নামিবিয়া (ইংৰাজী: Namibia) দক্ষিণ-পশ্চিম আফ্ৰিকাৰ এখন ৰাষ্ট্ৰ। আটলাণ্টিক সাগৰৰ তীৰবৰ্তী নামিবিয়াৰ উত্তৰত আংগলা আৰু জাম্বিয়া পূৱত বৎচোৱানা দক্ষিণ আৰু পূৱত দক্ষিণ আফ্ৰিকা। ১৫ শতকত পৰ্তুগীজ সকলে নামিবিয়াত প্ৰৱেশ কৰে। ১৮৮৪ চনত দেশখন জাৰ্মানসকৰ অধীনলৈ গুচি যায়। প্ৰথম বিশ্বযুদ্ধৰ সময়ত দক্ষিণ-পশ্চিম আফ্ৰিকাৰ জাৰ্মান উপনিবেশ দক্ষিণ আফ্ৰিকা কৰ্তৃক অধিকৃত হয়। ১৯৬০ চনত দক্ষিণ-পশ্চিম আফ্ৰিকাৰ নাম পৰিৱৰ্তন কৰি নামিবিয়া নামকৰণ কৰা হয়। দেশখনৰ মাৰ্ক্সবাদী সংগঠন সোৱাপোৰ নেতৃত্বত স্বাধীনতাৰ বাবে গেৰিলা যুদ্ধ আৰম্ভ হয়। পিছলৈ ৰাষ্ট্ৰসংঘৰ শান্তি প্ৰক্ৰিয়াৰ মাধ্যমেৰে ১৯৯০ চনৰ ২১ মাৰ্চত দক্ষিণ আফ্ৰিকাৰ পৰা স্বাধীনতা লাভ কৰে নামিবিয়া।

ক্ষিপ্ৰ তথ্য নামিবিয়া প্ৰজাতন্ত্ৰ, বৃহত্তম নগৰ ...
নামিবিয়া প্ৰজাতন্ত্ৰ
Thumb Thumb
নীতিবাক্য
"Unity, Liberty, Justice"
"একতা, স্বাধীনতা, সুবিচাৰ"
ৰাষ্ট্ৰীয় সঙ্গীত
Namibia, Land of the Brave
"নামিবিয়া, সাহসীৰ ভূমি"
Thumb
নামিবিয়া-ৰ অৱস্থান
ৰাজধানীউইণ্ডহোক
22°33′S 17°15′E
বৃহত্তম নগৰ ৰাজধানী
ৰাষ্ট্ৰভাষা (সমূহ) ইংৰাজী1
স্বীকৃত আঞ্চলিক ভাষাসমূহ আফ্ৰিকান্স, জাৰ্মান[1]
জাতীয়তাসূচক বিশেষণ নামিবিয়ান
চৰকাৰ প্ৰজাতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি Hifikepunye Pohamba
 -  প্ৰধানমন্ত্ৰী Nahas Angula
স্বাধীনতা দক্ষিণ আফ্ৰিকাৰ পৰা 
 -  তাৰিখ ২১ মাৰ্চ ১৯৯০ 
মাটিকালি
 -  মুঠ ৮,২৫,৪১৮ বৰ্গ কিমি (৩৪তম)
৩,১৮,৬৯৬ বৰ্গ মাইল 
 -  জলভাগ (%) negligible
জনসংখ্যা
 -  ২০০৯ আনুমানিক ২১,৭১,০০০'"`UNIQ--ref-০০০০০০০১-QINU`"' (১৪২তম)
 -  ২০০৮ লোকপিয়ল ২০,৮৮,৬৬৯ 
জিডিপি (পিপিপি) ২০০৯ আনুমানিক
 -  মুঠ $১৩.৭৬৪ বিলিয়ন[2] (১৩৬তম)
 -  জনমুৰি $৬,৬১০.৩৫[2] (১২৯তম)
জিডিপি (নামমাত্ৰ) ২০০৯ আনুমানিক
 -  মুঠ $৯.০৩৯ বিলিয়ন[2] 
 -  জনমুৰি $৪,৩৪১.৩৬[2] 
জিনি সহগ? (২০০৩) ৭০.৭[3] (উচ্চ) (১ম)
মানৱ উন্নয়ন সূচক (২০০৭) বৃদ্ধি ০.৬৫০ (মধ্যম) (১২৫তম)
মুদ্ৰা নামিবিয়ান ডলাৰ (NAD)
সময় অঞ্চল WAT (ইউটিচি+১)
 -  গ্ৰীষ্মকালীন (ডিএছটি) WAST (ইউটিচি+২)
গাড়ী চলোৱা হয় left
ইণ্টাৰনেট টিএলডি .na
কলিং ক'ড +২৬৪
বন্ধ কৰক

প্ৰশাসনিক অঞ্চলসমূহ

উইণ্ডহোক:-প্ৰশাসনিক কাৰ্য্যালয় আৰু ৰাজধানী।

ভূগোল

দক্ষিণ আফ্ৰিকাৰ দেশ নামিবিয়া। দেশখনৰ পশ্চিমত আটলাণ্টিক মহাসাগৰ, উত্তৰত জাম্বিয়া আৰু আংগলা, পূৱত বৎচোৱানা আৰু দক্ষিণ আৰু পূৱত দক্ষিণ আফ্ৰিকা।

জনসংখ্যা

দেশখনৰ জনসংখ্যা ২৪ লাখ। জনসংখ্যা বৃদ্ধিৰ হাৰ ১.৭ শতাংশ। উল্লেখযোগ্য জনগোষ্ঠী : ওভাম্বো (৪৯.৫%), কাভাঙ্গো (৯.২%), কলৰ্ড (৮%), হেৰেৰো (৭%), ডামাৰা (৭%), নামিবিয়ান শ্বেতাংগ (৭%)।

বহিঃসংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.