কোষ বেৰ
From Wikipedia, the free encyclopedia
কোষ বেৰ (ইংৰাজী: Cell wall) বা কোষ প্ৰাচীৰ বুলিলে কোষৰ সেই অংশক বুজাই যি উদ্ভিদকোষৰ আটাইতকৈ বাহিৰৰ ফালে থাকে। কোষৰ কোষপ্ৰৰস যি কঠিন ছেলুল'জ নিৰ্মিত নিৰ্জীৱ আবৰণীৰ দ্বাৰা আবৃত হৈ থাকে তাকে কোষ বেৰ বা কোষ প্ৰাচীৰ বোলে। উদ্ভিদৰ উপৰিও শেলাই, ভেঁকুৰ আৰু বেক্টেৰিয়াৰো কোষ প্ৰাচীৰ আছে। ১৬৬৫ চনত বিজ্ঞানী ৰবাৰ্ট হুকৰ অণুবীক্ষণ যন্ত্ৰত যি কোষ দেখা গৈছিল, সেয়া প্ৰকৃততে কোষ বেৰ আছিল।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/9/9e/Plant_cell_wall_diagram-bn.svg/320px-Plant_cell_wall_diagram-bn.svg.png)