ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২১/ভাল প্ৰবন্ধ

From Wikipedia, the free encyclopedia

মায়া সভ্যতা (ইংৰাজী: Maya civilization) মায়া লোকসকলৰ দ্বাৰা বিকশিত এক প্ৰাচীন মেছো-আমেৰিকান সভ্যতা। এই সভ্যতা প্ৰাক-কলম্বিয়ান আমেৰিকাৰ আটাইতকৈ অত্যাধুনিক আৰু উচ্চ বিকশিত লিখন প্ৰণালী চিত্ৰশাব্দিক লিপিৰ লগতে ইয়াৰ কলা, স্থাপত্য, গণিত, দিনপঞ্জী তথা জ্যোতিৰ্বৈজ্ঞানিক প্ৰণালীৰ বাবে প্ৰখ্যাত। মায়া সভ্যতা বৰ্তমানৰ দক্ষিণ-পূব মেক্সিকো, সমগ্ৰ গুৱাটেমালা তথা বেলিজ, হণ্ডুৰাছ আৰু এল চালভাডৰৰ পশ্চিম প্ৰান্তত বিকশিত হৈছিল। য়ুকাটান উপদ্বীপৰ উত্তৰ নিম্নভূমি আৰু চিয়েৰা মাদ্ৰেৰ উচ্চভূমি, মেক্সিকান ৰাজ্য চিয়াপাচ, দক্ষিণ গুৱাটেমালা, এল চালভাডৰ আৰু প্ৰশান্ত মহাসাগৰীয় উপকূলীয় সমভূমিৰ দক্ষিণ নিম্নভূমিও এই সভ্যতাৰ অন্তৰ্ভুক্ত আছিল। মায়া হৈছে এক আধুনিক শব্দ আৰু এই শব্দটো এই অঞ্চলত বসবাস কৰা বিভিন্ন লোকক সামূহিকভাৱে বুজাবলৈ ব্যৱহাৰ কৰা হয়। এই সভ্যতাৰ আবাসীসকলে নিজকে "মায়া" বুলি পৰিচয় দিয়া নাছিল আৰু ই তেওঁলোকৰ সাধাৰণ বা ৰাজনৈতিক ঐক্যৰো পৰিচয় নাছিল। বৰ্তমান সময়ত তেওঁলোকৰ উত্তৰ পুৰুষসকলক সামূহিকভাৱে মায়া বুলি জনা যায় আৰু তেওঁলোকৰ সংখ্যা ৬০ লাখতকৈও অধিক। তেওঁলোকে বৰ্তমান বৰ্তি থকা ২৮টাতকৈও অধিক মায়া ভাষা কয় আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ দৰে প্ৰায় একে ঠাইতে বাস কৰে। ইয়াত বিতংকৈ পঢ়ক

Thumb
মায়া স্থাপত্যৰ নিদৰ্শন


যোৱা মাহৰ ভাল প্ৰবন্ধ নাৰীৰ বিষয়ে ইয়াত পঢ়ক

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.