From Wikipedia, the free encyclopedia
পুলিৎজাৰ বঁটা বাতৰিকাকত, আলোচনী, অনলাইন সাংবাদিকতা, সাহিত্য তথা সংগীতৰ ক্ষেত্ৰখনত দেখুওৱা পাৰদৰ্শিতাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰদান কৰা এটি বহুল চৰ্চিত বঁটা। বাতৰি কাকতৰ প্ৰকাশক যোচেফ পুলিৎজাৰৰ স্মৃতিত তথা নিউয়ৰ্ক চহৰৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰিচালনাৰে ১৯১৭ চনৰ পৰা এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হয়। প্ৰতি বছৰে মুঠ ২১টা ভিন্ন শিতানত এই বঁটা প্ৰদান কৰা হয়। এই ২১টা শিতানত প্ৰত্যেককেই একোখন মানপত্ৰৰ লগত ১৫,০০০ আমেৰিকান ডলাৰ প্ৰদান কৰা হয়। ২০১৭ চনৰ পৰা এই ধনৰাশি ১০,০০০ৰ পৰা ১৫,০০০ লৈ বৃদ্ধি কৰা হৈছে।[1] সাংবাদিকতাৰ সাৰ্বজনীক সেৱা শ্ৰেণীত শ্ৰেষ্ঠত্ব লাভ কৰা জনক সোণৰ পদকৰে সন্মানিত কৰা হয়।[2][3]
পুলিৎজাৰ বঁটা | |
---|---|
Pulitzer prize for public service gold medal (Designed by Daniel Chester French) | |
বিৱৰণ | বাতৰি কাকত আৰু অলনাইন সাংবাদিকতা, সাহিত্য, সংগীতৰ ক্ষেত্ৰত দেখুৱা পাৰদৰ্শিতা। |
দেশ | আমেৰিকা যুক্তৰাষ্ট্ৰ |
প্ৰদান কৰোঁতা | কলম্বিয়া বিশ্ববিদ্যালয় |
প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল | ১৯১৭ |
ৱেবচাইট | pulitzer |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.