ব্ৰঞ্জ যুগ (ইংৰাজী: Bronze Age) হৈছে মানৱ সভ্যতাৰ প্ৰাক ঐতিহাসিক কালৰ তিনিটা প্ৰধান পুৰাতাত্ত্বিক ভাগৰ (প্ৰস্তৰ যুগ, ব্ৰঞ্জ যুগ আৰু লৌহ যুগ) দ্বিতীয়টো ভাগ। এই কালছোৱাতে আধুনিক মানৱে ব্ৰঞ্জ ধাতু আৰু চিহ্ন লিপিৰ ব্যৱহাৰ কৰিবলৈ শিকিছিল। প্ৰাথমিক অৱস্থাৰ নগৰীয়া সভ্যতা এই কালছোৱাৰ অন্যতম বৈশিষ্ট্য।

Thumb
ইউৰোপ আৰু এচিয়াত ধাতুবিদ্যাৰ বিস্তাৰ (গাঢ় ৰঙৰ অংশ আটাইতকৈ পুৰণি)
ক্ষিপ্ৰ তথ্য
ব্ৰঞ্জ যুগ
নৱ প্ৰস্তৰ যুগ

প্ৰাচ্য (৩৩০০–১২০০ খ্ৰী:পূ:)

এনাটলিয়া, ক'কেচাছ, ইলাম, ইজিপ্ট, লেভাণ্ট, মেচ'পটেমিয়া, চিষ্টান
ব্ৰঞ্জ যুগৰ সামৰণি

দক্ষিণ এচিয়া (৩০০০–১২০০ খ্ৰী:পূ:)

হেঙুল-হাইতাল মৃৎশিল্প
সমাধি এইচ

ইউৰোপ (৩২০০–৬০০ খ্ৰী:পূ:)

এজিয়ান, ক'কেচাছ, ফোঁপোলা সমাধিৰ সংস্কৃতি
আটলাণ্টিক, ব্ৰিটেইন, নৰ্ডিক

চীন (২০০০–৭০০ খ্ৰী:পূ:)

এৰ্লিটাও, এৰ্লিগেং

আৰ্চেনিকেল ব্ৰঞ্জ

তৰোৱাল, ৰথ

লৌহ যুগ
বন্ধ কৰক

ব্ৰঞ্জ যুগত তামৰ আকৰৰ পৰা তাম আহৰণ কৰি ইয়াক টিন, আৰ্ছেনিক বা অন্য ধাতুৰ সৈতে মিহলাই মিশ্ৰ ধাতু যেনে ব্ৰঞ্জ তৈয়াৰ কৰা হৈছিল। ব্ৰঞ্জৰ উৎপাদন কৰা ঠাই আৰু আন ঠাইৰ মাজত ধাতুবিধৰ আদান-প্ৰদান কৰা চলিছিল। তাম-টিনৰ আকৰ সহজতে পোৱা নগৈছিল আৰু খ্ৰীষ্টপূৰ্ব ৩য় সহস্ৰাব্দত আমদানি নোহোৱালৈকে পশ্চিম এচিয়াত এই আকৰসমূহ নাছিল। সেয়ে বিশ্বৰ প্ৰায়ভাগ ঠাইতে নৱ্য প্ৰস্তৰ যুগৰ (ইংৰাজী: Neolithic) পিছতে ব্ৰঞ্জ যুগৰ আৰম্ভণি হোৱাৰ বিপৰীতে কোনো কোনো অঞ্চলত তাম্ৰ যুগে সেই ঠাই লৈছিল। কিছু ঠাইত আনকি নৱ্য প্ৰস্তৰ যুগৰ পিছতে লৌহ যুগৰ আৰম্ভণি ঘটিছিল।[1]

ইতিহাস

ব্ৰঞ্জ যুগৰ গোটেই কালছোৱাৰ বৈশিষ্ট্য হৈছে বিশ্বৰ বিভিন্ন অঞ্চলত ব্ৰঞ্জৰ ব্যৱহাৰ। অৱশ্যে সকলো ঠাইতে ধাতুবিধৰ ব্যৱহাৰ আৰু প্ৰযুক্তিৰ সূচনা একে সময়তে হোৱা নাছিল।[2] সেই সময়ত ধাতুৰ বহুল ব্যৱহাৰৰ লগতে বাণিজ্যই লাহে লাহে প্ৰসাৰ লাভ কৰিছিল।

প্ৰাচ্য (Near East)

প্ৰাচীন কালৰ প্ৰাচ্যত খ্ৰীষ্টপূৰ্ব ৪ৰ্থ সহস্ৰাব্দত সুমেৰীয় সভ্যতা আৰম্ভ হোৱাৰে পৰা ব্ৰঞ্জ যুগৰ আৰম্ভণি ঘটে। সেই সময়ত সম্প্ৰসাৰিত কৃষিকাৰ্য, এক লেখন পদ্ধতিৰ বিকাশ, কুমাৰৰ চাকৰ আৱিষ্কাৰ, এক কেন্দ্ৰীয় চৰকাৰৰ সৃষ্টি, আইন আৰু ৰাজ্যৰ গঠন হৈছিল। ইয়াৰ লগতে সামাজিক সন্তুষ্টি, দাস প্ৰথা আৰু সুসংহত সমৰকলাৰ সূচনা হৈছিল। সেই সময়ৰ সমাজখনে জ্যোতিৰ্বিজ্ঞান আৰু গণিতৰ প্ৰাথমিক ভেঁটিটোক গঢ় দিছিল।

মেচ’পটেমিয়াত প্ৰায় ২৯০০ খ্ৰী:পূ:ত ব্ৰঞ্জ যুগৰ আৰম্ভণি হৈছিল। ব্ৰঞ্জ যুগৰ শেহৰ ফালে বেবিলনীয় সভ্যতাৰ উন্মেষ ঘটিছিল। ইৰাণীয় মালভূমি, এনাটলীয়া (খ্ৰী:পূ: ১৮শ শতিকা), লেভেণ্ট, প্ৰাচীন ইজিপ্ট (খ্ৰী:পূ: ৩১৫০-২৬৮৬), মধ্যৱৰ্ত্তীকালৰ ইজিপ্ট (খ্ৰী:পূ: ২০৫৫-১৬৫০), নৱ্য ইজিপ্ট (খ্ৰী:পূ: ১৬০০-১১০০) আদিৰ সভ্যতা এই কালছোৱাৰ অন্তৰ্ভুক্ত আছিল।

মধ্য এচিয়া

দক্ষিণ ৰাছিয়া আৰু মধ্য মঙ্গোলিয়াৰ অলটাই পৰ্বত অঞ্চলত ব্ৰঞ্জ সংস্কৃতিৰ উন্মেষ ঘটাৰ প্ৰমাণ পোৱা গৈছে।[3]

পূব এচিয়া

  1. চীন: চীনত খ্ৰী:পূ: ৩১০০-২৭০০ৰ ব্ৰঞ্জৰ সামগ্ৰী পোৱা গৈছে।[4][5]
  2. কোৰিয়া: পেনিনচুলাত ৯০০-৮০০ খ্ৰী:পূ:তে ব্ৰঞ্জ যুগ আৰম্ভ হৈছিল।[6][7] লিয়াওনিং আৰু মাঞ্চুৰিয়াৰ পৰা কোৰিয়ান ব্ৰঞ্জ যুগৰ সূচনা হৈছে।[8]
অধিক তথ্য কোৰিয়াৰ ব্ৰঞ্জ যুগ ...
কোৰিয়াৰ ব্ৰঞ্জ যুগ
বন্ধ কৰক

দক্ষিণ এচিয়া

সিন্ধু সভ্যতা

এই প্ৰাচীন সভ্যতা (খ্ৰী:পূ: ৩৩০০-১৭০০) এচিয়াৰ এক অন্যতম প্ৰধান নদী সিন্ধু আৰু বৰ্তমান শুকাই যোৱা সৰস্বতী নদীৰ পাৰত গঢ় লৈ উঠিছিল।[9][10]

দক্ষিণ-পূব এচিয়া

ভিয়েটনাম আৰু দক্ষিণ চীনত নৱ্য প্ৰস্তৰ যুগৰ ব্ৰঞ্জৰ ঢোলজাতীয় বাদ্যযন্ত্ৰ আৱিষ্কৃত হৈছে। থাইলেণ্ডত ২১০০ খ্ৰীষ্টপূৰ্ব পুৰণি ব্ৰঞ্জৰ সা-সঁজুলি পোৱা গৈছে।[11]

ইউৰোপ

ইউৰোপত এজিয়ান ব্ৰঞ্জ যুগৰ (The Aegean Bronze Age) সূচনা হৈছিল ৩২০০ খ্ৰী:পূ:ত।[12]

আমেৰিকা

দক্ষিণ আমেৰিকাৰ ম’কে সভ্যতাই স্বাধীনভাৱে ব্ৰঞ্জ নিষ্কাষণ আৱিষ্কাৰ কৰাৰ লগতে ইয়াৰ বিকাশ ঘটাইছিল।[13]

টোকা

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.