তিনিটা অসামাজিক ব্যক্তিত্বৰ বৈশিষ্ট্য: নাৰ্চিছিজম, মেকিয়াভেলিয়ানবাদ আৰু চাইকোপেথী From Wikipedia, the free encyclopedia
অন্ধকাৰ ত্ৰয়ী(ইংৰাজী: Dark Triad) হৈছে ব্যক্তিত্বৰ এক মানসিক তত্ত্ব, যাক প্ৰথমবাৰৰ বাবে ডেলৰয় এল পলহাছ আৰু কেভিন এম উইলিয়ামছে ২০০২ চনত প্ৰকাশ কৰিছিল,[1] অন্ধকাৰ ত্ৰয়ীয়ে তিনিটা উল্লেখযোগ্যভাৱে আপত্তিজনক, কিন্তু অ-ৰোগজনিত ব্যক্তিত্বৰ প্ৰকাৰৰ বৰ্ণনা কৰে: কপটতা (Machiavellianism), আত্মমুগ্ধতা(sub-clinical narcissism,) আৰু মনোৰোগ (sub-clinical psychopathy)।[2][3][4][5] ব্যক্তিত্বৰ এই প্ৰকাৰকেইটাক অন্ধকাৰ বুলি কোৱাৰ কাৰণটো হৈছে: প্ৰত্যেকটো বৈশিষ্ট্যই কু-অভিপ্ৰায়ৰ কেতবোৰ গুণ আছে।[2][6][7][8]
আত্মমুগ্ধতা বা নাৰ্চিছিজমৰ বৈশিষ্ট্য হৈছে অহংকাৰ, সহানুভূতিৰ অভাৱ আৰু আড়ম্বৰপূৰ্ণ উচ্চতা।[9]
কপটতা বা মেকিয়াভেলিয়ানবাদৰ বৈশিষ্ট্য হৈছে আনৰ লগত হেতালি খেলা আৰু শোষণ কৰা, নৈতিকতাৰ অনুপস্থিতি, আৱেগহীন নিৰ্মমতা আৰু উচ্চ মাত্ৰাৰ স্বাৰ্থ।[10]
মনোৰোগ বা ছাইকোপেথিৰ বৈশিষ্ট্য হৈছে নিৰন্তৰ অসামাজিক আচৰণ, স্বাৰ্থপৰতা, নিৰ্মম আৱেগবিহীনতা (CU),[11] আৰু অনুশোচনাহীনতা।[12]
এই বৈশিষ্ট্যসমূহৰ উচ্চ নম্বৰে পৰিসংখ্যাগতভাৱে এজন ব্যক্তিৰ অপৰাধ সংঘটিত কৰাৰ সম্ভাৱনা বৃদ্ধি কৰে, সামাজিক দুখৰ সৃষ্টি কৰে আৰু সংগঠনসমূহৰ বাবে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে, বিশেষকৈ যদিহে তেওঁলোক নেতৃত্বৰ পদত থাকে।[13] ইয়াৰ উপৰিও তেওঁলোকে কম দয়ালু, সন্মত, সহানুভূতিশীল, নিজৰ জীৱনত সন্তুষ্ট আৰু নিজকে আৰু আনক ভাল বুলি বিশ্বাস কৰাৰ সম্ভাৱনাও কম।[14]
এটা কাৰক বিশ্লেষণে দেখুৱাইছে যে বিগ ফাইভ ব্যক্তিত্বৰ বৈশিষ্ট্যৰ ভিতৰত কম সন্মতিয়ে অন্ধকাৰ ত্ৰয়ীৰ লগত আটাইতকৈ শক্তিশালী সম্পৰ্ক বৰ্তাই ৰাখে৷ আনহাতে নিউৰ'টিচিজম আৰু বিবেকৰ অভাৱ ডাৰ্ক ট্ৰাইডৰ কিছুমান সদস্যৰ সৈতে জড়িত আছিল।[10]সন্মততা আৰু ডাৰ্ক ট্ৰাইডে বিকাশৰ সম্পৰ্কিত পৰিৱৰ্তন দেখুৱাইছে।[15]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.