ভাৰতৰ সংবিধান
ভাৰতীয় প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ আইন / From Wikipedia, the free encyclopedia
ভাৰতৰ সংবিধান ভাৰতীয় প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ আইন। এই সংবিধানত চৰকাৰৰ গঠন, কাৰ্যপদ্ধতি, ক্ষমতা আৰু কৰ্তব্য নিৰ্দ্ধাৰণ; মৌলিক অধিকাৰ, ৰাষ্ট্ৰপৰিচালনাৰ নিৰ্দেশমূলক নীতি আৰু নাগৰিকসকলৰ কৰ্তব্য নিৰ্দ্ধাৰণ কৰা হৈছে।
এই প্ৰবন্ধটো নিম্নোক্ত প্ৰবন্ধৰ সৈতে জড়িত: | ||||
প্ৰস্তাৱনা
অংশসমূহ
তালিকা
পৰিশিষ্ট
সংশোধনী
| ||||
ভাৰতৰ ৰাজনীতি
|
দেশৰ মৌলিক ৰাজনৈতিক আদৰ্শৰ ৰূপৰেখাটি নিৰ্দিষ্ট কৰা হৈছে। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গণপৰিষদত গৃহীত হোৱাৰ পাছত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা এই সংবিধান কাৰ্যকৰী কৰা হয়।[1] উল্লেখ্য যে, ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ঐতিহাসিক স্বাধীনতা ঘোষণাৰ স্মৃতিতেই ২৬ জানুৱাৰী তাৰিখটোতে সংবিধান প্ৰবৰ্তনৰ বাবে গৃহীত কৰা হৈছিল। সংবিধানত ভাৰতীয় ৰাজ্যসংঘক এটা সাৰ্বভৌম, সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ ৰূপে ঘোষণা কৰা হৈছে; এই দেশৰ নাগৰিকসকলৰ বাবে ন্যায়বিচাৰ, সাম্য আৰু স্বাধীনতা সুনিশ্চিত কৰা হৈছে আৰু জাতীয় সংহতি ৰক্ষাৰ বাবে নাগৰিকসকলৰ পৰস্পৰৰ মাজত ভাতৃভাৱ জাগৰিত কৰি তোলাৰ বাবে অনুপ্ৰাণিত কৰা হৈছে। "সমাজতান্ত্ৰিক", "ধৰ্মনিৰপেক্ষ" , "সংহতি" , আৰু সকলো নাগৰিকৰ মাজত ভ্ৰাতৃভাৱ" – এই শব্দবোৰ ১৯৭৬ চনত সংবিধান সংশোধনীৰ মাধ্যমত সংবিধানৰ লগত সংযোগ কৰা হয়।[2] সংবিধান প্ৰবৰ্তনৰ স্মৃতিত ভাৰতীয়সকলে প্ৰতি বছৰৰ ২৬ জানুৱাৰী তাৰিখটো গণৰাজ্য দিৱস হিচাপে উদ্যাপন কৰে।[3] ভাৰতীয় সংবিধান বিশ্বৰ সাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ মাজত বৃহত্তম লিখিত সংবিধান[4]। এই সংবিধানত মুঠ ২৫টা অংশ ৪৭০টা ধাৰা আৰু ১২টা অনুসূচী আছে।[5] ভাৰতীয় সংবিধানৰ ইংৰাজী সংস্কৰণৰ মুঠ শব্দসংখ্যা ১১৭,৩৬৯ টা। এই সংবিধানখন প্ৰবৰ্তনৰ লগে লগে পূৰ্বপ্ৰচলিত ১৯৩৫ চনৰ ভাৰত শাসন আইনৰ অৱসান ঘটে। দেশৰ সৰ্বোচ্চ আইন হোৱাৰ বাবে, ভাৰত চৰকাৰ প্ৰবৰ্তিত প্ৰতিখন আইনক সংবিধান-অনুসৰিহে কৰা হয়। সংবিধানৰ খচৰা কমিটিৰ সভাপতি ড॰ ভীমৰাও ৰামজী আম্বেদকাৰ ভাৰতীয় সংবিধানৰ প্ৰধান হোতা আছিল।