From Wikipedia, the free encyclopedia
এম্পিয়াৰ(A[1]) হৈছে আন্তৰ্জাতিক একক প্ৰণালীত বিদ্য়ুৎ প্ৰৱাহৰ একক[2][3]। ফ্ৰান্সৰ গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী আন্দ্ৰে ম্যাৰি এম্পিয়াৰৰ নামত এই এককটো ৰখা হৈছে।
এম্পিয়াৰ | |
---|---|
মভিং আইৰন এমিটাৰৰ দৃশ্য। কুণ্ডলীৰ মাজেৰে যোৱা প্ৰৱাহৰ বৃদ্ধিৰ লগে লগে সূচকডালে সোঁফালে সূচাব। | |
এককটোৰ তথ্য | |
একক পদ্ধতি | আন্তৰ্জাতিক একক প্ৰণালী |
কিহৰ একক | বৈদ্যুতিক প্ৰৱাহ |
সংকেত | A |
নামত কৰা হৈছে | আন্দ্ৰে ম্যাৰি এম্পিয়াৰ |
দুডাল অসীম দৈৰ্ঘ্যৰ সমান্তৰাল বিদ্য়ুৎ পৰিবাহী( সামান্যতম প্ৰস্থচ্ছেদ) শূন্যস্থানত এক মিটাৰ দূৰত্বত থকাৱস্থাত এই পৰিবাহী দুডালে প্ৰতি মিটাৰ দৈৰ্ঘ্যত 2×10−7 নিউটন বল পাবলৈ লগা প্ৰৱাহেই হৈছে এক এম্পিয়াৰ[4][2][5]। এম্পিয়াৰৰ বলৰ সূত্ৰ[6][7] অনুসৰি, বিদ্যুৎ প্ৰৱাহী দুডাল সমান্তৰাল পৰিবাহীৰ মাজত আকৰ্ষণ অথবা বিকৰ্ষণ বল থাকে। এই বলৰ দ্বাৰা এম্পিয়াৰৰ সংজ্ঞা আগবঢ়োৱা হয়। আধানৰ আন্তৰ্জাতিক একক প্ৰণালীৰ একক কুলম্ব হৈছে, এক এম্পিয়াৰ প্ৰৱাহে এক ছেকেণ্ডত কঢ়িয়াই নিয়া বিদ্যুতৰ পৰিমাণ[8]। বিপৰীতভাৱে, এক এম্পিয়াৰ প্ৰৱাহ মানে হৈছে এটা বিন্দুৰ মাজেৰে প্ৰতি ছেকেণ্ডত এক কুলম্ব আধান পাৰ হোৱা প্ৰৱাহ।
সাধাৰণতে আধান Q' 'ক t সময়ত যোৱা প্ৰৱাহ I ৰ দ্বাৰা নিৰ্ণয় কৰা হয়।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.