From Wikipedia, the free encyclopedia
দুপাট্টা বা দোপাট্টা (ইংৰাজী: Dupatta) ভাৰতীয় উপমহাদেশত নাৰীসকলৰ মূৰ আৰু বুকু ঢাকিবলৈ ব্যৱহৃত এবিধ পৰম্পৰাগত বস্ত্ৰ; যাক হিন্দু সংস্কৃতিৰ এক অংশ হিচাপে বিবেচনা কৰা হয়।[1] দুপাট্টা আজিকালি চেলোৱাৰ-কামিজ, কুৰ্টা বা ঘাগৰাৰ সৈতে বহুলভাবে ব্যৱহাৰ কৰা দেখা যায়।[2][3]
দুপাট্টৰ প্ৰাৰম্ভিক প্ৰমাণ সিন্ধু উপত্যকাৰ সভ্যতাত দেখা যায়। সিন্ধু সভ্যতাৰ খনন কাৰ্যত উদ্ধাৰ হোৱা বাওঁ কান্ধত চাদৰেৰে আবৃত ৰজা-পুৰোহিতৰ ভাস্কৰ্যৰ পৰা অনুমান কৰিব পাৰি যে দুপাট্টাৰ ব্যৱহাৰ এই প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ পৰাই আৰম্ভ হৈছিল। [4][5] প্ৰাচীন সংস্কৃত সাহিত্যত প্ৰাচীন কালত মহিলাসকলে ব্যৱহাৰ কৰা ওৰণি আৰু গা-ঢকা বস্ত্ৰ বুজোৱা বিস্তৃত শব্দভাণ্ডাৰ আছে, যেনে- অবগুন্থন (মুখঢকা), উত্তৰীয়া (কান্ধত লোৱা বস্ত্ৰ), শিৰোবস্ত্ৰ (মূৰঢকা বস্ত্ৰ), আৰু মুখপট (মুখঢকা)।[8] প্ৰাচীন উত্তৰিয়াৰ পৰাই দুপাট্টাৰ বিৱৰ্তন হোৱা বুলি বিশ্বাস কৰা হয়। [6] The dupatta is believed to have evolved from the ancient uttariya.[7][8][9]
সমগ্ৰ দক্ষিণ এছিয়াত ভিন্ন ভিন্ন স্থানীয় শৈলীত এই দুপাট্টা পৰিধান কৰা হয়। মূলতঃ ইয়াক বিনয়ৰ প্ৰতীক হিচাপে পৰিধান কৰা হৈছিল। সেই প্ৰতীকবাদ এতিয়াও চলি আছে যদিও আজি বহুতে ইয়াক কেৱল সজ্জাৰ আনুষংগিক বস্তু হিচাপেহে পিন্ধে। দুপাট্টা পিন্ধাৰ একক ধৰণ নাই। সময়ৰ বিকাশ আৰু ফেশ্বনত আধুনিকৰ পৰশ পৰাৰ সমান্তৰালকৈ দুপাট্টাৰ শৈলীও বিকশিত হৈছে। পৰম্পৰাগতভাৱে দুয়ো কান্ধৰ ওপৰেৰে আৰু মূৰৰ চাৰিওফালে দুপাট্টা পিন্ধা হয়। অৱশ্যে দুপাট্টা গোটেই মূৰটোৰ চাৰিওফালে মেৰিয়ায়ো পিন্ধিব। পৰম্পৰাগত শৈলীত, মূৰৰ ওপৰত মেৰিয়াই নোলোৱা সময়ত সাধাৰণতে দুপাট্টাৰ মাজৰ অংশটো বুকুৰ ওপৰত মালাৰ দৰে অৱস্থান কৰে, দুই মূৰ দুই কান্ধৰ ওপৰেৰে পেলাই ৰখা হয়। চেলোৱাৰ- কামিজৰ সৈতে দুপাট্টা পিন্ধিলে ইয়াক সন্মুখ আৰু পিছফালৰ পৰা তললৈ নামি যাবলৈ দিয়া হয়। বৰ্তমানৰ ফেশ্বনত দুপাট্টা বেছিভাগ ক্ষেত্ৰত কান্ধৰ ওপৰত, আনকি কেৱল বাহুৰ ওপৰতো মেৰিয়াই লোৱা হয়। শেহতীয়া আন এটা ফেশ্বন হ’ল চুটি দুপাট্টা; যিখনক বেছিকৈ স্কাৰ্ফ বা ষ্ট’লৰ দৰে প্ৰায়ে কুৰ্তি আৰু ইংগ-প্ৰাচ্যাত্য কাপোৰৰ সৈতে পিন্ধা হয়। মূলতঃ দুপাট্টাক বৰ্তমানৰ নগৰীয়া জীৱনৰ প্ৰায়ে আনুষংগিক বস্ত্ৰ হিচাপে গণ্য কৰা হয়।[10]
ইয়াৰ উপৰিও দক্ষিণ এছিয়াৰ মহিলাসকলে ৰাজহুৱা স্থানলৈ ওলাই যাওতে যেনে, মন্দিৰ, মছজিদ, দৰগাহ, গীৰ্জা বা গুৰুদ্বাৰাত প্ৰৱেশ কৰাৰ সময়ত দুপাট্টা পিন্ধে।[11][12][13] চকুৰ বাহিৰেও প্ৰদূষণ বা ৰ’দৰ পৰা সুৰক্ষা কবচ হিচাপে ইয়াক মূৰৰ চাৰিওফালে মেৰিয়াই লোৱা হয়। ক'ভিড-১৯ মহামাৰীৰ প্ৰেক্ষাপটত ইয়াক মুখৰ আৱৰণী হিচাপে ব্যৱহাৰৰ বাবে পৰ্যাপ্ত বুলি গণ্য কৰা হোৱা নাছিল।[14] মূৰ আৰু মুখৰ আৱৰণ হিচাপে ব্যৱহাৰ কৰা দুপাট্টাক উত্তৰ ভাৰত আৰু পাকিস্তানত ঘুংঘট বুলি কোৱা হয়। নেপালত দুপাট্টা বা অনুৰূপ চাদৰক পাচৌৰা বোলা হয়।[15]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.