![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/e/e6/Rosa_rubiginosa_1.jpg/640px-Rosa_rubiginosa_1.jpg&w=640&q=50)
গোলাপ
উদ্ভিদৰ প্ৰজাতি / From Wikipedia, the free encyclopedia
গোলাপ এক প্ৰকাৰ সুপৰিচিত ফুল যি আধুনিক মানুহৰ বাবে সৌন্দৰ্যৰ প্ৰতীক আৰু ভালপোৱাৰ প্ৰতীক হিচাপে সমাদৃত। গোলাপক ফুলৰ ৰাণী বোলা হয়। Rosaceae পৰিয়ালৰ Rosa গণৰ এক প্ৰকাৰৰ গুল্ম জাতীয় গছত গোলাপ ফুল ফুলে। প্ৰায় ১০০ প্ৰজাতিৰ বিভিন্ন বৰ্ণৰ গোলাপ ফুল আছে। গোলাপৰ পাহিৰ গঠন আৰু বিন্যাসত এক প্ৰকাৰৰ নান্দনিকতা আছে যি মানুহক আকৃষ্ট কৰে। সুগন্ধী গোলাপৰ ঘ্ৰাণো মানুহৰ প্ৰিয়। আনহাতে গোলাপৰ নিজস্ব কোনো গন্ধ নাই। গন্ধ উৎপাদনৰ কোনো ক্ষমতা গোলাপৰ নাই। অনেক বৰ্ণৰ গোলাপ আছে, যেনে গোলাপী, ৰঙা, হালধীয়া, বগা, সেউজীয়া ইত্যাদি। ইতিমধ্যে "গাৰ্ডেন ৰোজ" নামে বিভিন্ন হাইব্ৰিড গোলাপৰো উৎপাদন কৰা হৈছে। যিবোৰৰ একে লগে একে ফুলৰ পাহিত দুই বা ততোধিক ৰঙ থাকে।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/d/d7/Rose5.jpg/320px-Rose5.jpg)
গোলাপ | |
---|---|
![]() | |
Rosa rubiginosa | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
বৰ্গ: | Rosales |
পৰিয়াল: | Rosaceae |
উপপৰিয়াল: | Rosoideae |
গোত্ৰ: | Roseae |
গণ: | Rosa |
প্ৰজাতি | |
গোলাপৰ প্ৰজাতিসমূহৰ তালিকা চাওক | |
সমাৰ্থক | |
|
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/9/95/Rosa_chinensis_04-08-2012_01.jpg/640px-Rosa_chinensis_04-08-2012_01.jpg)
গোলাপ গছৰ কাণ্ডত কাঁইট থাকে। ইয়াৰ পাতৰ কাষতো ক্ষুদ্ৰ কাঁইট থাকে। গোলাপৰ আদি নিবাস এছিয়া মহাদেশ। কিছু প্ৰজাতিৰ আদি বাসস্থান ইউৰোপ, উত্তৰ আমেৰিকা, আৰু উত্তৰপশ্চিম আফ্ৰিকা মহাদেশ। ফুলৰ সৌন্দৰ্য আৰু সুবাসৰ বাবে গোলাপ বিশ্বজুৰি বিখ্যাত। [1]