ৱাই-ফাই
From Wikipedia, the free encyclopedia
ৱাই-ফাই (ইংৰাজী: WiFi) হ'ল ৱাই-ফাই এলায়েন্সৰ বাণিজ্য-চিহ্ন বা ট্ৰেডমাৰ্ক। আই ই ই ই ৮০২.১১ আদৰ্শ তাঁৰহীন স্থানীয় এলেকা নেটৱৰ্ক বা ৱাৰলেচ লোকেল এৰিয়া নেটৱৰ্ক (WLAN) ডিভাইচ ব্ৰেণ্ড কৰাৰ বাবে উৎপাদনকাৰী সকলে এই বাণিজ্যিক-চিহ্ন ব্যৱহাৰ কৰে। বৰ্তমানে সবাতোকৈ বেছি ব্যৱহৃত ডব্লিউ এল এ এন ক্লাছ হল আই ই ই ই ৮০২.১১। ৱাই-ফাই শব্দটি প্ৰায়ে আই ই ই ই ৮০২.১১ ৰ প্ৰতিশব্দ হিচাপে ব্যৱহৃত হয়।[1][2]
ৱাই-ফাই এলায়েন্স হল এটি বিশ্বব্যাপী প্ৰতিষ্ঠানৰ দল যিয়ে ডব্লিউ এল এ এন প্ৰযুক্তি বিস্তাৰ কৰে আৰু ইণ্টেৰ'পেৰাবিলিটিৰ আদৰ্শ সমন্বিত ডিভাইচক প্ৰত্যায়ন কৰে। ইণ্টেৰ'পেৰাবিলিটি হল তথ্য বিনিময় আৰু ব্যৱহাৰ কৰাৰ ক্ষমতা। সময়ৰ খৰচ কমাবলৈ সকলো ৮০২.১১-উপযোগী ডিভাইচক ৱাই-ফাই এলায়েন্স প্ৰত্যয়নৰ বাবে অনুমতি দিয়া নহয়।
সাধাৰণতে সকলো লেপটপ, পেৰিফেৰাল ডিভাইচ, প্ৰিণ্টাৰ, স্মাৰ্ট ফ'ন, এম পি থ্ৰী প্লেয়াৰ, ভিডিঅ' গেম কনচ'ল আৰু ব্যক্তিগত কম্পিউটাৰত ৱাই-ফাই ব্যৱহাৰ কৰা হয়।