ভাৰতীয় অভিনেতা From Wikipedia, the free encyclopedia
দিলীপ কুমাৰ (ইংৰাজী: Dilip Kumar; প্ৰকৃত নাম মহম্মদ ইউচুফ খান) ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা। দিলীপ কুমাৰৰ জন্ম হৈছিল ১৯২২ চনৰ ১১ ডিচেম্বৰত৷ ট্ৰেজেদী কিং’ নামেৰে প্ৰসিদ্ধ[4] অভিনেতাজনৰ কেৰিয়াৰৰ প্ৰথম ছবি আছিল ১৯৪৪ চনৰ ‘জোৱাৰ ভাটা’। নায়ক হিচাপে ছটা দশকত ৬০খনৰো ওপৰত ছবিত অভিনয় কৰা দিলীপ কুমাৰ পদ্মভূষণ (১৯৯১), দাদাচাহেব ফাল্কে বঁটা (১৯৯৪), পদ্মবিভূষণ (২০১৫) আদিৰে বিভূষিত হৈছে।[5][6] ১৯৯৮ চনত দ্বৈত ভূমিকাত অভিনয় কৰা ‘কিলা’ ছবিখনেই আছিল দিলীপ কুমাৰৰ জীৱনৰ শেষ ছবি। এসময়ৰ মোহময়ী অভিনেত্ৰী চায়ৰা বানুৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। দিলীপ কুমাৰে অভিনয় কৰা ছখন ছবিত কণ্ঠ নিগৰাইছিল গায়ক মান্না দেই। সেইকেইখন হৈছে ইনসানিয়ৎ, দেৱদাস, মুছাফিৰ, মধুমতী, পৈগাম আৰু ক্ৰান্তি।
দিলীপ কুমাৰ | |
---|---|
২০০৬ চনত দিলীপ কুমাৰ | |
জন্ম | মহম্মদ ইউচুফ খান ১১ ডিচেম্বৰ, ১৯২২ পেছোৱাৰ, ব্ৰিটিছ ইণ্ডিয়া |
মৃত্যু | ৭ জুলাই, ২০২১ (৯৮ বছৰ) হিন্দুজা হস্পিতাল, মুম্বাই |
বাসগৃহ | মুম্বাই, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
বংশদ্ভূত | Pashtun[1][2][2] |
পেচা | অভিনেতা প্ৰযোজক ৰাজনীতিবিদ |
সক্ৰিয় হৈ থকা সময় | ১৯৪৪-১৯৮৮ |
দাম্পত্যসঙ্গী | চায়ৰা বানু (১৯৬৬ - বৰ্তমানলৈ) আছমা (১৯৮২) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মভূষণ (১৯৯১) নিচানস-এ-ইমতিয়াজ (১৯৯৮) পদ্মবিভূষণ (২০১৫)[3] |
মোগল-ই আজম ছবিখনৰে কিংবদন্তিলৈ পৰিণত হোৱা দিলীপ কুমাৰৰ ২০২১ চনৰ ৭জুলাই তাৰিখে পুৱা ৭ বাজি ৩০ মিনিটত মুম্বাইৰ হিন্দুজা হস্পিটেলত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৮ বছৰ।[7]
Seamless Wikipedia browsing. On steroids.