আব্দুছ ছাত্তাৰ
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
আব্দুছ ছাত্তাৰ (জন্ম: ১ মে' ১৯২২ - মৃত্যু: ২৮ ফেব্ৰুৱাৰী, ১৯৮৭) অসমৰ এগৰাকী কবি, জীৱনীকাৰ,প্ৰবন্ধকাৰ, সমালোচক, ভাষা-তত্ত্বৰ গৱেষক আৰু শিক্ষাবিদ। তেখেতৰ জন্ম হয় ১৯২২ চনৰ ১ মে’ তাৰিখে যোৰহাট জিলাৰ তিতাবৰত।
১৯৪৫ চনত তেওঁ দৰ্শন বিষয়ত সন্মানসহ কটন কলেজৰ পৰা বি এ পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াত বুনিয়াদী শিক্ষকৰ প্ৰশিক্ষণো লয়। ১৯৪৯ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম এ পাছ কৰে।[1]
শিক্ষক হিচাপে চাকৰি জীৱন আৰম্ভ কৰা ছাত্তাৰ চাহেবে আফগানিস্তানৰ কাবুলস্থিত ইবনেচিনা' কলেজতো পঞ্চাছৰ দশকত কেইটামান বছৰ ইংৰাজী বিষয়ৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2] অসমলৈ ঘূৰি অহাৰ পাছত অসম চৰকাৰৰ শিক্ষা বিভাগত যোগদান কৰি বিভিন্ন পদত অধিষ্ঠিত হৈ অৱশেষত স্কুলসমূহৰ উপপৰিদৰ্শক (D.I. of Schools) ৰূপে যোৰহাটত কাৰ্যভাৰ গ্ৰহণ কৰে আৰু ১৯৮৩ চনত স্কুলসমূহৰ সহকাৰী পৰিদৰ্শক (Asst. Inspector of Schools) হিচাপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।[2] বিভিন্ন ধৰণৰ সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠানৰ লগত জড়িত এই সাহিত্যিকজনাই অসম সাহিত্য সভা পত্ৰিকা সম্পাদক (১৯৭১-৭২), প্ৰধান সম্পাদক, অসম সাহিত্য সভা (১৯৭৭), অসম প্ৰকাশন পৰিষদৰ উপসভাপতি ইত্যাদিৰ দায়িত্ব বহন কৰিছিল। সাহিত্য অকাডেমিৰ উপদেষ্টা সমিতিৰ সদস্য হিচাপেও দুবাৰকৈ মনোনীত হৈছিল।[2]
তেখেতৰ সাহিত্যিক অৱদানসমূহৰ ভিতৰত
(অসমীয়া মানুহৰ জীৱনৰ ওপৰত সাংস্কৃতিক প্ৰভাৱ সম্বন্ধীয় তথ্য-পাতিৰ আলোচনা
আৰু বিশেষকৈ অসমীয়া ভাষাৰ শব্দমালাত মূল ফাৰ্চী, আৰবী আৰু পস্তু শব্দাৱলীৰ
প্ৰভাৱ আৰু প্ৰচলন আৰু সেই শব্দসমূহৰ চলন্তি অসমীয়া ৰূপৰ ইতিবৃত্ত)
ইত্যাদি উল্লেখযোগ্য।[2]
আব্দুছ ছাত্তাৰৰ ১৯৮৭ চনৰ ২৮ ফেব্ৰুৱাৰীত ৬৫ বছৰ বয়সত যোৰহাটত প্ৰয়াণ ঘটে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.