From Wikipedia, the free encyclopedia
আমেৰিকা যুক্তৰাষ্ট্ৰৰ আমাজ’ন ডট কম হৈছে পৃথিৱীৰ সকলোতকৈ ডাঙৰ বহুজাতিক ই-বাণিজ্য প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় যুক্তৰাষ্ট্ৰৰ চিয়াট্টল, ৱাচিংটনত। প্ৰথমে নিজৰ ৱেবচাইটৰ যোগেদি কিতাপ বিক্ৰীৰে নিজৰ ব্যৱসায় আৰম্ভ কৰা আমাজ’ন ডট কমে পাছলৈ চফটৱেৰ, গেমছ, ইলেকট্ৰনিকচ সঁজুলি, এম পি থ্ৰী ডাউনলোড, ঘৰুৱা আচবাব, গহণা আদি সকলো প্ৰকাৰৰ বস্তু নিজৰ ৱেবচাইটত উপলভ্য কৰে। এমাজ’নে ই-কিতাপ (ই-বুক) পঢ়িবলৈ কিণ্ডল নামৰ সঁজুলি বিধ মুকলি কৰে। তদুপৰি আমাজ’ন ডট কমৰ এচিয়াৰ দেশসমূহৰ বাবে ক্লাউড তথ্য সংৰক্ষণ ব্যৱস্থাও আছে (Cloud Based Storage)।[2]
প্ৰকাৰ | ৰাজহুৱা |
---|---|
Traded as | "নাচডেক": AMZN NASDAQ-100 Component S&P 500 Component |
প্ৰতিষ্ঠা | ১৯৯৪ |
প্ৰতিষ্ঠাপক | জেফ বেজ’চ |
মূখ্য কাৰ্যালয় | চিয়াট্টল, ৱাচিংটন, আমেৰিকা যুক্তৰাষ্ট্ৰ |
কৰ্মৰ এলেকা | বিশ্বজুৰি |
উল্লেখযোগ্য ব্যক্তি | জেফ বেজ’চ (অধক্ষ, সভাপতি আৰু চি ই অ’) |
উদ্যোগ | ক্লাউড কম্পিউটিং ই-বাণিজ্য কৃত্ৰিম বুদ্ধিমত্তা |
উৎপাদন | এ2জেড ডেভেলপমেণ্ট, এ9 ডট কম, এলেক্সা ইণ্টাৰনেট, আমাজ’ন ডট কম, আমাজ’ন কিণ্ডল, আমাজ’ন ষ্টুডিঅ’জ, আমাজ’ন ৱেব চাৰ্ভিছেজ,, অ’ডিবল ডট কম, ডি পি ৰিভিউ ডট কম, এণ্ডলেচ ডট কম, আই এম ডি বি, লভ ফিল্ম, দ্য বুক দিপ’জিটৰী, জাপ্প’চ ডট কম, ৱুট, জাংলি ডট কম |
ৰাজহ | US$232.887 billion |
Operating আয় | US$12.421 billion |
মুঠ আয় | US$10.073 billion |
Total assets | US$162.648 billion |
Total equity | US$43.549 billion |
কৰ্মচাৰী | ৬৪৭, ৫০০ |
ৱেবছাইট | Amazon.com (original US site) various national sites |
এলেক্সা তালিকাত স্থান | ১০[1] |
ৱেবছাইটৰ প্ৰকাৰ | ই-বাণিজ্য |
বিজ্ঞাপন | ৱেব বেনাৰ সমূহ, ভিডিঅ’ সমূহ |
উপলব্ধ ভাষা | ইংৰাজী, ফৰাচী, জাৰ্মান, স্পেনীয়, ইটালীয়, জাপানিজ, চাইনীজ, ব্ৰাজিলীয় প্ৰতুগিজ |
প্ৰচলন হয় | ৫ জুলাই ১৯৯৫ |
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতিমাহে প্ৰায় ৬৫ নিযুত মানুহে আমাজ’ন ডট কমৰ পৰা বজাৰ কৰে, বৰদিনৰ সময়ত এই পৰিসংখ্যা আৰু অধিক বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়।[2]
আমাজ’নৰ কাৰ্যালয়সমূহ, গ্ৰাহক সেৱা কেন্দ্ৰসমূহ আৰু চফ্টৱেৰ বিকাশ কেন্দ্ৰসমূহ উত্তৰ আমেৰিকা, লেটিন আমেৰিকা, ইউৰোপ, আফ্ৰিকা আৰু এচিয়াৰ বিভিন্ন স্থানত আছে।[3]
কোম্পানীটোৰ গোলকীয় মুখ্য কাৰ্যালয় চিয়াট্টলৰ "চাউথ লেক ইউনিয়ন"ত আছে। আনহাতেদি ইয়াৰ ইউৰোপীয় মুখ্য কাৰ্যালয় আছে লাক্সেমবাৰ্গৰ ৰাজধানী লাক্সেমবাৰ্গ মহানগৰীত। তদুপৰি আমাজ’নৰ মায়ামি আৰু ফ্ল’ৰিডাত দুটা কাৰ্যালয় আছে।
যদিও আমাজ’নৰ চফ্টৱেৰ বিকাশৰ অধিকাংশ কাম চিট্টলতে হয় তথাপিও গোটেই বিশ্বজুৰি আমাজ’নৰ কেইবাটাও চফ্টৱেৰ বিকাশ কেন্দ্ৰ আছে। এইসমূহ আমাজ’নৰ অধীনস্থ সংস্থা এ2জেডে তদাৰক কৰে।[4]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.