ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২১/ভাল প্ৰবন্ধ
From Wikipedia, the free encyclopedia
এগৰাকী নাৰী (ইংৰাজী: Woman) হৈছে এক প্ৰাপ্তবয়স্ক মানৱী। প্ৰাপ্তবয়স্ক হোৱাৰ আগতে, এগৰাকী নাৰীক ছোৱালী (কন্যা শিশু বা কিশোৰী) বুলি কোৱা হয়।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/5/50/Venus_symbol_%28heavy_pink%29.svg/170px-Venus_symbol_%28heavy_pink%29.svg.png)
সাধাৰণতে, এগৰাকী নাৰীৰ দুটা এক্স ক্ৰম'জম থাকে আৰু ইয়াৰ দ্বাৰা তেওঁ গৰ্ভধাৰণ কৰিবলৈ আৰু যৌৱনৰ পৰা ৰজোনিবৃত্তিলৈকে সন্তান জন্ম দিবলৈ সক্ষম। স্ত্ৰী প্ৰজনন তন্ত্ৰই নাৰীৰ শাৰীৰিক গঠনক পুৰুষৰ শৰীৰতন্ত্ৰৰ পৰা পৃথক কৰে ইয়াৰ ভিতৰত আছে ডিম্বাশয়, ফেলোপিয়ান নলী, জৰায়ু, যোনি, আৰু ভালভা। প্ৰাপ্তবয়স্ক নাৰীৰ শ্ৰোণী বহল, কঁকাল বহল, আৰু স্তনদ্বয় প্ৰাপ্তবয়স্ক পুৰুষতকৈ ডাঙৰ। মহিলাৰ মুখমণ্ডল আৰু শৰীৰৰ অন্যান্য অংশত লোমৰ পৰিমাণ যথেষ্ট কম, শৰীৰৰ চৰ্বিৰ গঠন অধিক, আৰু পুৰুষতকৈ গড়ে চাপৰ আৰু কম পেশীবহুল।
সমগ্ৰ মানৱ ইতিহাসত, পৰম্পৰাগত লিংগ ভূমিকাই প্ৰায়ে নাৰীৰ কাৰ্যকলাপ আৰু সুযোগবোৰক নিৰ্ধাৰণ কৰাৰ লগতে তাক সীমিত কৰি ৰাখিছে। বহুতো ধৰ্মীয় মতবাদত মহিলাসকলৰ বাবে কিছুমান নিয়ম নিৰ্ধাৰণ কৰা হৈছে। বহুতো সমাজত বিংশ শতিকাৰ সময়ছোৱাত প্ৰতিবন্ধকতা শিথিল হোৱাৰ লগতে মহিলাসকলে পৰম্পৰাগত গৃহিণীৰ বাহিৰেও কেৰিয়াৰৰ প্ৰৱেশাধিকাৰ লাভ কৰিছে, আৰু উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সামৰ্থ্য লাভ কৰিছে। মহিলাৰ বিৰুদ্ধে হিংসা(পৰিয়ালৰ ভিতৰত হওক বা সম্প্ৰদায়ত হওক)ৰ এক দীঘলীয়া ইতিহাস আছে আৰু এই হিংসা মুখ্যতঃ পুৰুষৰ দ্বাৰা সংঘটিত হৈ আহিছে।
ট্ৰান্স মহিলা সকলৰ জন্মৰ সময়ত পুৰুষ যৌনাংগ থাকে যি তেওঁলোকৰ লিংগ পৰিচয়ৰ সৈতে সংগতি নাৰাখে, আনহাতে আন্তঃযৌন মহিলাৰ এনে কিছুমান যৌন বৈশিষ্ট্য থাকিব পাৰে যি সমূহ নাৰী জীৱবিজ্ঞানৰ সাধাৰণ ধাৰণাৰ সৈতে খাপ নাখায়। ইয়াত বিতংকৈ পঢ়ক
যোৱা মাহৰ ভাল প্ৰবন্ধ গেম অফ থ্ৰোনছৰ বিষয়ে ইয়াত পঢ়ক