From Wikipedia, the free encyclopedia
পায়ু সংগম বা পায়ুকাম হৈছে সাধাৰণতে যৌন আনন্দৰ বাব কোনো ব্যক্তিৰ শিশ্ন বা লিংগ আন কোনো ব্যক্তিৰ পায়ু বা মলদ্বাৰত সুমুৱাই দিয়া আৰু সঞ্চালন কৰা। [1] [2] পায়ুপথৰ যৌন সম্পৰ্কৰ অন্যান্য কাৰ্য্যকলাপসমূহ হ'ল পায়ুপথত আঙুলিৰ সঞ্চালন কৰা, মলদ্বাৰত কৃত্ৰিম লিংগ সুমুৱাই দিয়া আৰু পেগিং কৰা। [3] [4]
পায়ুপথৰ যৌন সম্পৰ্ক সাধাৰণতে পুৰুষ-পুৰুষৰ যৌন সম্পৰ্কৰ বাবে বেছিকৈ জনা যায় যদিও বিপৰীতকামিতা বা বিষমযৌনতাতো পায়ুপথৰ যৌন সম্পৰ্ক সাধাৰণতে দেখা যায়। [5] [6] মহিলা-মহিলাৰ যৌন সম্পৰ্কতো বান্ধ খাই থকা কৃত্ৰিম লিংগৰ সৈতে পায়ুপথৰ যৌন সম্পৰ্ক জড়িত হৈ থাকে। [7] কণ্ডম অবিহনে ভেদ কৰাটো ভেদকাৰীৰ বাবে বিপদজনক বুলি গণ্য কৰা হয়, [8] [9] [10] আৰু সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে স্বাস্থ্য সংস্থাই পায়ুপথৰ যৌন সম্পৰ্কৰ বাবে সুৰক্ষিত যৌন সম্পৰ্কৰ পৰামৰ্শ দিয়ে। [11] যদিও যিজন ব্যক্তিৰ মলদ্বাৰত লিংগ সোমোৱাই দিয়া হয়, তেওঁৰ মলদ্বাৰৰ ক্ষতিৰ পৰা হাত সাৰিব নোৱাৰি; পায়ুপথৰ সংগমৰ ফলত মলদ্বাৰত অৰ্শ ৰোগ হয় আৰু পায়ুপথৰ সংগমৰ সময়ত লিংগটো মলদ্বাৰত প্ৰৱেশ কৰাৰ পিছত ৰক্ত সঞ্চালনৰ ফলত পায়ুপথৰ নলীত দাগ পৰে আৰু মলদ্বাৰৰ ভিতৰত আলচাৰ হোৱাৰ সম্ভাৱনা থাকে।ইয়াৰ উপৰিও হিউমেন পেপিলোমা ভাইৰাছ (চমুকৈ এইচ পি ভি) ) লিংগৰ মলদ্বাৰত প্ৰৱেশৰ জৰিয়তে মলদ্বাৰত সোমাই পৰিলে কৰ্কট ৰোগ হয়। [12] তাৰোপৰি বিভিন্ন সংস্কৃতি বিশেষকৈ ধৰ্মীয় আইনত ই বিতৰ্কিত।
মলদ্বাৰৰ আন্তঃ ভাগৰ পেশীবোৰ যোনিৰ পেশীৰ সৈতে একে নহয়, এয়া অধিক সংকুচিত আৰু এইকাৰকে যৌন সংগমত অধিক সন্তুষ্টি প্ৰদান কৰিব পাৰে। [2]
ঐতিহাসিকভাৱে পায়ুসংগমক সাধাৰণভাৱে পুৰুষ সমকামিতাৰ সৈতে জড়িত বুলি ধাৰণা কৰা হয় যদিও সাধাৰণতে পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা বহু সমকামী পুৰুষে পায়ুপথৰ যৌন সম্পৰ্কত লিপ্ত নহয়।[5] [6] [13] [14] লিংগ সুমুৱাই দিয়া মানুহজনক ইংৰাজীত ‘টপ্’ আৰু নিজৰ পায়ুতপথত শিন্ন গ্ৰহণ কৰা জনক ‘বটম’ বুলি কোৱা হয়। আনহাতেদি এই দুয়োধৰণৰ অভিজ্ঞতা উপভোগকৰা জনক ভাৰ্চেটাইল বুলি কোৱা হয়। [15]
যিসকল পুৰুষে নিজৰ লিংগ আন পুৰুষৰ মলদ্বাৰত সুমুৱাব বিচাৰে তেওঁলোকে সাধাৰণতে মহিলাৰ বিকল্প হিচাপে তেনে কৰাৰ সম্ভাৱনা অধিক। [13] [16] [17]
যদি কোনো মহিলাই ষ্ট্ৰেপযুক্ত কৃত্ৰিম অংগ পিন্ধি পুৰুষৰ মলদ্বাৰত সুমুৱাই দিয়ে, তেন্তে ইয়াক পেগিং বুলি গণ্য কৰা হয়। [4] [18] [19]
২০১০ চনৰ পৰিসংখ্যা অনুসৰি ৭ শতাংশ পুৰুষে এই ধৰণৰ পায়ুপথৰ সংগমৰ প্ৰতি আগ্ৰহী। [20]
মহিলা সমকামিতাত মহিলাসকলে ষ্ট্ৰেপ অন ডিলডো পিন্ধে আৰু মহিলাৰ মলদ্বাৰৰ ভিতৰত কাম কৰে। [7] [21]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.