phasianidae |
উপপৰিয়াল: | Perdicinae |
গণ: | Coturnix |
প্ৰজাতি: | C. coturnix |
বৈজ্ঞানিক নাম | |
Coturnix coturnix (Linnaeus, 1758) |
বতা চৰাই আকাৰত সৰু৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১৭ ছৈ: মি:৷ চকুৰ ওপৰ অংশত বগা আঁচ থাকে৷ মতা বতা চৰাইৰ গালত বগা দাগ থাকে যাৰ সহায়ত ইয়াক মাইকীজনীৰ পৰা পৃথক কৰিব পাৰি৷ পৰিভ্ৰমণৰ উপযোগীকৈ ইয়াৰ ডেউকা দীঘল৷
বতা চৰাইক পোন-প্ৰথমে লিনিয়াছে ১৭৫৮ চনত তেওঁৰ Systema naturae নামৰ গ্ৰন্থখনত উল্লেখ কৰিছিল আৰু বৈজ্ঞানিক নাম Tetrao coturnix ৰে ইয়াক অভিহিত কৰিছিল৷ [2]৷ পৰৱৰ্ত্তী কালত ইয়াৰ অন্য কেইবাটাও উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে৷ এইবোৰ হ'ল-
বতা চৰাই এবিধ স্থলচৰ চৰাইৰ প্ৰজাতি৷ ই প্ৰধানকৈ গছৰ গুটি আৰু মাটিৰ পোক-পৰুৱা আদি খাই জীয়াই থাকে৷ খেতিৰ মাজত লুকাই থাকে বাবে ইয়াক দেখা পোৱা অত্যন্ত কঠিন হয়৷ আনকি খেদিলেও ই ভয় খাই উৰি যোৱাৰ সলনি পিছহুহুকি পলাইহে যায়৷ ইয়াৰ ষ্পষ্ট মাতটোৱেহে কোনো ঠাইত বতা চৰাইৰ অৱস্থিতিৰ বিষয়ে ক'ব পাৰে৷ বিশেষকৈ মতা চৰায়ে ৰাতিপুৱা আৰু গধুলিৰ ভাগত বাৰে বাৰে "wet-my-lips" বুলি মতা যেন শুনা যায়৷ ই বিশেষকৈ পৰিভ্ৰমণকাৰী চৰাই৷
বতা চৰায়ে ইউৰোপ আৰু এছিয়াৰ মুকলি পথাৰ আৰু ঘাঁহনি অঞ্চলত কণী পাৰে৷ ই মাটিত বাঁহ সাজে আৰু এবাৰত প্ৰায় ৬-১২ টাকৈ কণী পাৰিব পাৰে৷ ১৬-১৮ দিনৰ ভিতৰত কণী ফুটি পোৱালী জগে৷
বাইবেলৰ কাহিনী অনুযায়ী ভ্ৰমণকাৰী ইজৰেলাইটছ (Israelite) সকলে ঈশ্বৰক মাংসৰ বাবে অনুৰোধ কৰে আৰু ভগৱানে তেওঁলোকক পৰিভ্ৰমণকাৰী বতা চৰাইৰ এটা বৃহৎ জাক প্ৰদান কৰে৷ বৰ্তমান কালতো খাদ্যৰ বাবে বতা চৰাইৰ চিকাৰ কৰা হয়৷ শেহতীয়া ভাৱে এই চৰাইবিধৰ ইউৰোপ আৰু আমেৰিকাত প্ৰজননৰ সফলতাৰ বাবে দ্ৰুত বৃদ্ধি দেখা গৈছে৷
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.