ৱায়মিং
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্য / From Wikipedia, the free encyclopedia
ৱায়মিং (ইংৰাজী: Wyoming; i/waɪˈoʊmɪŋ/) আমেৰিকা যুক্তৰাষ্ট্ৰৰ পশ্চিমাঞ্চলৰ পৰ্বতীয় অঞ্চলত অৱস্থিত এখন অংগৰাজ্য। ১৮৯০ চনৰ ১০ জুলাই তাৰিখে ৱায়মিঙে ৪৪ সংখ্যক অংগৰাজ্য হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰত যোগদান কৰে।[5] বৰ্তমানে ষ্টেট অব ৱায়মিং, ইকুৱেলিটি ষ্টেট[5] আদি নামেৰে জনাজাত এই ৰাজ্যক যুক্তৰাষ্ট্ৰত যোগদানৰ পূৰ্বে ৱায়মিং টেৰিটটি নামেৰে জনা হৈছিল। ৱায়মিং মাটিকালিৰ ফালৰ পৰা দশম বৃহত্তম ৰাজ্য যদিও জনসংখ্যা আৰু জনঘনত্বৰ ফালৰ পৰা ৫০খন ৰাজ্যৰ ভিতৰত ক্ৰমে সৰ্বনিম্ন আৰু দ্বিতীয় সৰ্বনিম্ন ৰাজ্য। এই ৰাজ্যৰ পশ্চিমঅংশৰ তিনিভাগৰ দুভাগ পৰ্বতেৰে আবৰা। চেয়ান ইয়াৰ ৰাজধানীৰ লগতে সৰ্বাধিক জনসংখ্যাৰ চহৰ। চেয়ানৰ জনসংখ্যা প্ৰায় ৬০ হেজাৰ।
ক্ষিপ্ৰ তথ্য
State of Wyoming ষ্টেট অব ৱায়মিং | |||||
| |||||
অন্য নাম: ইকুৱেলিটি ষ্টেট (আধিকাৰিক); কাউবয় ষ্টেট; বিগ ৱায়মিং | |||||
নীতিবাক্য: Equal Rights (সম অধিকাৰ) | |||||
আধিকাৰিক ভাষা(সমূহ) | ইংৰাজী | ||||
জাতীয়তাসূচক বিশেষণ | ৱায়মিঙাইট | ||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | চেয়ান | ||||
বৃহত্তম মহানগৰ | চেয়ান মহানগৰীয় অঞ্চল | ||||
মাটিকালি | মাটিকালিৰ হিচাপত দশম স্থান | ||||
- মুঠ | 97,814 বৰ্গ মাইল (253,348 বৰ্গ কিমি) | ||||
- প্ৰস্থ | 280 মাইল (450 কিমি) | ||||
- দৈৰ্ঘ্য | 360 মাইল (581 কিমি) | ||||
- জলভাগ (%) | 0.7 | ||||
- অক্ষাংশ | 41° উত্তৰৰ পৰা 45° উত্তৰলৈ | ||||
- দ্ৰাঘিমাংশ | 104°3' পশ্চিমৰ পৰা 111°3' পশ্চিমলৈ | ||||
জনসংখ্যা | জনসংখ্যাৰ হিচাপত ৫০তম স্থান | ||||
- মুঠ | 568,158 (2011 অনুমাণিক)[1] | ||||
- জনঘনত্ব | 5.85/sq mi (2.26/km2) জনঘনত্বৰ হিচাপত ৪৯তম স্থান | ||||
উচ্চতা | |||||
- সৰ্বোচ্চতম স্থান | গেনেট শৃঙ্গ[2][3][4] 13,809 ফুট (4209.1 মি) | ||||
- গঢ় | 6,700 ফুট (2040 মি) | ||||
- সৰ্বনিম্নতম স্থান | বেলে ফউচা নদী, চাউথ ডাকোটা সীমাত[3][4] 3,101 ফুট (945 মি) | ||||
যুক্তৰাষ্ট্ৰত যোগদানৰ দিন | ১০ জুলাই, ১৮৯০ (৪৪তম) | ||||
বিধায়িকা | ৱায়মিং বিধায়িকা | ||||
- উচ্চ সদন | ৱায়মিং চিনেট | ||||
- নিম্ন সদন | ৱায়মিং হাউচ অব ৰিপ্ৰেজেনটেটিভ | ||||
সময় অঞ্চল | পৰ্বতীয়: UTC-7/-6 | ||||
সংক্ষিপ্তকৰণ | WY US-WY | ||||
ৱেবছাইট | wyoming | ||||
বন্ধ কৰক