![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/f4/Gide_1893.jpg/640px-Gide_1893.jpg&w=640&q=50)
আণ্ড্ৰে পউল গুলেইম গিদ
From Wikipedia, the free encyclopedia
আণ্ড্ৰে পউল গুলেইম গিদ (ইংৰাজী: André Paul Guillaume Gide; ২২ নৱেম্বৰ, ১৮৬৯ – ১৯ ফেব্ৰুৱাৰী, ১৯৫১) এজন ফৰাচী সাহিত্যিক আছিল। ১৯৪৭ চনত তেওঁ সাহিত্যত ন'বেল বঁটা লাভ কৰে। লেখক জীৱনৰ আৰম্ভণিতে গিদ প্ৰতীকতাবাদী আন্দোলনৰ সৈতে জড়িত আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ মধ্যবৰ্তী সময়ত তেওঁ সাম্ৰাজ্যবাদবিৰোধী মতবাদৰ প্ৰবক্তা হৈ উঠে।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/f/f4/Gide_1893.jpg/640px-Gide_1893.jpg)
গিদ তেওঁৰ কথাসাহিত্য আৰু আত্মজীৱনীমূলক ৰচনাসমূহৰ বাবে সুপ্ৰসিদ্ধ। তেওঁ তেওঁৰ মুক্তচিন্তা আৰু সংকীৰ্ণ সামাজিক নৈতিকতাৰ পক্ষপাতীত্ব তেওঁৰ দুই বিপৰীতমুখী চৰিত্ৰক জনসমাজত তুলি ধৰে। গিদৰ ৰচনা সমূহৰ মাজত দেখা যায় স্বাধীনতাৰ অভ্যন্তৰীণ তদন্ত আৰু নৈতিকতা তথা শুদ্ধতাবাদীৰ ক্ষমতায়ণ। এইধৰণেই তেওঁ আগুৱাই যায় তেওঁৰ বৌদ্ধিক সততা লাভৰ উদ্দেশ্যত। তেওঁৰ আত্ম-উন্মোচনকাৰী ৰচনাসমূহ তেওঁৰে আত্মানুসন্ধান, নিজৰ যৌন প্ৰকৃতিৰ স্বৰূপ অনুসন্ধান কৰি কাৰো মূল্যবোধক আঘাত কৰা নাই। তেওঁৰ ৰাজনৈতিক ক্ৰিয়াকলাপো একেই প্ৰকৃতিৰ। কাৰণ, ১৯৯৩ চনত চোভিয়েত ৰাছিয়া ভ্ৰমণৰ সময়ত তেওঁ কমিউনিজমক অস্বীকাৰ কৰিছিল।