From Wikipedia, the free encyclopedia
অভিযান্ত্ৰিক বিদ্যা বা প্ৰকৌশলন (ইঞ্জিনিয়াৰিঙ) হৈছে বৈজ্ঞানিক সিদ্ধান্তৰ প্ৰয়োগেৰে পৰিকল্পিতভাবে যন্ত্ৰপাতি, সাজ-সজ্জা, সেতু, ৰাস্তা, যান-বাহন, অট্টালিকা, সুৰঙ্গকে আদি কৰি বিভিন্ন নিৰ্মাণ কাৰ্য কৰাৰ এক সুসংবদ্ধ বিজ্ঞানসন্মত কলা। প্ৰকৌশলনৰ বিষয়ে সামগ্ৰিকভাৱে সাঙোৰি লয় এক সুব্যাপ্ত পৰিসৰ য'ত সন্নিৱিষ্টিত আছে ততোধিক অন্য়ান্য দক্ষতাপূৰ্ণ প্ৰকৌশলনৰ ক্ষেত্ৰ, যাৰে প্ৰতিটোতে প্ৰায়োগিক বিজ্ঞান, প্ৰায়োগিক গণিত আৰু বিভিন্ন ধৰণৰ প্ৰযোজ্যৰ নিৰ্দ্দিষ্ট ক্ষেত্ৰৰ ওপৰত গুৰুত্ব দিয়া হয়। আৰু চাওক প্ৰকৌশলনৰ পৰিভাষাকোষ।
প্ৰকৌশলনৰ ইংৰাজী প্ৰতিশব্দ ইঞ্জিনিয়াৰিঙৰ (engineering) ব্যুৎপন্ন হৈছে লাটিন ভাষাৰ ingenium শব্দ, যাৰ অৰ্থ হৈছে "চতুৰালি" আৰু ingeniare যাৰ অৰ্থ হৈছে "কৌশলেৰে উদ্ভাৱন কৰা, পৰিকল্পনা কৰা"
আমেৰিকান ইনঞ্জিনিয়াৰচ কাউঞ্চিল ফৰ প্ৰফেশ্বনেল ডেভেলপমেন্ট (ECPD) মতে ইঞ্জিনিয়াৰিঙ হৈছে:
The creative application of scientific principles to design or develop structures, machines, apparatus, or manufacturing processes, or works utilizing them singly or in combination; or to construct or operate the same with full cognizance of their design; or to forecast their behavior under specific operating conditions; all as respects an intended function, economics of operation and safety to life and property.[1][2]
যিজন ব্যক্তিয়ে অভিযান্ত্ৰিক বিদ্যাৰ ব্যৱহাৰিক জ্ঞান ৰাখে তেওঁক অভিযন্তা (ইঞ্জিনিয়াৰ) বোলা হয়।
বিজ্ঞান বিষয়টোৰ দৰে অভিযান্ত্ৰিক বিদ্যাও এটা বহল বিভাগ। ইয়াক কেইবাটাও উপ-বিভাগত ভাগ কৰা হৈছে। এই বিভাগসমূহ বিভিন্ন অভিযান্ত্ৰিক কামৰ বিভিন্ন ক্ষেত্ৰৰ লগত খাপ খোৱাকৈ ভাগ কৰা হৈছে। এজন অভিযন্তাক সাধাৰণতে এটা নিৰ্দিষ্ট বিভাগত প্ৰশিক্ষিণ দিয়া হয়। তথাপি কোনো এজন অভিযন্তাৰ কেৰিয়াৰ কেইবাটাও বিভাগৰ বিভিন্ন ক্ষেত্ৰৰ লগতো জড়িত হ'ব পাৰে। অভিযান্ত্ৰিক বিদ্যাক মূলতঃ চাৰিটা মুখ্য বিভাগত ভাগ কৰা হৈছে:
ইয়াৰ উপৰিও বিভিন্ন উৎস ভেদে উপ-বিভাগ সমূহত অলপ পাৰ্থক্য দেখা যায়। ইতিহাসত, নেভেল অভিযান্ত্ৰিক বিদ্যা আৰু মাইনিঙ অভিযান্ত্ৰিক বিদ্যা দুয়োটাকে দুটা প্ৰধান বিভাগ বুলি ধৰা হৈছিল। বৰ্তমানৰ আধুনিক অভিযান্ত্ৰিক বিদ্যাত নিম্নোলিখিত বিভাগসমূহো অন্তৰ্গত কৰা হৈছে:
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.