বিল গেট্ছ
আমেৰিকান পুঁজিপতি, ছফ্টৱেৰ নিৰ্মাতা, বিনিয়োগকাৰী আৰু মানৱমিত্ৰ / From Wikipedia, the free encyclopedia
উইলিয়াম হেনৰি গেট্ছ তৃতীয় (ইংৰাজী: William Henry Gates III; জন্ম ২৮ অক্টোবৰ, ১৯৫৫ চন) হৈছে এগৰাকী আমেৰিকান পুঁজিপতি, ছফ্টৱেৰ নিৰ্মাতা, বিনিয়োগকাৰী, আৰু সমাজহিতৈষী। মাইক্ৰ'ছফ্টৰ সহ-প্ৰতিষ্ঠাতা হিচাপে তেখেত জনাজাত।[2][3] মাইক্ৰ'ছফ্টত কৰ্মনিৰ্বাহ কৰি থকাৰ সময়ত তেখেত অধ্যক্ষ, মুখ্য কাৰ্যবাহী বিষয়া, সভাপতি, মুখ্য ছফ্টৱেৰ স্থপতিৰ পদত অধিষ্ঠিত হৈছিল। ১৯৭০-৮০ৰ সময়ছোৱাত ঘৰুৱা কম্পিউটাৰ (মাইক্ৰ'কম্পিউটাৰ) বিপ্লৱৰ তেখেত এগৰাকী প্ৰভাৱশালী উদোগী আৰু অগ্ৰণী ব্যক্তি।
বিল গেট্ছ | |
---|---|
জন্ম | উইলিয়াম হেনৰি গেট্ছ তৃতীয় ২৮ অক্টোবৰ, ১৯৫৫ (৬৮ বছৰ) ছিয়াটল, ৱাশ্বিংটন, আমেৰিকা |
পেচা | ছফ্টৱেৰ নিৰ্মাতা, বিনিয়োগকাৰী, উদ্যোগী, আৰু সমাজহিতৈষী |
সক্ৰিয় হৈ থকা সময় | ১৯৭৫–বৰ্তমানলৈকে |
জনা যায় | মাইক্ৰছ'ফ্টৰ অধ্যক্ষ, সহ-প্ৰতিষ্ঠাতা, মুখ্য কাৰ্যবাহী বিষয়া আৰু বৰ্তমান কাৰিকৰী উপদেষ্টা বিল এণ্ড মেলিণ্ডা গেটছ সংস্থাৰ সহ-অধ্যক্ষ আৰু সহ-প্ৰতিষ্ঠাপক, ব্ৰেণ্ডেড এণ্টাৰটেইনমেণ্ট নেটৱৰ্কৰ অধ্যক্ষ আৰু প্ৰতিষ্ঠাতা, টেৰাপাৱাৰৰ অধ্যক্ষ আৰু সহ-প্ৰতিষ্ঠাতা, কেছকেড ইনভেষ্টমেণ্টৰ অধ্যক্ষ আৰু প্ৰতিষ্ঠাতা, |
মুঠ আয় | US$105.6 billion (মে' ২০২০)[1] |
দাম্পত্যসঙ্গী | মেলিণ্ডা গেটছ; জানুৱাৰী ১, ১৯৯৪ |
সন্তান | ৩ |
স্বাক্ষৰ | |
ৱেবছাইট | |
gatesnotes.com |
ৱাশ্বিংটনৰ ছিয়াটলত জন্মগ্ৰহণ কৰা আৰু ডাঙৰ-দীঘল হোৱা বিল গেট্ছে তেওঁৰ বাল্যবন্ধু প'ল এলেনৰ লগলাগি ১৯৭৫ চনত, নিউ মেক্সিকোৰ আলবুকাৰ্কত মাইক্ৰছ'ফ্টৰ সহ-প্ৰতিষ্ঠা কৰে। পৰৱৰ্তী পৰ্যায়ত সেইটো পৃথিৱীৰ সৰ্ববৃহৎ ছফ্টৱেৰ কোম্পানী হিচাপ পৰিগণিত হয়।[4][lower-alpha 1] ২০০০ চনৰ জানুৱাৰীলৈকে বিল গেট্ছে কোম্পানীৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব পালন কৰে। তাৰপিছত তেখেতে মুখ্য কাৰ্যবাহী বিষয়াৰ পদ ত্যাগ কৰে, কিন্তু অধ্যক্ষ হিচাপে কৰ্মনিৰ্বাহ কৰি থাকে আৰু পাছলৈ মুখ্য ছফ্টৱেৰ স্থপতিৰ পদত বহে।[7] কুৰি শতিকাৰ অন্তিমটো দশকৰ শেষৰফালে গেট্ছক তেওঁক ব্যৱসায়িক কৌশলৰ বাবে সমালোচনা কৰা হয় আৰু সেইবোৰক অ-প্ৰতিযোগিতামূলক অনুশীলন আখ্যা দিয়া হয়। বহুকেইখন আদালতে এইটো ৰায়ক বাহাল ৰাখিছে।[8] ২০০৬ চনৰ জুন মাহত গেট্ছে ঘোষণা কৰে যে, তেওঁ মাইক্ৰ'ছফ্টত এগৰাকী অংশকালীন কৰ্মকৰ্তা হিচাপে দায়িত্বত থাকি "বিল আৰু মেলিণ্ডা গেট্ছ সংস্থা"ত পূৰ্ণকালীন ৰূপত সেৱা আগবঢ়াব; যিটো ব্যক্তিগত লোকহিতৈষী সংস্থা তেওঁ আৰু পত্নী মেলিণ্ডা গেট্ছে লগলাগি ২০০০ চনত প্ৰতিষ্ঠা কৰিছিল।[9]গেট্ছে পৰ্যায়ক্ৰমে নিজৰ দায়িত্বসমূহ ৰেয় ওজি আৰু ক্ৰেইগ মুণ্ডিলৈ স্থানান্তৰিত কৰি দিয়ে।[10] ২০১৪ চনৰ ফেব্ৰুৱাৰীত তেখেতে মাইক্ৰ'ছফ্টৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি লয়। তাৰ পৰিৱৰ্তে তেওঁ কাৰিকৰী উপদেষ্টা নামৰ পদ এটাত অধিষ্ঠিত হৈ নতুন মুখ্য কাৰ্যবাহী বিষয়া সত্য নাদেলাক সহযোগিতা আগবঢ়ায়।[11]
১৯৮৭ চনৰ পৰাই বিল গেট্ছক ফ'ৰ্বছ আলোচনীৰ পৃথিৱীৰ মহাধনাঢ্য ব্যক্তিৰ তালিকাত স্থান দি থকা হৈছে।[12][13] ১৯৯৫ চনৰ পৰা ২০১৭ চনলৈকে গেট্ছে সেইখন তালিকাত শীৰ্ষস্থান দখল কৰি আহিছে।[1] ২০১৭ চনৰ অক্টোবৰত এমাজন কোম্পানীৰ প্ৰতিষ্ঠাতা জেভ বেজোছে তেওঁক অতিকৰ্ম কৰি সেইখন তালিকাত শীৰ্ষস্থান দখল কৰে। বেজোছৰ সম্পত্তিৰ মূল্য আছিল ৯০.৬ বিলিয়ন আমেৰিকান ডলাৰ। আনহাতে গেট্ছৰ সেইসময়ত সম্পত্তি-মূল্য আছিল ৮৯.৯ বিলিয়ন আমেৰিকান ডলাৰ।[14] ২০১৯ চনৰ নৱেম্বৰ পৰ্যন্ত গেট্ছে ১০৭.১ বিলিয়ন আমেৰিকান ডলাৰেৰে সৈতে দ্বিতীয় ধনাঢ্য ব্যক্তিৰ স্থানত আছে। উল্লেখনীয় যে, জেফ বেজোছ আৰু বিল গেট্ছৰ মাজতেই প্ৰথম স্থানটোক লৈ আঘোষিত প্ৰতিদ্বন্দ্বিতা হৈ থাকে।[15]}}
কেৰিয়াৰৰ পৰৱৰ্তী কালছোৱাত গেট্ছে কিছুমান লোকহিতকৰ কৰ্মৰ লগত জড়িত হৈ পৰে। "বিল আৰু মেলিণ্ডা গেট্ছ সংস্থা"ৰ জৰিয়তে তেখেতে বহুতো লোকহিতৈষী সংস্থা আৰু বৈজ্ঞানিক গৱেষণা কাৰ্যসূচীলৈ বৃহৎ পৰিমাণৰ ধন বৰঙনি হিচাপে আগবঢ়ায়। তেওঁলোকৰ এই সংস্থাটো পৃথিৱীৰ সকলো ব্যক্তিগত খণ্ডৰ ভিতৰতে বৃহৎ লোকহিতৈষী সংস্থা।[16] ২০০৯ চনত গেট্ছ আৰু ৱাৰেন বাফেটে "দ্য গিভিং প্লেদজ্" প্ৰতিষ্ঠা কৰে। এই সংস্থাৰ জৰিয়তে তেওঁলোক আৰু তেওঁলোকৰ সমসাময়িক বিলিয়নাৰসকলে সম্পত্তিৰ কমেও অৰ্দ্ধাংশ ধন লোকহিতকৰ কামৰ বাবে আগবঢ়োৱাৰ সিদ্ধান্ত লয়।[17] এই সংস্থাটোৱে গোলকীয় স্বাস্থ্যৰ উত্তৰণৰ হেতু কাম কৰিছে। ৰটাৰী ইণ্টাৰনেছনেলৰ লগত কাম কৰি তেওঁলোকে পলিঅ' ৰোগ নিৰ্মূলকৰণৰ বাবে প্ৰচেষ্টা চলাই আছে।[18]