ভাৰতৰ এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় From Wikipedia, the free encyclopedia
দিল্লী বিশ্ববিদ্যালয় (ইংৰাজী: Delhi University) চমুকৈ ডিইউ ভাৰতৰ দিল্লীত অৱস্থিত এখন কলেজীয়া গৱেষণা কেন্দ্ৰীয় বিশ্ববিদ্যালয়। ১৯২২ চনত কেন্দ্ৰীয় বিধানসভাৰ এক আইনৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। ভাৰতৰ উপৰাষ্ট্ৰপতি বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰে। ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্ক ২০২৪ অনুসৰি বিশ্ববিদ্যালয়খনে ষষ্ঠ স্থান লাভ কৰিছে। দিল্লী বিশ্ববিদ্যালয় ভাৰতৰ ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান আৰু ইনষ্টিটিউট অফ এমিনেন্স হিচাপে স্বীকৃৰ্তি লাভ কৰিছে।
দিল্লী বিশ্ববিদ্যালয় | |
---|---|
মূলমন্ত্ৰ | নিষ্ঠা ধৃতিঃ সত্যম্ |
স্থাপিত | ১ মে’ ১৯২২ |
ধৰণ | কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান,[1] ইনষ্টিটিউট অফ এমিনেন্স[2] |
বৃত্তিদান | ₹৪৩৩ কোটি (৬০.৭১ মিলিয়ন ডলাৰ) [3] (২০১৮-২০১৯) |
আচাৰ্য | ভাৰতৰ উপৰাষ্ট্ৰপতি |
উপাচাৰ্য | যোগেশ সিং[4][5] |
পৰিদৰ্শক | ভাৰতৰ ৰাষ্ট্ৰপতি |
শৈক্ষিক কৰ্মচাৰী | ১৪০২[6] |
স্নাতক শিক্ষাৰ্থী | ১২৬৬[6] |
স্নাতকোত্তৰ শিক্ষাৰ্থী | ২১৫২৮[6] |
ডক্টৰেট শিক্ষাৰ্থী | ৩৫০২[6] |
স্থান | নতুন দিল্লী, দিল্লী, ভাৰত 28.69°N 77.21°E |
চৌহদ | চহৰাঞ্চল |
ৰং | বেঙেনা-বুলীয়া |
শুভংকৰ | হাতী (শক্তি আৰু জ্ঞান) |
ৱেবছাইট | www |
১৯২২ চনত কেন্দ্ৰীয় বিধানসভাৰ আইন অনুসৰি দিল্লী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল।[7] হৰি সিং গৌৰে ১৯২২ চনৰ পৰা ১৯২৬ চনলৈ বিশ্ববিদ্যালয়খনৰ প্ৰথম উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
সেই সময়ত দিল্লীত মাত্ৰ চাৰিখন কলেজ আছিল আৰু আটাইকেইখন সেই সময়ত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ সৈতে জড়িত আছিল। সেই চাৰিখন কলেজ হৈছে।
এই গোটেইকেইখন কলেজেই পৰৱৰ্তী সময়ত দিল্লী বিশ্ববিদ্যালয়ৰ সৈতে জড়িত হৈ পৰিছিল। বিশ্ববিদ্যালয়খনত প্ৰথম অৱস্থাত দুটা অনুষদ (কলা আৰু বিজ্ঞান) আৰু প্ৰায় ৭৫০ জন ছাত্ৰ-ছাত্ৰী আছিল।
ব্ৰিটিছ ভাৰতৰ ক্ষমতাৰ আসন ১৯১১ চনত কলিকতাৰ পৰা দিল্লীলৈ হস্তান্তৰ কৰা হৈছিল। ১৯৩৩ চনৰ অক্টোবৰ মাহলৈকে ভাইচাৰেগাল লজ এষ্টেট ভাৰতৰ ভাইচৰয়ৰ বাসস্থান আছিল। তাৰ পিছত ইয়াক দিল্লী বিশ্ববিদ্যালয়ক দিয়া হৈছিল। তেতিয়াৰ পৰাই ইয়াত উপাচাৰ্যৰ কাৰ্যালয় আৰু অন্যান্য কাৰ্যালয় অৱস্থিত।[8]
১৯৩৭ চনত যেতিয়া ছাৰ মৰিছ গ্যায়াৰে ব্ৰিটিছ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে ভাৰতলৈ আহিছিল। তেতিয়া তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদতো অধিষ্ঠিত হৈছিল। তেওঁৰ সময়ত দিল্লী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শিক্ষকতা পাঠ্যক্ৰমৰ প্ৰৱৰ্তন কৰা হয় আৰু বিশ্ববিদ্যালয়খনত পৰীক্ষাগাৰ স্থাপন কৰা হয়।[9] অনুষদৰ সদস্যসকলৰ ভিতৰত পদাৰ্থ বিজ্ঞানৰ দৌলত সিং কোথাৰী আৰু উদ্ভিদ বিজ্ঞানৰ পঞ্চানন মহেশ্বৰী অন্যতম। গ্যায়াৰক "বিশ্ববিদ্যালয়খনৰ নিৰ্মাতা" বুলি অভিহিত কৰা হৈছে। ১৯৫০ চনলৈকে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[10]
১৯৪৭ চনত বিজয়েন্দ্ৰ কস্তুৰী ৰংগ বৰাদৰাজা ৰাৱে বিশ্ববিদ্যালয়খনৰ ৰূপালী জয়ন্তী বৰ্ষ ভাৰতৰ স্বাধীনতাৰ লগত সংগতি ৰাখি মূল ভৱনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। সেই বছৰত ভাৰত বিভাজনৰ বাবে কোনো সমাৱৰ্তন অনুষ্ঠান অনুষ্ঠিত হোৱা নাছিল। তাৰ পৰিৱৰ্তে ১৯৪৮ চনত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ লগতে লৰ্ড মাউণ্টবেটেন, লেডী মাউণ্টবেটেন, আবুল কালাম আজাদ, জাকিৰ হুছেইন আৰু শান্তি স্বৰূপ ভটনাগৰৰ উপস্থিতিত বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ ২৫ বছৰৰ পাছত ১৯৭৩ চনৰ সোণালী জয়ন্তী উদযাপনত ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, সত্যজিৎ ৰায়, অমৃতা প্ৰীতম আৰু এম এছ চুব্বালক্ষ্মী উপস্থিত আছিল।[11]
দিল্লী বিশ্ববিদ্যালয়খন ভাৰতৰ অন্যতম বৃহৎ বিশ্ববিদ্যালয়লৈ পৰিণত হৈছে। ইয়াত ১৬টা অনুষদ, ৮৬টা শৈক্ষিক বিভাগ, ৯১খন মহাবিদ্যালয় আছে। লগতে ইয়াৰ অনানুষ্ঠানিক শিক্ষা কাৰ্যসূচীতো বহু শিক্ষাৰ্থী জড়িত হৈ আছে। ডি ইউৰ ৰসায়ন বিজ্ঞান, ভূতত্ত্ব, প্ৰাণীবিজ্ঞান, সমাজবিজ্ঞান আৰু ইতিহাস বিভাগক উচ্চ অধ্যয়ন কেন্দ্ৰৰ মৰ্যাদা প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও বিশ্ববিদ্যালয়খনৰ কেইবাটাও বিভাগে তেওঁলোকৰ অসাধাৰণ শৈক্ষিক কামৰ স্বীকৃতি স্বৰূপে বিশ্ববিদ্যালয় অনুদান আয়োগৰ বিশেষ সহায় কাৰ্যসূচীৰ অধীনত অনুদান লাভ কৰে।[12]
২০২২ চনৰ পৰা ডি ইউয়ে নিজৰ নামভৰ্তিৰ ধৰণ সলনি কৰি দ্বাদশ শ্ৰেণীৰ ফলাফলৰ শতাংশ নম্বৰৰ পৰা সংযুক্ত বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ নম্বৰলৈ সলনি কৰে। বৰ্তমান এই পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰা হয় আৰু দ্বাদশ শ্ৰেণীত লাভ কৰা নম্বৰৰ শতাংশয়ে একে এই পৰীক্ষাত একে নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে টাই-ব্ৰেকাৰ হিচাপে কাম কৰে।[13][14]
ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ অন্যতম আকাংক্ষিত শিক্ষানুষ্ঠান ডি ইউ। ইয়াৰ উপৰিও ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত ইয়াৰ প্ৰকাশনৰ সংখ্যা সৰ্বাধিক।[15]
বিশ্ববিদ্যালয়খনৰ বাৰ্ষিক সন্মানীয় ডিগ্ৰী অনুষ্ঠানত কেইবাজনো লোকক প্ৰদান কৰা হয়। অভিনেতা অমিতাভ বচ্চন, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিত, কাৰ্টুনকাৰ আৰ কে লক্ষ্মণ, ৰসায়নবিদ চি এন আৰ ৰাও[16] আৰু যুক্তৰাজ্যৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰ্ডন ব্ৰাউনক আদিকে ধৰি বহু গণ্য-মান্য ব্যক্তিক দিল্লী বিশ্ববিদ্যালয়ে সন্মানীয় ডিগ্ৰী প্ৰদান কৰিছে।[17]
দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত ৯১খন মহাবিদ্যালয় সমগ্ৰ দিল্লীত বিস্তৃত হৈ আছে। উত্তৰ চৌহদ বা নৰ্থ কেম্পাছ আৰু দক্ষিণ চৌহদ বা চাউথ কেম্পাছ দিল্লী বিশ্ববিদ্যালয়ৰ দুটা মূল চৌহদ।[18] নতুন দিল্লীৰ মধ্য অংশত অৱস্থিত জাকিৰ হুছেইন দিল্লী কলেজ দিল্লীৰ আটাইতকৈ পুৰণি মহাবিদ্যালয় দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
নৰ্থ কেম্পাছত বিশ্ববিদ্যালয়খনৰ তিনিখন প্ৰতিষ্ঠাপক মহাবিদ্যালয় অৱস্থিত। বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ নৰ্থ কেম্পাছত স্কুল অৱ অ’পেন লাৰ্নিং, কলা অনুষদ, আইন অনুষদ, ব্যৱস্থাপনা অধ্যয়ন অনুষদ, প্ৰযুক্তি অনুষদ আৰু কিৰ’ৰী মল কলেজ, লেডী ইৰউইন কলেজ, দৌলত ৰাম কলেজ, হন্সৰাজ কলেজ, হিন্দু কলেজ , ইন্দ্ৰপ্ৰস্থ কলেজ ফৰ ৱমেন, মাতা সুন্দৰী কলেজ ফৰ ৱমেন, লক্ষ্মীবাই মহাবিদ্যালয়, মিৰাণ্ডা হাউচ, শ্ৰী গুৰু টেগ বাহাদুৰ খালছা মহাবিদ্যালয়, ৰামজাছ মহাবিদ্যালয়, ছেইণ্ট ষ্টিফেন মহাবিদ্যালয়, শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়, সত্যৱতী মহাবিদ্যালয়, শ্যাম লাল মহাবিদ্যালয়কে ধৰি ১৬ খন মহাবিদ্যালয় আছে। এই চৌহদত স্নাতক অধ্যয়ন আৰু গৱেষণাৰ কেন্দ্ৰও আছে। লগতে ইয়াত ক্লাষ্টাৰ ইন'ভেচন চেণ্টাৰ, দিল্লী স্কুল অৱ ইক'নমিক্স, দিল্লী স্কুল অৱ জাৰ্নেলিজম[19] আৰু আম্বেদকাৰ চেণ্টাৰ ফৰ বায়'মেডিকেল ৰিচাৰ্চ আদিও অৱস্থিত।
বিশ্ববিদ্যালয়খনৰ সম্প্ৰসাৰণ পৰিকল্পনাৰ অংশ হিচাপে ১৯৭৩ চনত চাউথ কেম্পাছ মুকলি কৰা হৈছিল। ১৯৮৪ চনত ই ধৌলা কুঁৱা ওচৰৰ বেনিটো জুয়াৰেজ মাৰ্গত বৰ্তমানৰ স্থানলৈ ৬৯ একৰ মাটিকালিৰ চৌহদলৈ স্থানান্তৰিত কৰা হয়। ইয়াত আৰ্যভট্ট মহাবিদ্যালয়, আয়ুৰ্বেদিক আৰু য়ুনানী তিব্বিয়া মহাবিদ্যালয়, গাৰ্গী মহাবিদ্যালয়, আত্মা ৰাম সনাতন ধৰ্ম মহাবিদ্যালয়, পিজিডিএভি মহাবিদ্যালয়, জিছুছ এণ্ড মেৰী মহাবিদ্যালয়, ৰামানুজন মহাবিদ্যালয়, মৈত্ৰেয়ী মহাবিদ্যালয়, মতিলাল নেহৰু মহাবিদ্যালয়, মতিলাল নেহৰু সান্ধ্য মহাবিদ্যালয়, ৰাম লাল আনন্দ মহাবিদ্যালয় , শ্ৰী ভেংকটেশ্বৰ মহাবিদ্যালয়, লেডী শ্ৰী ৰাম মহাবিদ্যালয়, দীন দয়াল উপাধ্যায় মহাবিদ্যালয়, দিল্লী কলেজ অফ আৰ্টছ এণ্ড কমাৰ্চ, ইনষ্টিটিউট অৱ হোম ইকনমিক্স, কলেজ অৱ ভকেচনেল ষ্টাডিজ, শ্ৰী অৰবিন্দ কলেজ, কমলা নেহৰু কলেজ, দ্যাল সিং কলেজ, শ্বহীদ ভগত সিং কলেজ আৰু ৰাজকুমাৰী অমৃত কৌৰ কলেজ অৱ নাৰ্চিং, আচাৰ্য নৰেন্দ্ৰ দেৱ কলেজ আৰু দেশবন্ধু মহাবিদ্যালয় অৱস্থিত।
দিল্লী বিশ্ববিদ্যালয়ৰ কিছুমান মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক হোষ্টেলৰ সুবিধা প্ৰদান কৰা হয় যদিও এই সুবিধা নিৰ্দিষ্ট সংখ্যক মহাবিদ্যালয়ত সীমাবদ্ধ। হোষ্টেলৰ আবণ্টনও মেধাৰ ভিত্তিত কৰা হয়। দিল্লী বিশ্ববিদ্যালয়ৰ মাত্ৰ ২০খন মহাবিদ্যালয়তহে ছাত্ৰ-ছাত্ৰীক হোষ্টেলৰ সুবিধা প্ৰদান কৰা হয়।[20]
ভাৰতৰ ৰাষ্ট্ৰপতি দিল্লী বিশ্ববিদ্যালয়ৰ পৰিদৰ্শক, ভাৰতৰ উপ-ৰাষ্ট্ৰপতি আচাৰ্য আৰু ভাৰতৰ মুখ্য ন্যায়াধীশ বিশ্ববিদ্যালয়ৰ সহ-আচাৰ্য। কোৰ্ট, কাৰ্যবাহী পৰিষদ, শৈক্ষিক পৰিষদ আৰু বিত্ত সমিতি বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক কৰ্তৃপক্ষ।[21] বিশ্ববিদ্যালয় কোৰ্ট বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ কৰ্তৃত্ব আৰু কাৰ্যবাহী পৰিষদ আৰু ইয়াৰ শৈক্ষিক পৰিষদৰ আইনসমূহ পুনৰীক্ষণ কৰাৰ ক্ষমতা আছে। কাৰ্যনিৰ্বাহক পৰিষদ হৈছে বিশ্ববিদ্যালয়খনৰ সৰ্বোচ্চ কাৰ্যবাহী সংস্থা। শৈক্ষিক পৰিষদ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ শৈক্ষিক সংস্থা আৰু বিশ্ববিদ্যালয়ৰ ভিতৰত শিক্ষা, শিক্ষণ, পৰীক্ষাৰ মানদণ্ড বজাই ৰখাৰ দায়িত্ব লয়। ইয়াৰ সকলো শৈক্ষিক বিষয়ত কাৰ্যবাহী পৰিষদক পৰামৰ্শ দিয়াৰ অধিকাৰ আছে। বিত্তীয় নীতি, লক্ষ্য, বাজেটৰ পৰামৰ্শ দিয়াৰ দায়িত্ব বিত্ত সমিতিৰ ওপৰত ন্যস্ত।
দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত মহাবিদ্যালয়সমূহ বিশ্ববিদ্যালয়খনৰ গঠনমূলক একক। ই এখন কলেজীয়া বিশ্ববিদ্যালয়। পুঁজিৰ ওপৰত নিৰ্ভৰ কৰি দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত মহাবিদ্যালয়সমূহ ব্যাপকভাৱে তিনিটা ভাগত বিভক্ত:
মহাবিদ্যালয়সমূহৰ,
বিশ্ববিদ্যালয়খনত ৬৫খন মহাবিদ্যালয়ত মানৱবিজ্ঞান, সমাজ বিজ্ঞান, আৰু বিজ্ঞানৰ পাঠ্যক্ৰমৰ ব্যৱস্থা আছে। ইয়াৰে ২৫খন মহাবিদ্যালয় চাউথ কেম্পাছত অৱস্থিত বিপৰীতে বাকী কেইখন নৰ্থ কেম্পাছত অৱস্থিত। পেছাদাৰী পাঠ্যক্ৰম চলোৱা মহাবিদ্যালয়সমূহ অন্তৰ্ভুক্ত কৰিলে বিশ্ববিদ্যালয়ৰ অধীনস্থ মুঠ মহাবিদ্যালয়ৰ সংখ্যা ৭৭খন। কিছুমান কলেজে সন্ধিয়াৰ পাঠ্যক্ৰমও আগবঢ়ায়।[23]
নাম | স্থাপিত | কেম্পাছ/অৱস্থান |
---|---|---|
আদিতি মহাবিদ্যালয় | ১৯৯৪ | নৰ্থ কেম্পাছ |
জাকিৰ হুছেইন দিল্লী মহাবিদ্যালয় | ১৬৯৬ | |
দৌলত ৰাম মহাবিদ্যালয় | ১৯৬০ | |
হিন্দু কলেজ | ১৮৯৯ | |
হন্সৰাজ কলেজ | ১৯৪৮ | |
ইন্দ্ৰপ্ৰস্থ কলেজ ফৰ ৱমেন | ১৯২৪ | |
কিৰৰী মল কলেজ | ১৯৫৪ | |
মিৰাণ্ডা হাউচ | ১৯৪৮ | |
ৰামজাছ কলেজ | ১৯১৭ | |
ছেইণ্ট ষ্টিফেনছ কলেজ | ১৮৮১ | |
শ্বহীদ সুখদেৱ কলেজ অফ বিজনেছ ষ্টাডিজ | ১৯৮৭ | |
শ্ৰী ৰাম কলেজ অফ কমাৰ্চ | ১৯২৬ | |
গুৰু টেগ বাহাদুৰ খালছা কলেজ | ১৯৫১ | |
স্কুল অফ অপেন লাৰ্ণিং | ১৯৬২ | |
স্বামী শ্ৰদ্ধানন্দ মহাবিদ্যালয় | ১৯৬৭ | |
বল্লভভাই পেটেল বক্ষ প্ৰতিষ্ঠান | ১৯৪৯ | |
আচাৰ্য নৰেন্দ্ৰ দেৱ কলেজ | ১৯৯১ | চাউথ কেম্পাছ |
আৰ্যভট্ট মহাবিদ্যালয় | ১৯৭৩ | |
আত্মা ৰাম সনাতন ধৰ্ম মহাবিদ্যালয় | ১৯৫৯ | |
দিল্লী কলা আৰু বাণিজ্য মহাবিদ্যালয় | ১৯৮৭ | |
জিচাছ এণ্ড মেৰী কলেজ | ১৯৬৮ | |
মৈত্ৰেয়ী মহাবিদ্যালয় | ১৯৬৭ | |
মতিলাল নেহৰু মহাবিদ্যালয় | ১৯৬৪ | |
মতিলাল নেহৰু সান্ধ্য মহাবিদ্যালয় | ১৯৬৫ | |
ৰাম লাল আনন্দ কলেজ | ১৯৬৪ | |
শ্ৰী ভেংকটেশ্বৰ মহাবিদ্যালয় | ১৯৬১ | |
কলেজ অৱ ভকেচনেল ষ্টাডিজ | ১৯৭২ | |
দিল্লী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্স এণ্ড ৰিচাৰ্চ | ১৯৬৪ | |
দেশবন্ধু মহাবিদ্যালয় | ১৯৫২ | |
দ্যাল সিং কলেজ | ১৯৫৯ | |
গাৰ্গী মহাবিদ্যালয় | ১৯৬৭ | |
ইনষ্টিটিউট অৱ হোম ইকনমিক্স | ১৯৬১ | |
কমলা নেহৰু মহাবিদ্যালয় | ১৯৬৪ | |
লেডী শ্ৰী ৰাম কলেজ ফৰ ৱমেন | ১৯৫৬ | |
পিজিডিএভি মহাবিদ্যালয় | ১৯৫৭ | |
পিজিডিএভি সান্ধ্য মহাবিদ্যালয় | ১৯৫৮ | |
ৰাজকুমাৰী অমৃত কৌৰ কলেজ অৱ নাৰ্চিং[24] | ১৯৪৬ | |
ৰামানুজন কলেজ | ২০১০ | |
শ্ৰী অৰবিন্দ কলেজ | ১৯৭২ | |
শ্ৰী অৰবিন্দ সান্ধ্য কলেজ | ১৯৮৪ | |
শ্বহীদ ভাগত সিং মহাবিদ্যালয় | ১৯৬৭ | |
শ্বহীদ ভাগত সিং সান্ধ্য মহাবিদ্যালয় | ১৯৭৩ | |
দ্যাল সিং সান্ধ্য মহাবিদ্যালয় | ১৯৫৮ | |
আয়ুৰ্বেদিক আৰু য়ুনানী তিব্বিয়া মহাবিদ্যালয় | ১৯১৬ | কেন্দ্ৰীয় চৌহদ |
কলেজ অফ আৰ্টছ | ১৯৪২ | |
জানকী দেৱী মেম'ৰিয়েল কলেজ | ১৯৫৯ | |
লেডী হাৰ্ডিং মেডিকেল কলেজ | ১৯১৬ | |
লেডী ইৰউইন কলেজ | ১৯৩২ | |
মাতা সুন্দৰী কলেজ ফৰ ৱমেন | 1967 | |
মৌলানা আজাদ ইনষ্টিটিউট অফ ডেণ্টেল চাইন্সেছ | ২০০৩ | |
মৌলানা আজাদ চিকিৎসা মহাবিদ্যালয় | ১৯৫৬ | |
শ্ৰী গুৰু নানক দেৱ খালছা কলেজ | ১৯৭৩ | |
জাকিৰ হুছেইন দিল্লী মহাবিদ্যালয় | ১৭৯২ | |
জাকিৰ হুছেইন দিল্লী সান্ধ্য মহাবিদ্যালয় | ১৯৫৮ | |
মহাৰাজা অগ্ৰসেন মহাবিদ্যালয় | ১৯৯৪ | পূব দিল্লী |
মহৰ্ষি বাল্মীকি শিক্ষা মহাবিদ্যালয় | ১৯৬৬ | |
শ্বহীদ ৰাজগুৰু কলেজ অফ এপ্লাইড চাইন্সেছ ফৰ ৱমেন | ১৯৮৯ | |
শ্যাম লাল কলেজ | ১৯৬৪ | |
শ্যাম লাল সান্ধ্য কলেজ | ১৯৬৯ | |
বিবেকানন্দ মহাবিদ্যালয় | ১৯৭০ | |
নেহৰু হোমিওপেথিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় | ১৯৬৭ | দক্ষিণ দিল্লী |
ভীম ৰাও আম্বেদকাৰ কলেজ | ১৯৯১ | উত্তৰ পূব দিল্লী |
বিশ্ববিদ্যালয় চিকিৎসা বিজ্ঞান মহাবিদ্যালয় | ১৯৭১ | |
ভাৰতী মহাবিদ্যালয় | 1971 | পশ্চিম দিল্লী |
দীন দয়াল উপাধ্যায় মহাবিদ্যালয় | ১৯৯০ | |
ইন্দিৰা গান্ধী শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া বিজ্ঞান প্ৰতিষ্ঠান | ১৯৮৭ | |
কালিন্দী মহাবিদ্যালয় | ১৯৬৭ | |
ৰাজধানী মহাবিদ্যালয় | ১৯৬৪ | |
শিৱাজী মহাবিদ্যালয় | ১৯৬১ | |
শ্যামা প্ৰসাদ মুখাৰ্জী মহাবিদ্যালয় | ১৯৬৯ | |
কেশৱ মহাবিদ্যালয় | ১৯৯৪ | উত্তৰ পশ্চিম দিল্লী |
লক্ষ্মীবাঈ মহাবিদ্যালয় | ১৯৬৫ | |
সত্যৱতী মহাবিদ্যালয় | ১৯৭২ | |
সত্যৱতী সান্ধ্য মহাবিদ্যালয় | ১৯৭৩ | |
শ্ৰী গুৰু গোবিন্দ সিং বাণিজ্য মহাবিদ্যালয় | ১৯৮৪ | |
ভগিনী নিবেদিতা মহাবিদ্যালয় | ১৯৯৩ | দক্ষিণ পশ্চিম দিল্লী |
লেডী ইৰউইন কলেজ | ১৯৩২ | |
ভাস্কৰাচাৰ্য প্ৰায়োগিক বিজ্ঞান মহাবিদ্যালয় | ১৯৯৫ |
দিল্লী বিশ্ববিদ্যালয়ৰ ৮৬টা শৈক্ষিক বিভাগ ১৬টা অনুষদত বিভক্ত।
আগতে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি অনুষদে অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ পাঠ্যক্ৰম আগবঢ়াইছিল। ইয়াৰ পূৰ্বে দিল্লী অভিযান্ত্ৰিক মহাবিদ্যালয়ক দিল্লী প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় আৰু নেতাজী সুভাষ প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হোৱাৰ আগতে নেতাজী সুভাষ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অন্তৰ্ভুক্ত আছিল।[26][27] ২০২৩ চনত ইয়াক পুনৰ প্ৰতিষ্ঠা কৰা হয়।[28]
দিল্লী বিশ্ববিদ্যালয়ৰ দুটা সংযুক্ত অনুষদ আছে:
দিল্লী বিশ্ববিদ্যালয়ত প্ৰায় ২৮টা কেন্দ্ৰ আৰু প্ৰতিষ্ঠান আছে। এইবোৰক চাৰিটা ভাগত ভাগ কৰা হৈছে:
বিশ্ববিদ্যালয়খনত স্নাতক (ইউজি) আৰু স্নাতকোত্তৰ (পিজি)ৰ বাবে ২৪০টা পাঠ্যক্ৰম উপলব্ধ।[39] দিল্লী বিশ্ববিদ্যালয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক, প্ৰযুক্তিবিদ্যাৰ স্নাতক আদিকে ধৰি মুঠ ২০১ টা পাঠ্যক্ৰম আগবঢ়ায়। পাঠ্যক্ৰমসমূহক মূলতঃ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কলা, বাণিজ্য আৰু বিজ্ঞানকে ধৰি তিনিটা অনুষদৰ অধীনত শ্ৰেণীভুক্ত কৰা হয়।[40]
বিশ্ববিদ্যালয়খনে ৭০টা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰে। ডি ইউয়ে প্ৰায় ২৮টা বিষয়ত এমফিল পাঠ্যক্ৰমো প্ৰদান কৰে।[41] এইবোৰৰ উপৰিও ইয়াত ৯০তকৈ বেছি চাৰ্টিফিকেট পাঠ্যক্ৰম আৰু ২৮ টা ডিপ্লমা পাঠ্যক্ৰমৰ সুবিধা আছে। দিল্লী বিশ্ববিদ্যালয়ত বিভিন্ন ভাষাত ১৫ টা উচ্চ ডিপ্লমা প্ৰদান কৰা হয়। বিশ্ববিদ্যালয়খনে পি এইচ ডি পাঠ্যক্ৰম প্ৰদান কৰে।[42] কিন্তু বিশেষ আৰু অতি বিশেষ চিকিৎসা ডিগ্ৰী যেনে ডি এম, ডি চি এইচ আদি, কেৱল চিকিৎসা বিজ্ঞানৰ অনুষদেহে প্ৰদান কৰিব কৰে।[43] আইনী শিক্ষাৰ মানদণ্ডৰ নিশ্চয়তাৰ অভাৱৰ বাবে ভাৰতীয় বাৰ কাউন্সিলে দিল্লী বিশ্ববিদ্যালয় (ডি ইউ)ক নিজৰ কলেজত সন্ধিয়াৰ শ্বিফটত প্ৰদান কৰা আইন পাঠ্যক্ৰম বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।[44]
বিশ্ববিদ্যালয় মূল্যাংকন | |
---|---|
সাধাৰণ – ভাৰত | |
QS (ভাৰত) (২০২০)[45] | ৭ |
আউটলুক ইণ্ডিয়া (বিশ্ববিদ্যালয়) (২০২০)[46] | ৮ |
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ২০২৩ নৰ QS বিশ্ব বিশ্ববিদ্যালয় ৰেংকিঙত দিল্লী বিশ্ববিদ্যালয়ে ৫২১–৫৩০ আৰু এছিয়াত ৮৫ স্থান লাভ কৰিছিল। ২০২৩ চনৰ টাইমছ হাইয়াৰ এডুকেচন ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙে ইয়াক বিশ্বৰ ১০০১–১২০০, ২০২২ চনত এছিয়াত ২০১–২৫০ আৰু উদীয়মান অৰ্থনীতিৰ মাজত একে বেণ্ডত স্থান লাভ কৰে। ২০২৩ চনৰ বিশ্ব বিশ্ববিদ্যালয়সমূহৰ একাডেমিক ৰেংকিঙত ইয়াৰ স্থান আছিল ৬০১–৭০০।
ভাৰতত ২০২৪ চনত ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্কৰ দ্বাৰা ইয়াক সামগ্ৰিকভাৱে ১৫ আৰু বিশ্ববিদ্যালয়সমূহৰ ভিতৰত ৬ নম্বৰ স্থান দিয়া হৈছিল।[47]
দিল্লী বিশ্ববিদ্যালয় ষ্টেডিয়াম নৰ্থ কেম্পাছৰ ভিতৰত ৰাগবী চেভেনছ ষ্টেডিয়াম অৱস্থিত। ১০,০০০ বৰ্গমিটাৰ (১১০,০০০ বৰ্গফুট)ত বিস্তৃত এই ষ্টেডিয়ামত ২৫০০ স্থায়ী আৰু ৭,৫০০ অস্থায়ী আসনৰ ব্যৱস্থা আছে। ২০০৮ চনত ইয়াক নিৰ্মাণ আৰম্ভ হয় আৰু ২০১০ চনৰ কমনৱেলথ গেমছৰ পূৰ্বে ২০১০ চনৰ জুলাই মাহত ষ্টেডিয়ামখন উদ্বোধন কৰা হয়।[48] ইয়াৰ উপৰিও নেটবল, বক্সিং, মহিলা মল্লযুঁজ আৰু এথলেটিকছৰ প্ৰশিক্ষণৰ ক্ষেত্ৰও অন্তৰ্ভুক্ত কৰা হৈছে।[49][50]
খেলৰ পিছত ষ্টেডিয়ামখন কমনৱেলথ গেমছ আয়োজক কমিটিয়ে বিশ্ববিদ্যালয়ৰ হাতত অৰ্পণ কৰে। তাৰ পিছত ২০১১ চনত বিশ্ববিদ্যালয়খনে উন্নীতকৰণৰ পৰিকল্পনা আৰম্ভ কৰে। ইনডৰ আৰু আউটডৰ খেলৰ সুবিধাৰে বহুমুখী খেলপথাৰ সৃষ্টিৰ উদ্দেশ্যৰে ইয়াৰ বিকাশ সাধন কৰা হয়।[51] বিশ্ববিদ্যালয়খনে ২০১১ চনৰ শেষৰ ফালে ইয়াক মুকলি কৰে।[52]
দিল্লী বিশ্ববিদ্যালয় ভাৰতৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়। ইয়াৰ লগত জড়িত বিভিন্ন ব্যক্তিয়ে ভিন ভিন ক্ষেত্ৰত নিজৰ অৰিহণা আগবঢ়াইছে। ভাৰতীয় ৰাজনীতিৰ উল্লেখযোগ্য প্ৰাক্তন শিক্ষাৰ্থীসকলৰ ভিতৰত আছে: অধিবক্তা আৰু প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলী;[53] ভাৰতৰ বৈদেশিক সচিব বিজয় কেশৱ গোখলে;[54][55] বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ; প্ৰাক্তন কূটনীতিবিদ, লেখক আৰু সংসদৰ সদস্য শশী থাৰুৰ;[56][57][58] ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ; দিল্লীৰ ষষ্ঠ মুখ্যমন্ত্ৰী শীলা দীক্ষিত; উত্তৰ প্ৰদেশৰ চতুৰ্থ মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী সুচেতা কৃপলানী; অৰ্থনীতিবিদ তথা জনতা পাৰ্টিৰ প্ৰাক্তন নেতা সুব্ৰমণ্য স্বামী; ওড়িশাৰ চতুৰ্দশ মুখ্যমন্ত্ৰী নবীন পাটনায়ক; উদ্যোগপতি তথা প্ৰাক্তন সংসদ সদস্য নবীন জিন্দাল; কূটনীতিবিদ তথা বৈদেশিক সচিব জ্যোতিন্দ্ৰ নাথ দীক্ষিত; পৰিকল্পনা আয়োগৰ প্ৰাক্তন উপ অধ্যক্ষ মণ্টেক সিং আহলুৱালিয়া; কৰ্পৰেট আৰু সংখ্যালঘু পৰিক্ৰমা বিভাগৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী ছলমান খুৰশ্বিদ; প্ৰাক্তন কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী কপিল ছিবাল; প্ৰাক্তন তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অম্বিকা সোনী; প্ৰাক্তন কেন্দ্ৰীয় বিনিৱেশ মন্ত্ৰী অৰুণ শৌৰী;[59] দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু ৰাজস্থানৰ ৰাজ্যপাল মদন লাল খুৰানা; লখিমপুৰৰ প্ৰাক্তন বিধায়ক ৰাজদ্বীপ গোৱালা; জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সভাপতি ঐশ্বী ঘোষ আৰু ওড়িশাৰ উপ-মুখ্যমন্ত্ৰী কনক বৰ্ধন সিং দেও ইত্যাদি।
তদুপৰি ম্যানমাৰৰ ৰাজ্যিক পৰামৰ্শদাতা আং চান চ্যু কি, মালাৱিৰ তৃতীয় ৰাষ্ট্ৰপতি বিঙ্গু ৱা মুথাৰিকা, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গিৰিজা প্ৰসাদ কৈৰালা, পাকিস্তানৰ ষষ্ঠ ৰাষ্ট্ৰপতি মুহাম্মাদ জিয়া-উল-হক,[60] শ্ৰীলংকাৰ ষোড়শ প্ৰধানমন্ত্ৰী হৰিণী অমৰাচুৰিয়া আৰু ভূটানৰ দুজন প্ৰাক্তন প্ৰধানমন্ত্ৰী চাংগে এনগেডুপ, আৰু খাণ্ডু ৱাংচুকে ধৰি অসংখ্য বিদেশী ৰাজনীতিবিদ আৰু ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীসকলে ইয়াত শিক্ষা গ্ৰহণ কৰিছে।
দিল্লী বিশ্ববিদ্যালয়ত ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰৰ বহুসংখ্যক মুখ্য অভিনেতা আৰু অভিনেত্ৰীও শিক্ষা গ্ৰহণ কৰিছে। অমিতাভ বচ্চন, শ্বাহৰুখ খান, মনোজ বাজপেয়ী, কংকনা সেন শৰ্মা, অনুৰাগ কাশ্যপ, অৰ্জুন ৰামপাল, ইমৰান জাহিদ, নেহা ধুপিয়া, সাক্ষী তানৱাৰ, মল্লিকা শেৰাৱত, ইমতিয়াজ আলী, হুমা কুৰেছি,,[61] সিদ্ধাৰ্থ, সুশান্ত সিং ৰাজপুত, শ্ৰিয়া সাৰণ, বিশাল ভৰদ্বাজ, সন্ধ্যা মৃদুল, অদিতি ৰাও হায়দৰী, শেখৰ কাপুৰ, দীপা মেহতা, নিম্ৰত কৌৰ, কবীৰ খান, অদিতি আৰ্য, সিদ্ধাৰ্থ মালহোত্ৰা আৰু তৃপ্তি ডিমৰি। চিডব্লিউই মল্লযোদ্ধা শংকি সিঙেও দিল্লী বিশ্ববিদ্যালয়ৰ মহাৰাজা আগ্ৰাসেন মহাবিদ্যালয়ৰ পৰা বাণিজ্যৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল। গায়ক পাপনয়েও মতিলাল নেহৰু মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল।
সাহিত্যৰ ক্ষেত্ৰত উল্লেখযোগ্য প্ৰাক্তন শিক্ষাৰ্থীসকলৰ ভিতৰত উল্লেখযোগ্য সমূহ হৈছে: সাহিত্য অকাডেমি বঁটা বিজয়ী নাট্যকাৰ আৰু নাট্যকাৰ হৰচৰণ সিং, উৰ্দু কবি আখটাৰ উল ইমান, লেখক বিক্ৰম শেঠ, অনিতা দেশাই (তিনিবাৰ বুকাৰ বঁটাৰ বাবে তালিকাভুক্ত), অমিতাভ ঘোষ, কুঞ্জাং চোডেন, উপমন্যু চেটাৰ্জী, আলি চৰ্দাৰ জাফ্ৰি আৰু পদ্মবিভূষণ খুছৱন্ত সিং ইত্যাদি।
বিজ্ঞানৰ ক্ষেত্ৰত উল্লেখযোগ্য প্ৰাক্তন শিক্ষাৰ্থীসকল হৈছে পদাৰ্থবিজ্ঞানী অৰ্চনা ভট্টাচাৰ্য,[62] তাত্ত্বিক পদাৰ্থবিজ্ঞানী প্ৰাণ নাথ, এছএলএচি পদাৰ্থবিজ্ঞানী যোগেশ পতি,[63] কণিকা পদাৰ্থবিজ্ঞানী অমিতাভ ৰায়চৌধুৰী, জ্যোতিৰ্বিজ্ঞানী বিনোদ কৃষ্ণ,[64] ৰসায়নবিদ চাৰুশিতা চক্ৰৱৰ্তী আৰু অনিল কুমাৰ ত্যাগী,[65] অভিযন্তা আৰু "পেণ্টিয়াম প্ৰচেছৰৰ পিতৃ" বিনোদ ধাম, গণিতজ্ঞ একনাথ প্ৰভাকৰ ঘাটে, জ্যোতিৰ্বিজ্ঞানী সংগীতা মালহোত্ৰা, অভিযন্তা যোগী গোস্বামী, নিউৰোচাৰ্জন বি. কে. মিশ্ৰা (ৱৰ্ল্ড ফেডাৰেচন অফ নিউৰোচাৰ্জিকেল চ'চাইটিজৰ প্ৰথম উপ-সভাপতি),[66] আৰু জৈৱসামগ্ৰী গৱেষক সঞ্জুক্তা দেৱ ইত্যাদি।
মানৱবিজ্ঞান আৰু সামাজিক বিজ্ঞানৰ উল্লেখযোগ্য প্ৰাক্তন শিক্ষাৰ্থীসকলৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ অৰ্থনীতিৰ প্ৰথম উপ-পৰিচালনা সঞ্চালক গীতা গোপীনাথ; অৰ্থনীতিবিদ আৰু জ্যেষ্ঠ উপ-সভাপতি আৰু বিশ্ব বেংকৰ মুখ্য অৰ্থনীতিবিদ কৌশিক বসু; বুৰঞ্জীবিদ অৰুন্ধতী বীৰমণি, ৰামনাৰায়ণ ৰাৱট, উপিন্দৰ সিং আৰু ঊষা সান্যাল; জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ নৃতত্ত্বৰ অধ্যাপক বীনা দাস; কথক নৃত্যশিল্পী উমা শৰ্মা; ভাৰতনাট্যম নৃত্যশিল্পী গীতা চন্দ্ৰন; লিংগ অধিকাৰ কৰ্মী মীৰা খান্না আৰু আইপিএছ বিষয়া আৰু ৰাজনীতিবিদ কিৰণ বেদী উল্লেখ্যযোগ্য।[67][68]
ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰাক্তন শিক্ষাৰ্থীসকলৰ ভিতৰত টেছলাৰ চিএফঅ' বৈভৱ তানেজা, বিশ্ব বেংকৰ সভাপতি- অজয় বংগা আৰু ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ পৰিচালনা সঞ্চালক আৰু মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী উল্লেখযোগ্য।
দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলৰ ভিতৰত ৰাম শৰণ শৰ্মা আৰু ৰামচন্দ্ৰ গুহৰ দৰে বিশিষ্ট ইতিহাসবিদ; অৰ্থনৈতিক বিজ্ঞানৰ নোবেল স্মাৰক বঁটা লাভ কৰা অমৰ্ত্য সেন; ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং; অৰ্থনীতিবিদ আৰু ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ এজন মূল স্থপতি সুখময় চক্ৰৱৰ্তী;[69] বৈদেশিক সম্পৰ্ক পৰিষদৰ আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিৰ জ্যেষ্ঠ ফেলো আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপক জগদীশ ভাগৱতী[70] আৰু পাকিস্তান আন্দোলনৰ এগৰাকী আগশাৰীৰ মহিলা আৰু পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী লিয়াকট আলীৰ পত্নী ৰানা লিয়াকট আলী খান উল্লেখযোগ্য।[71]
Seamless Wikipedia browsing. On steroids.