From Wikipedia, the free encyclopedia
গ্ৰীক ধৰ্ম আৰু আখ্যান অনুযায়ী দ্বাদশ অলিম্পিয়ান বা বাৰগৰাকী অলিম্পিয়ান দেৱ-দেৱী হৈছে মূলতঃ অলিম্পাছ পৰ্বতত বাস কৰা বাৰগৰাকী গ্ৰীক দেৱ-দেৱী। এওঁলোক হৈছে জ্যুচ, হীৰা, প'জাইডন, এফ্ৰোডাইটি ,হেফেইষ্টাচ, ডিমিটাৰ, এথেনা, আৰ্টিমিচ, এপ'ল', এৰিচ, হাৰ্মিচ আৰু হেষ্টিয়া বা ডাইঅ'নিছাছ।[1]
জ্যুচ হৈছে আকাশ আৰু বজ্ৰৰ অধিকাৰী দেৱতা। তেওঁ অলিম্পাছৰ দেৱ-দেৱীসকলৰ ৰজা। তেওঁৰ পিতৃ হৈছে টাইটান ক্ৰণচ আৰু মাতৃ ৰীয়া। তেওঁৰ ৰোমান সমকক্ষ হৈছে জুপিটাৰ।[2] তেওঁ হীৰাৰ সৈতে বিবাহপাশত আৱদ্ধ। তেওঁলোকৰ সন্তান হৈছে এৰিচ, আইলেইথিয়া, হেবে আৰু হেফেইষ্টাছ।[3][4] অ'ৰেকল অফ ডেদ'নাত তেওঁৰ সংগী হৈছে ডায়ন। ইলিয়াদৰ মতে তেওঁৰ গৰ্ভত এফ্ৰোডাইটিৰ জন্ম হৈছিল।[5]
হীৰা হৈছে বিবাহ, নাৰী আৰু পৰিয়ালৰ দেৱী আৰু প্ৰসৱৰ সময়ত নাৰীৰ ৰক্ষক। গ্ৰীক পৌৰাণিক কাহিনীত তেওঁ দ্বাদশ অলিম্পিয়ান আৰু অলিম্পাছ পৰ্বতৰৰ ৰাণী। তেওঁ জিউছৰ ভগ্নী আৰু পত্নী আৰু টাইটান ক্ৰণচ আৰু ৰীয়াৰ কন্যা। কেতিয়াবা তেওঁক অমৰত্বৰ প্ৰতীক হিচাপে ডালিম এটা লৈ থকা দেখা যায়। তেওঁৰ ৰোমান সমকক্ষ জুনো।[6]
প'জাইডন সমুদ্ৰ, ধুমুহা, ভূমিকম্প আৰু ঘোঁৰাৰ অধিপতি দেৱতা।।[7] তেওঁৰ পিতৃ ক্ৰণচ আৰু মাতৃ ৰীয়া। তেওঁ অলিম্পাছ পৰ্বতৰ ৰজা জ্যুচ আৰু পাতালপুৰীৰ অধিপতি হেডিচৰ ভাতৃ। তেওঁক ঘোঁৰাসমূহৰ জনক বা ৰক্ষক হিচাপে গণ্য কৰা হয়। তেওঁ সমুদ্ৰৰ বণিকসমূহৰো ত্ৰাণকৰ্তা। আৰ্কেডিয়াৰ আখ্যানসমূহত ডিমিটাৰ আৰু পাৰ্চিফোনিৰ সৈতে প'জাইডনৰ সম্পৰ্ক দেখুওৱা হৈছে।
এফ্ৰোডাইটি হৈছে প্ৰাচীন গ্ৰীচৰ প্ৰেম, সৌন্দৰ্য, সুখলাভ, আকৰ্ষণ আৰু প্ৰজননৰ দেৱী তথা দ্বাদশ অলিম্পিয়ানৰ অন্যতম। ৰোমানসকলে তেওঁক ভেনাচ হিচাপে চিহ্নিত কৰে। এফ্ৰোডাইটিৰ মুখ্য চিহ্নসমূহ হৈছে মিৰটল (চিৰহৰিৎ উদ্ভিদবিশেষ), গোলাপ, কপৌ, ঘৰচিৰিকা আৰু ৰাজহাঁহ।[8][9][8][8] হেচিঅ'দৰ থিঅ'গনিৰ মতে পুত্ৰ ক্ৰ'নচৰদ্বাৰা ইউৰেনাচৰ খণ্ডিত যৌনাংগৰদ্বাৰা উৎপন্ন হোৱা সমুদ্ৰৰ ফেনৰ পৰা কাইথিৰাৰ উপকূলত এফ্ৰোডাইটিৰ জন্ম হয়।[10][11]
হেফেইষ্টাচ হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱতা। তেওঁ কমাৰ, ধাতুশিল্প, ভাস্কৰ, নিৰ্মাণ শিল্প আৰু শিল্পী, স্থাপত্যবিদ্যা, অগ্নি আৰু আগ্নেয়গিৰিৰ অধিষ্ঠাতা।[12] ভালকান হৈছে তেওঁৰ ৰোমান সমকক্ষ দেৱতা। হেফেইষ্টাচৰ পিতৃ-মাতৃ সম্পৰ্কে দ্বিমত আছে। কোনো কোনো উৎসৰ মতে দেৱৰাজ জ্যুচ আৰু হীৰা তেওঁৰ পিতৃ-মাতৃ। অন্য কিছু সূত্ৰৰ মতে তেওঁক হীৰাই অকলেই ধাৰণ কৰি জন্ম দিছিল। আখ্যান অনুসৰি, শাৰীৰিক বিসংগতিৰ বাবে তেওঁক হীৰা অথবা জ্যুচে অলিম্পাচ পৰ্বতৰ পৰা নিৰ্বাসন দিয়ে।[13][14][15]
ডিমিটাৰ হৈছে প্ৰাচীন গ্ৰীচৰ কৃষিকাৰ্য আৰু শস্য চপোৱা কাৰ্যৰ দেৱী। তেওঁ ফচল আৰু পৃথিৱীৰ উৰ্বৰতাৰ অধিষ্ঠাত্ৰী। তেওঁক ছিট অৰ্থাৎ খাদ্য বা ফচলদাত্ৰী[16] আৰু থেচম'ফ'ৰিয়া অৰ্থাৎ দৈৱিক আইনৰ প্ৰদানকাৰী নামেৰে জনা যায়। কেৱল মহিলাসকলে পালন কৰা থেচম'ফ'ৰিয়া নামৰ উৎসৱ ডিমিটাৰৰ প্ৰতি উৎসৰ্গিত।[17]
এথেনা বা পালাছ এথেনা হৈছে প্ৰাচীন গ্ৰীচৰ জ্ঞান, কুটীৰ শিল্প আৰু সমৰকলাৰ অধিষ্ঠাত্ৰী দেৱী।[18] তেওঁক পৰৱৰ্তী কালত ৰোমান দেৱী মিনাৰ্ভাৰ সমকক্ষ হিচাপে চিহ্নিত কৰা হয়। তেওঁক গ্ৰীচৰ বিভিন্ন নগৰ, বিশেষকৈ এথেন্সৰ অধিষ্ঠাত্ৰী আৰু ৰক্ষাকৰ্তা হিচাপে গণ্য কৰা হয় আৰু খুব সম্ভৱ সেইবাবেই তেওঁ এথেনা নাম পায়। শিল্পকলাসমূহত এথেনাক শিৰোস্ত্ৰাণ পৰিধান কৰা অৱস্থাত হাতত এডাল যাঠীৰে সৈতে চিত্ৰায়িত কৰা হয়। তেওঁৰ প্ৰধান চিহ্নসমূহ হৈছে ফেঁচা, জলফাইৰ গছ, সাপ আৰু গৰ্গনৰ শিৰ।
আৰ্টিমিচ হৈছে চিকাৰ, বন-জংঘল, বন্য জীৱ-জন্তু, চন্দ্ৰ আৰু কুমাৰীত্বৰ গ্ৰীক দেৱী। তেওঁ ৰোমানসকলৰ দেৱী ডায়েনাৰ সমকক্ষ। আৰ্টিমিচ জ্যুচ আৰু লেট'ৰ জীয়ৰী তথা এপ'ল'ৰ যমজ ভগ্নী। তেওঁ বালিকাসকলৰ ৰক্ষক। আৰ্টিমিচক নাৰীসকলৰ ৰোগ আৰু ইয়াৰ নিৰাময়ৰ হোতা হিচাপে গণ্য কৰা হয়। সন্তান জন্ম আৰু ধাত্ৰীবিদ্যাৰ এক অন্যতম প্ৰধান দেৱী হিচাপে এইলেথিয়াৰ উপৰিও আৰ্টিমিচৰ উপাসনা কৰা হয়। এথেনা আৰু হেষ্টিয়াৰ দৰে আৰ্টিমিচেও বিবাহপাশত আৱদ্ধ নহৈ চিৰকুমাৰী হৈ থকাৰ পণ লয়।
গ্ৰীকসকলৰ সৰ্বাধিক সন্মান লাভ কৰা দেৱ-দেৱীসমূহৰ ভিতৰত আৰ্টিমিচ অন্যতম আৰু ইফেচাছত থকা তেওঁৰ মন্দিৰ পৌৰাণিক বিশ্বৰ সপ্তম আশ্চৰ্যসমূহৰে এটা। ধনু-কাঁড়, তূণ আৰু চিকাৰ কৰা ডেগাৰৰ চিহ্নই আৰ্টিমিচক সূচোৱাৰ লগতে হৰিণ আৰু চাইপ্ৰেছ গছ তেওঁৰ বাবে পবিত্ৰ। আৰ্টিমিচৰ ৰোমান ৰূপ ডায়েনাক ৰোমৰ এভেনাইন পাহাৰত বিশেষভাৱে অৰ্চনা কৰা হয়।
এপ'ল' হৈছে পৌৰাণিক গ্ৰীক তথা ৰোমান কিংবদন্তিৰ বাৰজন অলিম্পিয়ান দেৱতাৰ অন্যতম। তেওঁক ধনুৰ্বিদ্যা, সংগীত আৰু কলা, সত্য আৰু ভৱিষ্যৎবাণী, ৰোগ আৰু নিৰাময়, সূৰ্য আৰু পোহৰ, কবিতা আদিৰ অধিষ্ঠাতা দেৱতা হিচাপে গণ্য কৰা হয়। জ্যুচ আৰু লেট'ৰ পুত্ৰ তথা চিকাৰৰ দেৱী আৰ্টিমিচৰ সহোদৰ এপ'ল'ক এক অন্যতম প্ৰধান দেৱতা হিচাপে স্থান দিয়া হয়। তেওঁ গ্ৰীক দেৱতাসকলৰ মাজত সবাতোকৈ দেখনিয়াৰ। গ্ৰীকসকলৰ দ্বাৰা প্ৰভাৱিত এট্ৰুস্কান কিংবদন্তিত এপ'ল'ক এপুলু নামেৰে জনা যায়।[19]
এৰিচ হৈছে প্ৰাচীন গ্ৰীকসকলে আৰাধনা কৰা যুদ্ধ আৰু সাহসৰ দেৱতা। তেওঁ দ্বাদশ অলিম্পিয়ানৰ অন্যতম তথা জ্যুচ আৰু হীৰাৰ পুত্ৰ।[20] পৌৰাণিক গ্ৰীক সাহিত্যত এৰিচে যুদ্ধৰ হিংসাত্মক, বিভীষিকাময় আৰু বন্য ৰূপটোক প্ৰতিনিধিত্ব কৰে। জ্ঞান আৰু সমৰ কৌশলৰ অধিষ্ঠাত্ৰী তেওঁৰ ভগ্নী এথেনাৰ স্বাভাৱৰ বিপৰীতে এৰিচে প্ৰায়েই ক্ৰুৰতা আৰু ৰক্তপিপাসু স্বভাৱক প্ৰতিফলিত কৰে।[21]
হাৰ্মিচ হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱতা আৰু দ্বাদশ অলিম্পিয়ানৰ অন্যতম। হাৰ্মিচক দেৱতাসকলৰ বাৰ্তাবাহকৰূপে গণ্য কৰা হয়। তেওঁ মানৱ বাৰ্তাবাহক, ভ্ৰমণকাৰী, চোৰ, বণিক আৰু বক্তাসকলৰ ৰক্ষাকৰ্তা।[22][23][24] তেওঁ মানৱ আৰু দেৱতা উভয়ৰে জগতত নিজৰ পাখিলগা পাদুকাযোৰৰ সহায়ত ক্ষিপ্ৰতাৰে আৰু মুক্তভাৱে বিচৰণ কৰি ফুৰিব পাৰে। মৃত্যুৰ পিছত আত্মাসমূহক পাতালপুৰীলৈ বাট দেখুৱাই নিয়াৰ দায়িত্বও হাৰ্মিচৰ ওপৰত ন্যস্ত। [25][26]
প্ৰাচীন গ্ৰীক ধৰ্মত হেষ্টিয়া আছিল ঘৰুৱা, পৰিয়াল, ঘৰ আৰু ৰাজ্যৰ সঠিক আদেশ, জুইশালৰ কুমাৰী দেৱী। গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি তেওঁ টাইটানছ তথা ক্ৰন’ছ আৰু ৰিয়াৰ প্ৰথম সন্তান আছিল।[27]
প্ৰাচীন গ্ৰীক ধৰ্ম আৰু আখ্যানত ডাইঅ'নিচাছ হৈছে সুৰা-নিৰ্মাণ, ফলৰ বাগিচা আৰু ফল, গছ-গছনি, উৰ্বৰতা, উৎসৱ, উন্মাদনা, আচাৰ-ব্যৱহাৰৰ উন্মাদনা, ধৰ্মীয় আনন্দ আৰু নাট্যৰ দেৱতা।[28][29] তেওঁক বাকাচ ( /ˈbækəs/ বা /ˈbɑːkəs/; প্ৰাচীন গ্ৰীক: Βάκχος, Bacchos) নামেৰেও জনা গৈছিল। গ্ৰীকসকলে (যি নাম পিছলৈ ৰোমানসকলে গ্ৰহণ কৰে) এক উন্মাদনাৰ বাবে তেওঁ প্ৰৰোচিত কৰা বুলি কোৱা হয় যাক বাকেইয়া (baccheia) বুলি কোৱা হয়।[30]
Seamless Wikipedia browsing. On steroids.