নিউক্লীয় পদাৰ্থবিজ্ঞান
পদাৰ্থবিজ্ঞানৰ শাখা / From Wikipedia, the free encyclopedia
নিউক্লীয় পদাৰ্থবিজ্ঞান (ইংৰাজী: Nuclear physics) পদাৰ্থবিজ্ঞানৰ এটা শাখা য'ত পাৰমাণৱিক নিউক্লিয়াছ আৰু সিহঁতৰ উপাদান তথা আন্তঃক্ৰিয়া সম্বন্ধে অধ্যয়ন কৰা হয়। ইয়াৰোপৰি নিউক্লীয় পদাৰ্থৰ অন্য ৰূপসমূহো ইয়াত অধ্যয়ন কৰা হয়।[1] নিউক্লীয় পদাৰ্থবিজ্ঞান পাৰমাণৱিক পদাৰ্থবিজ্ঞানৰ সৈতে খেলিমেলি কৰাটো উচিত নহয় কিয়নো পাৰমাণৱিক পদাৰ্থবিজ্ঞানত পৰমাণু আৰু তাৰ ইলেকট্ৰন সম্বন্ধে বিষদভাৱে অধ্যয়ন কৰা হয়।
নিউক্লীয় পদাৰ্থবিজ্ঞানৰ আৱিষ্কাৰসমূহ বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। উদাহৰণস্বৰূপে, নিউক্লীয় শক্তি, নিউক্লীয় মাৰণাস্ত্ৰ, নিউক্লীয় চিকিৎসা তথা এম আৰ আই (MRI), ঔদ্যোগিক তথা কৃষি সম্বন্ধীয় আইছ'ট'প, পদাৰ্থ অভিযান্ত্ৰিকীত আয়ন সংৰোপণ আৰু ভূবিজ্ঞান তথা পুৰাতত্ত্বত ৰেডিঅ'কাৰ্বন ডেটিং। এই প্ৰয়োগসমূহ নিউক্লীয় অভিযান্ত্ৰিকী ক্ষেত্ৰত অধ্যয়ন কৰা হয়।
কণা পদাৰ্থবিজ্ঞান নিউক্লীয় পদাৰ্থবিজ্ঞানৰ পৰাই বিকশিত হৈছে আৰু এই দুয়ো ক্ষেত্ৰকে সাধাৰণতে ঘনিষ্ঠ সম্বন্ধত শিকোৱা হয়। নিউক্লীয় জ্যোতি পদাৰ্থবিজ্ঞান (জ্যোতি পদাৰ্থবিজ্ঞানত নিউক্লীয় পদাৰ্থবিজ্ঞানৰ প্ৰয়োগ) নক্ষত্ৰসমূহৰ অভ্যন্তৰীণ কাৰ্যপ্ৰণালী আৰু ৰাসায়নিক মৌলৰ উৎপত্তি ব্যাখ্যা কৰাত অতি গুৰুত্বপূৰ্ণ।