শমশাদ বেগম
ভাৰতীয় কণ্ঠশিল্পী / From Wikipedia, the free encyclopedia
শমশাদ বেগম (ইংৰাজী: Shamshad Begum; ১৪ এপ্ৰিল ১৯১৯-২৩ এপ্ৰিল ২০১৩)[1][2] এগৰাকী হিন্দী চলচ্চিত্ৰৰ সৈতে জড়িত নেপথ্য কণ্ঠশিল্পী। ১৯১৯ চনত এটা পঞ্জাবী মুছলমান মান জাট পৰিয়ালত তেওঁৰ জন্ম হৈছিল। তেওঁৰ এটা বৈশিষ্ট্যপূৰ্ণ কণ্ঠৰ প্ৰতিভাধৰ শিল্পী আছিল, যিয়ে হিন্দী, বঙালী, মাৰাঠী, গুজৰাটী, তামিল আৰু পঞ্জাবী ভাষাত ছয় হাজাৰৰো অধিক গীত গাইছে আৰু ইয়াৰে ১২৮৭টা হিন্দী চলচ্চিত্ৰৰ গীত।[3] তেওঁ নৌচাদ, গুলাম হায়দৰ, শচীন দেৱবৰ্মণ, ও.পি. নায়াৰ, চি. ৰামচন্দ্ৰ আদি সঙ্গীত গুৰুৰ সৈতে কাম কৰিছে। ১৯৪০ৰ দশকৰ পৰা ১৯৭০ৰ দশকৰ আৰম্ভণিলৈ তেওঁ অসংখ্য জনপ্ৰিয় গীত গাইছিল, যাৰ ভিতৰত বহুবোৰ গীত ৰিমিক্স কৰি অহা হৈছে।[4][5]
ক্ষিপ্ৰ তথ্য শমশাদ বেগম, জন্ম ...
শমশাদ বেগম | |
---|---|
জন্ম | ১৪ এপ্ৰিল, ১৯১৯ লাহোৰ, পঞ্জাব প্ৰদেশ, ব্ৰিটিছ ভাৰত (বৰ্তমান পাকিস্তানৰ অন্তৰ্ভুক্ত) |
মৃত্যু | ২৩ এপ্ৰিল, ২০১৩ (৯৪ বছৰ) হীৰানন্দী গাৰ্ডেন, মুম্বাই, মহাৰাষ্ট্ৰ |
দাম্পত্যসঙ্গী | গণপত লাল বাট্টো |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ও.পি.নায়াৰ বঁটা (২০০৯) পদ্মভূষণ (২০০৯) |
সাংগীতিক কেৰিয়াৰ | |
মূল | পঞ্জাব |
সংগীতৰ প্ৰকাৰ | চলচ্চিত্ৰীয় |
পেচা | নেপথ্য কণ্ঠশিল্পী |
কাৰ্যকাল | ১৯৩৩-১৯৭৬ |
সহযোগী | নৌচাদ আলি গুলাম হায়দৰ শচীন দেৱবৰ্মণ ও.পি. নায়াৰ লতা মংগেশকাৰ আশা ভোঁচলে |
বন্ধ কৰক