![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/c/c6/One_Direction_at_the_Logies_Awards_2012.jpg/640px-One_Direction_at_the_Logies_Awards_2012.jpg&w=640&q=50)
ৱান ডাইৰেকশ্বন
From Wikipedia, the free encyclopedia
ৱান ডাইৰেকশ্বন (ইংৰাজী: One Direction) হৈছে ২০১০ চনত গঠিত হোৱা ল'ৰাৰ এটা ব্ৰিটিছ বেণ্ড। ইয়াৰ সদস্যসকল হৈছে: নিয়াল হ'ৰাণ, জাইন মালিক, লিয়াম পাইন, হেৰী ষ্টাইলছ আৰু লুইছ টমলিনছন। এই বেণ্ডটোৱে ব্ৰিটিছ সংস্কৰণৰ 'দা এক্স ফেক্টৰ'ৰ সপ্তমটো ছিৰিজত তৃতীয় স্থান দখল কৰিছিল। ইয়াৰ পিছতেই বেণ্ডটোৱে 'ছাইমন ক'ৱেল' (ইংৰাজী: Simon Cowell)ৰ ছাইক' মিউজিকৰ লগত চুক্তিবদ্ধ হয়। ইয়াৰ পিছতেই উত্তৰ আমেৰিকাৰ কলম্বিয়া ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ হয়।
ক্ষিপ্ৰ তথ্য ৱান ডাইৰেকশ্বন, প্ৰাথমিক তথ্য ...
ৱান ডাইৰেকশ্বন | |
---|---|
![]() ৱান ডাইৰেকশ্বন (২০১২) বাওঁফালৰ পৰা ক্ৰমে: নিয়াল হ'ৰাণ,লিয়াম পাইন,হেৰী ষ্টাইলছ , জাইন মালিক আৰু লুইছ টমলিনছন | |
প্ৰাথমিক তথ্য | |
মূল | লণ্ডন, ইংলেণ্ড |
সংগীতৰ প্ৰকাৰ | পপ, নৃত্য, ইলেকট্ৰনিক, ৰক |
কাৰ্যকাল | ২০১০-২০১৬ (অনিৰ্দিষ্ট কাললৈ বিৰতি) |
ৰেকৰ্ড লেবেল | ছাইক' মিউজিক, কল'ম্বিয়া ৰেকৰ্ডছ |
সহযোগী | ২০১০ বৰ্ষৰ 'দা এক্স ফেক্টৰ'ৰ চূড়ান্ত শাখাৰ প্ৰতিযোগী |
ৱেবছাইট | onedirectionmusic |
সদস্য | |
নোয়েল হ'ৰাণ (Niall Horan) জেন মালিক (Zayn Malik) লিয়াম পেইণ (Liam Payne) হেৰী ষ্টাইলছ (Harry Styles) লুই টমলিনশান ( Louis Tomlinson) |
বন্ধ কৰক
বেণ্ডটোৱে বৰ্তমানলৈকে এটা ব্ৰিট এৱাৰ্ড আৰু তিনিটাকৈ এম টি ভি ভিডিঅ' মিউজিক এৱাৰ্ডছ দখল কৰিছে। 'দা হাফিঙটন প'ষ্ট'-এ ২০১২ বৰ্ষটো "ৱান ডাইৰেকশ্বনৰ বৰ্ষ" বুলি উল্লেখ কৰিছে (The Year of One Direction)।[1]