From Wikipedia, the free encyclopedia
ৱেব-চাৰ্ভাৰ -এ ইণ্টাৰনেটত তথ্য উপলব্ধ কৰে, এইচ টি এম এল আৰু আনুষংগিক প্ৰট'কলৰ জৰিয়তে। ই মেচিন বা প্ৰগ্ৰেম যিকোনো এটায়েই হ’ব পাৰে।
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ৱেবচাৰ্ভাৰ যদিও মূলত অকল ৱেবচাইট হ'ষ্ট কৰিবলৈহে ব্যৱহাৰ কৰা হয় তথপিও ইয়াক আন কিছুমান কামত যেনে তথ্য ভাণ্ডাৰ নাইবা এণ্টাৰপ্ৰাইজ এপ্লিকেচন (enterprise applications) জাতীয় চফ্টৱেৰ চলোৱাতো ব্যৱহাৰ কৰা হয়।
ৱেবচাৰ্ভাৰ এটাৰ প্ৰাথমিক কাম হৈছে ক্লায়েণ্ট কম্পিউটাৰ এটাৰ অনুৰোধ ক্ৰমে তালৈ ৱেবপেজৰ যোগান ধৰা। ইয়াৰ অৰ্থ হ'ল এইছ টি এম এল ডকুমেণ্টৰ বিস্তাৰ আৰু লগতে ফ'টো, ষ্টাইল ছিট(style sheets) আৰু স্ক্ৰিপ্ট(scripts) জাতীয় যিকোনো তথ্যৰ যোগান ধৰা।
এজন ক্লায়েণ্টে (যাৰ অৰ্থ সাধাৰণতে এটা ৱেব ব্ৰাইজাৰ বা ৱেব ক্ৰ'লাৰ) এইছ টি টি পিৰ (HTTP) সহায়ত বিশেষ সম্বল বিছাৰি এটা ৱেব চাৰ্ভাৰৰ লগত সম্বন্ধ স্থাপন কৰে আৰু চাৰ্ভাৰটোৱে সেই অনুৰোধ অনুসৰি সঁহাৰি দিয়ে নাইবা এটা অশুদ্ধ বাৰ্তা দিয়ে যদি একো উত্তৰ দিব নোৱাৰে। এই সম্বল হ'ল প্ৰতীকি অৰ্থত চাৰ্ভাৰটোৰ চেকেণ্ডেৰী মেম'ৰিত সংৰক্ষিত এটা সঁচা ফাইল।
অনুৰোধ অনুসৰি সম্বলৰ যোগান ধৰাই ইয়াৰ কাম যদিও এইছ টি টি পিৰ (HTTP) সম্পূৰ্ণ প্ৰয়োগৰ দ্বাৰা ক্লায়েণ্টৰ পৰাও তথ্য সংগ্ৰহৰ বিভিন্ন উপায় ইয়াৰ অন্তৰ্গত। ইয়াৰ ভিতৰত ৱেব ফৰ্ম ভৰ্তিকৰণ আৰু ফাইল আপলোড ও অন্যতম।
ৱেব চাৰ্ভাৰ সমূহ অকল ৱৰ্ল্ড ৱাইড ৱেবৰ (world wide web) সেৱাতে সদায় ব্যৱহাৰ নহয়। সিহঁতক কেতিয়বা আন কিছুমান সঁজুলি যেনে প্ৰিণ্টাৰ, ৰাউটাৰ, ৱেবকেম আদিৰ লগত সন্নিবিষ্ট হৈ এটা স্থানীয় বা সীমিত নেটৱ'ৰ্কত (local network) সেৱা আগবঢ়োৱা দেখা যায়।
১৯৮৯ চনত টিম বাৰ্নাৰ্ছ লীয়ে (Tim Berners-Lee) এটা প্ৰকল্পৰ ধাৰণা কৰে যাৰ লক্ষ্য আছিল হাইপাৰটেক্সট (hypertext) পদ্ধতি ব্যৱহাৰ কৰি বৈজ্ঞানিক সকলৰ মাজত তথ্যৰ আদান প্ৰদান প্ৰক্ৰিয়া সহজ কৰি তোলা। তাৰ বাবে লীয়ে ১৯৯০ চনত দুটা কম্পিউটাৰ প্ৰ'গ্ৰাম (program) লিখি উলিয়ায় :
* ৱৰ্ল্ড ৱাইড ৱেব নামৰ এটা ব্ৰাউজাৰ
* পৃথিৱীৰ প্ৰথমটো ৱেব চাৰ্ভাৰ, যি পিছত চাৰ্ন এইছ টি টি পি ডি (CERN httpd) বুলি জনাজাত হৈছিল আৰু যিটো নেক্সটষ্টেপত (NeXTSTEP) চলিছিলে।
১৯৯১ ৰ পৰা ১৯৯৪ ৰ ভিতৰত ৱৰ্ল্ড ৱাইড ৱেবত তথ্যৰ আদান প্ৰদান আৰু বিস্তাৰৰ বাবে ব্যৱহৃত পুৰ্বৰ প্ৰযুক্তিবিদ্যাসমূহৰ উন্নতকৰণৰ ফলত সেইবিলাকক বেলেগ বেলেগ অ'পাৰেটিং চিষ্টেমত ব্যৱহাৰ কৰিব পৰা হৈছিল আৰু বিভিন্ন ধৰণৰ সংস্থা সমূহৰ মাজত ব্যৱহৃত হবলৈ ধৰিছিল, যেনে প্ৰথমে বৈজ্ঞানিক প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয় সমূহত আৰু তাৰ পিছত লাহে লাহে উদ্যোগসমূহত।
ৱেব চাৰ্ভাৰ এটাই ইউনিফৰ্ম ৰিসৰ্চ ল'কেট'ৰ (Uniform Resource Locator or URL) এটাৰ সংযোগী পথৰ অনুবাদ কৰি দুটা বিষায়ৰ সৃষ্টি কৰে, যেনে :
ষ্টেটিক অনুৰোধ এটাৰ ক্ষেত্ৰত ক্লায়েণ্ট কম্পিউটাৰ এটাই নিৰ্ধাৰণ কৰা ইউ আৰ এল সংযোগী পথটো ৱেব চাৰ্ভাৰ এটাৰ ৰুট ডাইৰেক্ট'ৰীৰ সম্বন্ধীয় হয়।
উদাহৰণ স্বৰূপে তলৰ ইউ আৰ এলটো চোৱা যাওক, এইটো ক্লায়েণ্টৰ এটা অনুৰোধ:
http://www.example.com/path/file.html
তলত উল্লিখিত HTTP 1.1 অনুৰোধেৰে সেই ক্লায়েণ্টৰ ইউজাৰ এজেণ্টএ ইয়াক www.example.com ৰ সংযোগলৈ অনুবাদ কৰিব:
GET /path/file.html HTTP/1.1
Host: www.example.com
www.example.com ৰ ৱেব চাৰ্ভাৰে উক্ত সংযোগী পথক তাৰ ৰুট ডাইৰেক্ট'ৰীৰ শেষত জোৰা দিব। আপাচি চাৰ্ভাৰ (Apache server) এটাত সাধাৰণতে /home/www এনেকুৱা হয় আৰু ইউনিক্স (Unix)ত /var/www এনেকুৱা। ফলত উৎপন্ন হয় স্থানীয় ফাইল চিচ্ ষ্টেম
/home/www/path/file.html
তাৰ পিছত ৱেব চাৰ্ভাৰ টোৱে ফাইলটো পঢ়ে আৰু যদি বিছাৰি পায় তেন্তে ক্লায়েণ্টৰ ৱেব ব্ৰাউজাৰক সঁহাৰি জনায়। সঁহাৰি অনুসৰি অনুৰোধ কৰা পৃষ্টাৰ বৰ্ণনা আৰু পৃষ্ঠাটোৰ প্ৰদৰ্শন কৰা হয় বা পৃষ্ঠাটো উপলব্ধ নহয় বুলি বাৰ্তা দিয়া হয়।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.