কপিৰাইট
© =এইটো হৈছে কপিৰাইট চিহ্ন / From Wikipedia, the free encyclopedia
কপিৰাইট (ইংৰাজী: copyright) এটা আইনী সংজ্ঞা। স্ৰষ্টাৰ নিজৰ সৃষ্টিৰ (যেনে, লেখা, সংগীত বা শিল্প-কলা), ছপা, প্ৰচাৰ, বিতৰণ, আৰু প্ৰদৰ্শন, সংৰক্ষণৰ ওপৰত স্ৰষ্টাৰ আৰু অকল স্ৰষ্টাৰ আইনী অধিকাৰ থাকে। এই আইনী অধিকাৰকে কপিৰাইট (স্বত্ব্ব) বোলা হয়।[1] এই আইনী অধিকাৰ অনুযায়ী স্ৰষ্টাই নিজৰ কৰ্মক কেনেকৈ কি চৰ্তত আনক ব্যৱহাৰ কৰিবলৈ দিব, তাৰ সম্পূৰ্ণ অধিকাৰ নিজেই বহন কৰে। সাধাৰণতে ৰচয়িতাৰ সমগ্ৰ জীৱনকাল আৰু তেখেতৰ মৃত্যুৰপৰা নিৰ্দিষ্ট এক কালৰ ভিতৰত ৰচয়িতাৰ নামত এই আইনী অধিকাৰ থাকে। দেশৰ আইন ব্যৱস্থাই কপিৰাইটৰ কাল আৰু অন্যান্য চৰ্ত নিৰ্ধাৰণ কৰে।
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
কপিৰাইট 'বৌদ্ধিক সম্পত্তিৰ অধিকাৰ'ৰ (Intellectual Property Right) অন্তৰ্গত। এই আইনৰ অধীনতে ট্ৰেডমাৰ্ক, পেটেণ্ট আদিও আছে। কিন্তু কপিৰাইটৰ ভিতৰতে মূলতে মূল কৰ্মৰ প্ৰতিলিপি কৰাৰ অধিকাৰক লোৱা হৈছে। সেয়ে ইয়াক 'প্ৰতিলিপি স্বত্ব'ও[2] বোলা হয়। কি কি কৰ্মক কপিৰাইট আইনৰ ভিতৰত ধৰা হ'ব সেইটো দেশৰ সংশ্লিষ্ট আইনত নিৰ্ধাৰণ কৰা হয়।