বস্ত্ৰ From Wikipedia, the free encyclopedia
ক্ৰমা (ইংৰাজী: Krama) কম্বোডিয়াৰ এবিধ অতি মজবুত পৰম্পৰাগত কাপোৰ, যাক বিভিন্ন উদ্দেশ্যত ব্যৱহাৰ কৰা হয়; যেনে, মুখখন ঢাকিবলৈ স্কাৰ্ফ, ৰুমাল বা চৌখিন সজ্জাৰ বাবে আৰু শিশুক ওমলাবলৈ ঝুলনা হিচাপে ব্যৱহাৰ কৰা হয়।[1] বোকাটৰ যুঁজাৰুসকলে ক্ৰমা কঁকাল, মূৰ আৰু হাতৰ মুঠিত মেৰিয়াই লৈ ইয়াক ফাঁচ(garrote) লগাবলৈ ব্যৱহাৰ কৰে৷[2] ক্ৰমা পুৰুষ, মহিলা আৰু শিশু সকলোৱে পিন্ধে আৰু ই সাধাৰণতে ফুলতোলা হয়, যদিও বেছিভাগ ক্ৰমাতে যিকোনো ধৰণৰ জিনঘাম অৰ্থাৎ সৰু সৰু বৰ্গাক্ষেত্ৰাকাৰ আৰ্হি থাকে, আৰু ই পৰম্পৰাগতভাৱে ৰঙা বা নীলা ৰঙৰ হয়। ই কম্বোডিয়াৰ জাতীয় প্ৰতীক।
খেমৰ(khmer) লোকৰ এটি যুটীয়ে ক্ৰমা পৰিধান কৰি নাচৰ বাবে সাজু হৈছে | |
প্ৰকাৰ | স্কাৰ্ফ |
---|---|
পদাৰ্থ | কপাহী বা চিল্ক |
উৎপত্তিৰ স্থান | কম্বোডিয়া |
কম্বোডিয়াৰ জাতীয় সংগ্ৰহালয়ৰ পৰিচালক হাব টাচ ৰ মতে, এই ক্ৰমাৰ আৰম্ভণি হয়তো খ্ৰীষ্টীয় প্ৰথম আৰু পঞ্চম শতিকাৰ ভিতৰৰ প্ৰি-এংকৰ নৰ্কৰ ফনম্ যুগৰ। এই সময়ছোৱাত হিন্দু দেৱতা শিৱ আৰু আন বহুতে লেংটি পৰিধান কৰিছিল৷ এংকোৰ বৰেৰ নানা স্থানত লেংটি পিন্ধা বহু শিৱ আৰু অন্যান্য হিন্দু দেৱতা উদ্ধাৰ কৰা হৈছে। আনকি এজন ব্যক্তিৰ বহু ক্ষেত্ৰত ক্ৰমাৰ দৰে কাপোৰেৰে মূৰ ঢাকি ৰখা ছবিও দেখা গৈছিল।[3]
১২৯৬-১২৯৭ চনৰ আশে-পাশে চীনৰ দূত আৰু কূটনীতিবিদ ঝৌ ডাগুয়ান (এজন চীনৰ দূত আৰু কূটনীতিবিদ)ৰ তথ্য অনুসৰি এংকৰ থমত স্থানীয়ভাৱে উচ্চমানৰ কেইবিধো কাপোৰ উৎপাদন কৰা হৈছিল, আন কিছুমান চাম্পা আৰু চিয়ামৰ পৰা আমদানি কৰা হৈছিল, কিন্তু আটাইতকৈ আকৰ্ষণীয় কাপোৰ আহিছিল পশ্চিমীয়া সমুদ্ৰৰ ফালৰ পৰা।[3] কম্বোডিয়ানসকলে সেই সময়ত ৰেচমৰ পলু পালন কৰা নাছিল, তেওঁলোকে চিলাই কৰিব নাজানিছিল, কিন্তু কাপক (এবিধ গছ)ৰ পৰা কপাহী কাপোৰ বোৱা জানিছিল। অনুমান কৰা হয় যে তেওঁলোকৰ শৰীৰৰ নিম্নাংশত পিন্ধা সাধাৰণ কাপোৰবোৰ কপাহৰ পৰা বোৱা হৈছিল আৰু ইয়াক দেখাত যথেষ্ট পৰিমাণে ক্ৰমাৰ দৰেই আছিল। ঊনবিংশ শতিকাৰ শেষৰ ফালে লোৱা কম্বোডিয়ান সাজ-পোছাকৰ প্ৰথম কেইখনমান ফটোত ক্ৰমাক দেখা যায়। ১৮৯৬ চনত ফৰাচী যুৱ ফটোগ্ৰাফাৰ আৰু ভ্ৰমণকাৰী আন্দ্ৰে ছালেছে কম্বোডিয়াৰ দৈনন্দিন জীৱনৰ ছবি তোলা প্ৰথম সকলৰ ভিতৰত অন্যতম।[3] বহু “খেমৰ ৰুজ যোদ্ধা’’ই পল পট ৰ ৰাজত্বকালত ৰঙা আৰু বগা “জিনঘাম’’ থকা ক্ৰমা স্কাৰ্ফ পিন্ধিছিল। কিছুমান কম্বোডিয়ানে খেমৰ ৰুজ যুগ ৰ পৰা উত্তৰাধিকাৰীসূত্ৰে প্ৰচলিত হোৱা বাবে ৰঙা আৰু বগা জিনঘামৰ পৰিৱৰ্তে নীলা আৰু বগা জিনঘামৰ ক্ৰমা স্কাৰ্ফক মান্যতা দিব নোখোজে৷[4]
ক্ৰমাৰ উৎপাদন কৰিবলৈ ‘কেই’ বা ‘কেই ডম্বন’ নামৰ পৰম্পৰাগত হাতৰ তাঁতশাল ব্যৱহাৰ কৰি হাতেৰে বোৱা হয়। বয়নকাৰ্য আৰু ৰং কৰা কৌশল অতি প্ৰয়োজনীয় আৰু ব্যৱহৃত সামগ্ৰীৰ মান সংকটপূৰ্ণ সময়ত নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ।[5]
ক্ৰমা হৈছে বহুমুখী বস্ত্ৰ, ই দৈনন্দিন জীৱনত স্কাৰ্ফ, বেল্ট, কম্বল, ৰুমাল, তলৰ কাপোৰ, আৰু চৌখিন-সাজ হিচাপে ব্যৱহাৰ কৰা হয়। ধৰ্মীয় অনুষ্ঠান আৰু উৎসৱ উদযাপনৰ সময়ত নানা আচাৰ-ব্যৱহাৰত ব্যৱহাৰ কৰা হয়। ক্ৰমা উৎপাদনত স্থানীয় জনগোষ্ঠীসমূহে, মূলতঃ মহিলাসকলে, সূতা প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি বয়নলৈকে কেন্দ্ৰীয় ভূমিকা পালন কৰে। পুৰুষে কপাহ ৰোপণ আৰু প্ৰাকৃতিক ৰং বিচাৰি উলিওৱাৰ দৰে কামত অংশগ্ৰহণ কৰে। বয়নৰ দক্ষতা পৰৱৰ্তী প্ৰজন্মলৈ বোঁৱাই নিয়াৰ দায়িত্ব মহিলাৰ হাতত থাকে।[4]
ক্ৰমাৰ বাবে ব্যক্তিগত শিপিনী দুৰ্লভ হৈ পৰিছে যদিও পেছাদাৰী ক্ৰমা গোট আৰু উৎপাদকসকলে স্কাৰ্ফ উৎপাদনক গ্ৰহণ কৰিছে। ১৫টা সক্ৰিয় সম্প্ৰদায় আৰু সংঘত এই পৰম্পৰা টিকি আছে, দক্ষ বয়নকাৰীয়ে নিজৰ জ্ঞান প্ৰয়োগ কৰে। ক্ৰমাৰ অনন্য বৈশিষ্ট্যসমূহ সংৰক্ষণ কৰাটো নিশ্চিত কৰিবলৈ শিক্ষা সংস্থাসমূহেও প্ৰশিক্ষণ প্ৰদান কৰিছে।[4]
অসমৰ গামোচাৰ দৰে ক্ৰমা কেৱল বস্ত্ৰশিল্প নহয়; ই জীৱনৰ যাত্ৰাৰ প্ৰতীক, জন্মৰ পৰা মৃত্যুলৈকে। ইয়াৰ আৰ্থ-সাংস্কৃতিক তাৎপৰ্য অতিশয় বেছি, ই শুভেচ্ছা, সন্মান প্ৰকাশ, আৰু জীৱনৰ গুৰুত্বপূৰ্ণ পৰিঘটনাসমূহ চিহ্নিত কৰে। পৰিয়ালৰ নতুন সংযোজন উদযাপন কৰাই হওক, বিয়াত সন্মান জনোৱাই হওক বা বিদায়ীসকলক শ্ৰদ্ধাঞ্জলি জনোৱাই হওক, ক্ৰমা কম্বোডিয়াৰ সাংস্কৃতিক ঐতিহ্যৰ এক আদৰৰ প্ৰতীক, যিটো প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি আহিছে।[4]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.