ৱিকিপিডিয়া:Interface administrators
From Wikipedia, the free encyclopedia
ইণ্টাৰফেচ এডমিনিষ্ট্ৰেটৰ (ইংৰাজী: Interface administrators) বা ইণ্টাৰফেচ-এডমিনছ (interface-admins) সকল হৈছে সেইসকল সদস্য যিসকলে কেস্কাডিং ষ্টাইল ছীটছ্ (CSS), জাভাস্ক্ৰীপ্ত (JS), আৰু জাভাস্ক্ৰীপ্ত অৱজেক্ট নটেচন (JSON) পৃষ্ঠাসমূহ[1] আৰু মিডিয়াৱিকি নামস্থানৰ পৃষ্ঠাসমূহ সম্পাদনা কৰিব পাৰে। তেওঁলোকেই হৈছে CSS/JS পৃষ্ঠা সম্পাদনা কৰাৰ সক্ষমতা থকা একমাত্ৰ স্থানীয় সদস্য গোট।[2][3]
এই পৃষ্ঠাত অসমীয়া ৱিকিপিডিয়াৰ কেতবোৰ নীতি সন্নিৱিষ্ট কৰা হৈছে। সকলো সম্পাদকে এইবোৰ সাধাৰণতে মানি চলা উচিত। ইয়াত কৰা সালসলনিত ঐকমত্য প্ৰতিফলন হোৱা উচিত। |
|
সংক্ষেপে এই পৃষ্ঠাখন: ইণ্টাৰফেচ এডমিনিষ্ট্ৰেটৰসকল হৈছে CSS/JS/JSON পৃষ্ঠা, গেজেট, আৰু মিডিয়াৱিকি বাৰ্তা সম্পাদনা কৰাৰ সক্ষমতা থকা অতি বিশ্বাসযোগ্য সদস্যৰ গোট। |
ইণ্টাৰফেচ এডমিনিষ্ট্ৰেটৰৰ সম্পাদনাৰ অধিকাৰ দুস্কৃতি পৰায়ণ সদস্যৰ হাতত পৰিলে ই অতি বিপদজনক হ’ব পাৰে; গতিকে ইণ্টাৰফেচ এডমিনিষ্ট্ৰেটৰৰ অধিকাৰ লাভ কৰা সদস্যসকল সুৰক্ষাৰ ক্ষেত্ৰত সচেতন হোৱা অতি প্ৰয়োজন (যেনে, শক্তিশালী আৰু অনন্য গুপ্তশব্দ চয়ন কৰা আৰু মালৱেৰ সংক্ৰমণ এৰাই চলা)। WMF কাৰ্যালয়ে সকলো ইণ্টাৰফেচ এডমিনিষ্ট্ৰেটৰে দুই তৰপীয়া প্ৰমাণীকৰণ ব্যৱহাৰ কৰাতো বিচাৰে।[4]
বৰ্তমান অসমীয়া ৱিকিপিডিয়াৰ ২ জন ইণ্টাৰফেচ এডমিনিষ্ট্ৰেটৰ আছে। যদি আপুনি এই কামত সহায় কৰিব বিচাৰে, আপুনি ৱিকিপিডিয়াৰ ৰাইজৰ চ'ৰাত এটা অনুৰোধ প্ৰস্তাৱ কৰিব পাৰে। মন কৰিব যে ৱিকিপিডিয়াত গোলকীয় অধিকাৰ নীতিত কাম কৰা একে নামৰ এক গোলকীয় সদস্য গোটো আছে।