ত্ৰিমূৰ্তি
From Wikipedia, the free encyclopedia
ত্ৰিমূৰ্তি[1] হিন্দু ধৰ্মৰ তিনি পৰম দেৱতাৰ সমষ্টি,[2][3][4][5] য'ত সৃজন, পালন আৰু সংহাৰৰ মহাজাগতিক কাৰ্যৰ তিনি দেৱতা হিচাপে মূৰ্ত কৰি তোলা হৈছে। সাধাৰণতে ব্ৰহ্মা সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু শিৱ সংহাৰকৰ্তা বুলি মনা হয়।[6] হিন্দু ধৰ্মৰ ঔম প্ৰতীকটোক ত্ৰিমূৰ্তিৰ ইংগিত দিয়া বুলি ধৰা হয়, য'ত শব্দটোৰ অ, উ আৰু ম ধ্বনিবোৰে সৃজন, পালন আৰু ধ্বংসৰ ইংগিত দিয়ে, যোগ কৰিলে ব্ৰহ্মক প্ৰতিনিধিত্ব কৰে।[7] ত্ৰিদেৱী হৈছে ত্ৰিমূৰ্তিৰ তিনি দেৱী পত্নী।[8]
ক্ষিপ্ৰ তথ্য ত্ৰিমূৰ্তি, অধিকাৰ ...
ত্ৰিমূৰ্তি | |
---|---|
ইলোৰাৰ গুহাত খোদিত ত্ৰিমূৰ্তিৰ ছবি: (বাঁওফালৰ পৰা সোঁফাললৈ ক্ৰমে) ব্ৰহ্মা, বিষ্ণু আৰু শিৱ | |
অধিকাৰ | হিন্দুসকলৰ তিনিলোকৰ দেৱতা |
দেৱনাগৰী | त्रिमूर्ति |
গোত্ৰ | দেৱতা |
দাম্পত্যসঙ্গী | ত্ৰিদেৱী |
বন্ধ কৰক